ETV Bharat / entertainment

Mangal Dhillon Passed Away: জন্মদিনৰ এসপ্তাহ পূৰ্বেই ইহলীলা ত্যাগ কৰিলে জনপ্ৰিয় অভিনেতা মংগল ধিলনে - Mangal Dhillon death news in assamese

জনপ্ৰিয় পাঞ্জাবী আৰু হিন্দী চলচ্চিত্ৰ অভিনেতা মংগল ধিলনৰ দেহাৱসান (Mangal Dhillon Died)। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগৰ সৈতে যুঁজি আছিল অভিনেতাগৰাকী ৷

Mangal Dhillon Passed Away yashpal sharma gave information on social media
মংগল ধিলন আৰু নাই
author img

By

Published : Jun 11, 2023, 1:01 PM IST

চিটাৰা ডেস্ক, 11 জুন: ছবি জগতৰ পৰা বিগত কিছুদিন ধৰি আহিছে ইটোৰ পিচত সিটোকৈ দুখবৰ ৷ এইবাৰ আহিছে আন এটা হৃদয়বিদাৰক খবৰ ৷ জনপ্ৰিয় পাঞ্জাবী আৰু হিন্দী চলচ্চিত্ৰ অভিনেতা তথা পৰিচালক মংগল ধিলনৰ দেহাৱসান । কৰ্কট ৰোগৰ সৈতে দীৰ্ঘদিন ধৰি যুঁজি আছিল অভিনেতাগৰাকী ৷ অৱশেষত চিৰদিনৰ বাবে এই পৃথিৱীৰ পৰা বিদায় লয় অভিনেতাগৰাকী (Mangal Dhillon dies of cancer) ।

জন্মদিনৰ এসপ্তাহ পূৰ্বেই শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে

তথ্য অনুসৰি, মংগল ধিলন দীৰ্ঘদিন ধৰি লুধিয়ানাৰ চিকিৎসালয়ত ভৰ্তি হৈ আছিল । তেওঁ কৰ্কট ৰোগত ভুগি আছিল আৰু অৱস্থা অতি সংকটজনক আছিল ৷ অৱশেষত দেওবাৰে চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি লয় অভিনেতাগৰাকীয়ে ৷ বলীউডৰ অভিনেতা যশপাল শৰ্মাই তেওঁৰ মৃত্যু নিশ্চিত কৰিছে । অভিনেতাগৰাকীয়ে নিজৰ ফেচবুক পোষ্টৰ জৰিয়তে কয় যে মংগল ধিলন এতিয়া আমাৰ মাজত আৰু নাই।

আটাইতকৈ দুখৰ বিষয়টো হ’ল যে ১৮ জুনত তেওঁৰ জন্মদিন আছিল (Actor director Mangal Dhillon passes away)৷ যদিও জন্মদিনৰ মাত্ৰ এসপ্তাহ পূৰ্বেই এই পৃথিৱীৰ পৰা চিৰদিনৰ বাবে বিদায় লয় অভিনেতাগৰাকীয়ে ।

উল্লেখ্য যে, পঞ্জাৱৰ ফৰিদকোট জিলাৰ শিখ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল মংগল ধিলনে । চৰকাৰী বিদ্যালয়ৰ পৰাই তেওঁ প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল । ইয়াৰ পিচত তেওঁ পিতৃৰ খেতিপথাৰৰ ওচৰত উত্তৰ প্ৰদেশলৈ স্থানান্তৰিত হয় । ইয়াৰ পিচত লখিমপুৰৰ পৰাই অভিনেতাগৰাকীয়ে অধিক পঢ়া-শুনা কৰে ।

টিভি শ্ব’ৰ পৰা মনোৰঞ্জন জগতলৈ

মংগল ধিলনে ১৯৮০ চনত অভিনয়ৰ স্নাতকোত্তৰ ডিপ্ল’মা পাঠ্যক্ৰম কৰিছিল । দিল্লীত প্ৰথমে তেওঁ থিয়েটাৰত কাম কৰিছিল । ইয়াৰ পিচত ১৯৮৬ চনত টিভি শ্ব’ ‘কথা সাগৰ’ৰ জৰিয়তে মনোৰঞ্জন জগতত আত্মপ্ৰকাশ কৰে । সেই বছৰতে তেওঁ দ্বিতীয়টো টিভি শ্ব’ ‘বুনিয়াদ’ লাভ কৰিছিল, য’ত তেওঁ উৎকৃষ্ট অভিনয় কৰিছিল (Buniyaad actor Mangal Dhillon passes away) ৷

ইয়াৰ উপৰিও জুনুন, কিছমত, দ্য গ্ৰেট মাৰাথা, পেন্থাৰ, চাহিল, মৌলানা আজাদ, মুজৰিম হাজিৰ, ৰিষ্ট, যুগ, নূৰ্জেহানকে ধৰি বহু শ্ব’ত অভিনয় কৰিছিল ।

টিভি শ্ব’ৰ উপৰিও এইসমূহ ছবিত কাম কৰিছে অভিনেতাগৰাকীয়ে

চলচ্চিত্ৰৰ উপৰিও মংগল ধিলনক বহু ছবিতো দেখা গৈছিল । খোণ ভৰী মাং, জখমী মহিলা, দয়াবন, কাহা হে কানুন, নাকা বান্দি, দলাল, জনশীনকে ধৰি বহু বৈশিষ্ট্যপূৰ্ণ ছবিত কাম কৰিছিল । ২০১৭ চনৰ ছবি টুফান সিঙত শেষবাৰৰ বাবে দেখা গৈছিল মংগল ধিলনক ।

লগতে পঢ়ক: Gufi Paintal Passes Away: চিকিৎসালয়ত জীৱন-মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে শকুনি মামাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.