ETV Bharat / entertainment

Michael Jackson: ১২ জনীয়া চিকিৎসকৰ দলেও ৰক্ষা কৰিব নোৱাৰিলে মাইকেল জেকচনৰ প্ৰাণ

author img

By

Published : Jun 25, 2023, 6:15 PM IST

যদি কেতিয়াবা বিশ্বৰ শ্ৰেষ্ঠ সংগীতজ্ঞৰ কথা উল্লেখ কৰা হয়, তেন্তে মাইকেল জেকচনৰ নাম সদায় শীৰ্ষত থাকিব । আজি তেওঁৰ মৃত্যু বাৰ্ষিকী ।

Michael Jackson Death Anniversary: Unknown Facts About The King of Pop
মাইকেল জেকচনৰ মৃত্যু বাৰ্ষিকী

চিটাৰা ডেস্ক, 25 জুন: পপ ষ্টাৰৰ ৰজা বুলি কোৱা মাইকেল জেকচনক ৷ যিয়ে নিজৰ গীত-বাদ্য আৰু নৃত্যৰ দ্বাৰা সমগ্ৰ বিশ্বতে এক সুকীয়া স্থান বনাবলৈ সক্ষম হৈছে ৷ মাইকেল জেকচন আছিল এনেকুৱা এজন তাৰকা, যাক আজিও পৃথিৱীৰ প্ৰতিটো কোণৰ মানুহে চিনি পায় । কিন্তু ২০০৯ চনৰ ২৫ জুনত লছ এঞ্জেলছত আজিৰ দিনটোতে এই পৃথিৱীৰ পৰা বিদায় লৈছিল মাইকেল জেকচনে । মাত্ৰ ৫০ বছৰ বয়সতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় তেখেতৰ । তেখেতৰ মৃত্যুৰ খবৰে সকলোকে স্তম্ভিত কৰি তুলিছিল । আজি তেখেতৰ মৃত্যু বাৰ্ষিকী উপলক্ষে তেখেতৰ জীৱনৰ লগত জড়িত কিছু কথা আপোনালোকক জনাম ৷

মাইকেল জেকচনৰ জন্ম হৈছিল ২৯ আগষ্টত আমেৰিকাৰ ইণ্ডিয়ানা ৰাজ্যৰ গেৰী চহৰত । সৰুৰে পৰা সংগীতৰ প্ৰতি আগ্ৰহী মাইকেলে ১৯৬৪ চনত ভাতৃৰ পপ গ্ৰুপত যোগদান কৰে । অৱশ্যে ১৯৮২ চনত তেওঁৰ ‘থ্ৰিলাৰ’ এলবাম মুকলি কৰি তেওঁ বিশ্বব্যাপী স্বীকৃতি লাভ কৰে । এই এলবামৰ পিচতে তেওঁৰ জনপ্ৰিয়তা বাঢ়িছিল আৰু তেওঁৰ শৈলী আৰু গীতক লৈ অনুৰাগী আপ্লুত হৈছিল ৷ বিশ্বৰ ভিতৰতে সৰ্বাধিক বিক্ৰী হোৱা এলবাম আছিল এয়া ।

মাইকেল জেকচনৰ মৃত্যু হৈছিল ৫০ বছৰ বয়সত ৷ কিন্তু আপুনি জানেনে, তেওঁ ১৫০ বছৰ জীয়াই থাকিব বিচাৰিছিল । ইয়াৰ বাবে তেওঁ ১২ গৰাকী ডাক্তৰৰ এটা দল ৰাখিছিল, যিসকল সদায় তেখেতৰ লগত আছিল । এই দলটোৱে নিয়মিতভাৱে তেখেতক পৰীক্ষা কৰিছিল ।

কেৱল এয়াই নহয়, পূৰ্বে অক্সিজেন বিচনাত শুইছিল আৰু মানুহক লগ পোৱাৰ পূৰ্বে মাস্ক আৰু গ্ল’ভছ পৰিধান কৰিছিল ৷ লগতে যোগাসন কৰিবলৈ ১৫ জনীয়া দল এটাও লগত ৰাখিছিল । কিন্তু ড্ৰাগছৰ অতিমাত্ৰা সেৱনৰ বাবেই মাইকেল জেকচনৰ মৃত্যু হোৱা বুলিও কোৱা হয় । মাইকেলে নিজকে ভাল দেখাবলৈও বহু অস্ত্ৰোপচাৰ কৰিছিল, ক’ৰবাত সেই অস্ত্ৰোপচাৰবোৰো তেওঁৰ মৃত্যুৰ কাৰণ বুলি ধাৰণা কৰা হয় ।

মাইকেল জেকচন হৈছে বিশ্বৰ সৰ্বাধিক বঁটা বিজয়ী শিল্পী । তেওঁৰ নামত ২৩ টা গিনিজ ৱৰ্ল্ড ৰেকৰ্ড আছে । একে সময়তে মাইকেল জেকচনৰ ব্যক্তিগত জীৱনৰ কথা ক’বলৈ গ’লে ১৯৯৪ চনত লিজা মেৰী প্ৰেছলীক বিয়া কৰাইছিল যদিও ১৯ মাহৰ পিচতহে দুয়োৰে বিবাহ বিচ্ছেদ হৈছিল ।

১৯৯৭ চনত তেখেতে দ্বিতীয়বাৰৰ বাবে নাৰ্ছ ডেবি ৰ’ৰ সৈতে বিবাহপাশত আবদ্ধ হয় । ইয়াৰ পিচত প্ৰিন্স মাইকেল আৰু পেৰিছ মাইকেল কেথেৰিন নামৰ দুটা সন্তানৰ পিতৃ হয় মাইকেল ৷ কিন্তু মাইকেলৰ এই বিবাহো টিকি নাথাকিল ৷ অৱশেষত ১৯৯৯ চনত দুয়োৰে বিবাহ বিচ্ছেদ হয় ৷

লগতে পঢ়ক: Kamal Haasan In Project K: প্ৰজেক্ট কেত কমল হাছানৰ প্ৰৱেশ, বহু বছৰ পিচত পুনৰ এবাৰ অমিতাভ বচ্চনৰ সৈতে দেখা যাব কমলক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.