ETV Bharat / entertainment

Manushi Chhillar : বলীউডত ফ্লপ হৈ টলিউডলৈ ঢাপলি মেলিছে মিছ ৱৰ্ল্ড মনুষী চিল্লাৰে

বলীউডত ফ্লপ হোৱা মিছ ৱৰ্ল্ড মনুষী চিল্লাৰক এইবাৰ দেখা যাব দক্ষিণৰ ছবিত (Manushi Chhillar) ৷ টলিউডৰ কোনজন অভিনেতাৰ সৈতে দেখা যাব মনুষী ? সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

author img

By

Published : Mar 3, 2023, 1:46 PM IST

Manushi Chhillar to Tollywood debut with Varun Tej starrer VT 13
মনুষী চিল্লাৰক এইবাৰ দেখা যাব দক্ষিণৰ ছবিত

চিটাৰা ডেস্ক, 3 মাৰ্চ: ২০১৭ চনৰ মিছ ৱৰ্ল্ড মনুষী চিল্লাৰে অক্ষয় কুমাৰৰ অভিনীত ছবি ‘সমৰাট পৃথ্বীৰাজ’ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল (Miss World Manushi Chhillar) ৷ কিন্তু এসপ্তাহৰ ভিতৰতে বক্স অফিচত ছবিখনে বেয়াকৈ মুখ থেকেচা খাবলগীয়া হয় ৷ বলীউডত ফ্লপ হোৱাৰ পিচতেই এইবাৰ মিছ ৱৰ্ল্ড মনুষী চিল্লাৰ ঢাপলি মেলিছে টলিউডলৈ । দক্ষিণৰ ছবি জগতত ভৰি দিয়া মনুষী চিল্লাৰৰ প্ৰথমখন ছবিৰ টিজাৰ ইতিমধ্যে মুকলি হৈছে । দক্ষিণৰ অভিনেতা বৰুণ তেজৰ সৈতে টলিউডত আত্মপ্ৰকাশ কৰিব মানুষীয়ে । চলচ্চিত্ৰ নিৰ্মাতা চ’নী পিকচাৰ্ছে ছবিখনৰ কথা ঘোষণা কৰি মুকলি কৰি ইয়াৰ এটা টিজাৰো মুকলি কৰিছে ।

ছবিখনৰ প্ৰযোজকে মুকলি কৰা টিজাৰত দেখা গৈছে বৰুণ তেজ আৰু মনুষী চিল্লাৰৰ আভাস । মনুষীক ছবিখনত এজন ৰাডাৰ অফিচাৰৰ গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব । এই ছবিখন হিন্দী আৰু তেলেগু ভাষাত মুক্তি লাভ কৰি । এই ছবিখনৰ শ্বুটিং ৩ মাৰ্চৰ পৰা অৰ্থাৎ আজিৰ পৰা আৰম্ভ হৈছে । ছবিখনত মুখ্য ভূমিকাত অভিনয় কৰিব বৰুণ তেজ আৰু মনুষীয়ে (Manushi Chhillar to Tollywood debut) ।

ছবিখনৰ বিষয়ে জানিব পৰা মতে বায়ুসেনাৰ একচনৰ প্ৰকৃত ঘটনাৰ আধাৰত নিৰ্মিত হ’ব । ছবিখন পূৰ্বেই ঘোষণা কৰা হৈছিল । এই ছবিখনত বৰুণ তেজক ভাৰতীয় বায়ুসেনাৰ পাইলটৰ চৰিত্ৰত দেখা যাব । শক্তি প্ৰতাপ সিঙে পৰিচালনা কৰিছে এই ছবিখন (Varun Tej starrer VT 13 )। ছবিখনৰ আংশিক শিৰোনাম হৈছে VT 13 (Manushi Chhillar new Film)।

ইয়াৰ পিচত প্ৰকাশ পাব ছবিখনৰ চূড়ান্ত শিৰোনাম । ছবিখনৰ প্ৰযোজনা কৰিব চ’নী পিকচাৰ্ছ ইণ্টাৰনেশ্যনেল প্ৰডাকচন আৰু ৰেনেছাঁ পিকচাৰ্ছৰে । ছবিখনৰ কাহিনী লিখিছে আমিৰ খান আৰু সিদ্ধাৰ্থ ৰাজকুমাৰে (Varun Tej new movie VT 13) ।

মনুষী চিল্লাৰৰ কাম

মিছ ৱৰ্ল্ডৰ খিতাপ জয় কৰাৰ পিছত ২০২২ চনত বলীউডত আত্মপ্ৰকাশ কৰিছিল মনুষীয়ে । মনুষীৰ প্ৰথম ছবিখন বিগ ফ্লপ ৰূপে পৰিগণিত হয় ৷ ইয়াৰ পিচত মনুষীয়ে কোনো ছবিত অভিনয় কৰা নাছিল । অৱশ্যে জন আব্ৰাহামৰ সৈতে ‘তেহৰাণ’ ছবিখনত দেখা যাব বুলি জানিব পৰা গৈছে । ইয়াৰ উপৰিও মনুশীয়ে হিন্দী ছবি দ্য গ্ৰেট ইণ্ডিয়ান ফেমিলিৰ শ্বুটিং সম্পূৰ্ণ কৰিছে । এই দুয়োখন ছবি চলিত বৰ্ষত মুক্তি পাব যদিও ইয়াৰ পূৰ্বে অভিনেত্ৰীগৰাকীয়ে দক্ষিণ চিনেমাতো ভৰি দিছে ।

লগতে পঢ়ক: Rajinikanth 170th Movie : জেলাৰ ছবিখন মুক্তিৰ পূৰ্বে ঘোষণা ৰজনীকান্তৰ ১৭০ সংখ্যক ছবিৰ নাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.