ETV Bharat / entertainment

Leo Box Collection Day 6: থালাপথী বিজয়ৰ অভিনীত লিঅ’ই এই পৰ্যন্ত কিমান উপাৰ্জন কৰিলে জানি লওক

author img

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 5:24 PM IST

মুক্তিৰ লগে লগে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে লিঅ’ ছবিখনে । ছবিখনৰ মুক্তিৰ লগে লগে বহু হিন্দী চিনেমাৰ ব্যৱসায় বক্স অফিচত স্তব্ধ হৈ পৰিছে । জানি লওক এই পৰ্যন্ত ছবিখনে কিমান উপাৰ্জন কৰিছে ৷

Leo box office collection day 6: Thalapathy Vijay starrer inches close to Rs 250 cr mark in India, cruises towards Rs 450 cr globally
লিঅ’ বক্স অফিচ সংগ্ৰহ

চিটাৰা ডেস্ক, 24 অক্টোবৰ: মুক্তিৰ প্ৰথম দিনাৰ পৰাই বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে ‘লিঅ’ ছবিখনে ৷ ১৯ অক্টোবৰত মুক্তি পোৱা এই ছবিখনে ৬ দিনৰ ভিতৰত ২০০ কোটিৰো অধিক ধন সংগ্ৰহ কৰিছে । থালাপথী বিজয়ৰ অভিনীত ছবিখনে বিশ্বজুৰি ৪০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে । ছবিখনৰ সংকলনৰ পৰা ক’ব পাৰি যে দৰ্শকে ছবিখনক অতিশয় পছন্দ কৰিছে ।

সেকনিল্কৰ প্ৰতিবেদন অনুসৰি মুক্তিৰ পঞ্চম দিনাই ‘লিঅ’ই ৩৫.১৯ কোটি টকা উপাৰ্জন কৰিছিল । এতিয়া ইয়াৰ ষষ্ঠ দিনৰ সংগ্ৰহো প্ৰকাশ পাইছে । মঙলবাৰে ২৮ কোটি টকাৰ ব্যৱসায় কৰিব পাৰিব এই ছবিখনে । ছুটিৰ দিন নহ’লেও ছবিখনে বক্স অফিচত ভাল ধন সংগ্ৰহ কৰিছে । ইয়াৰ লগে লগে ছবিখনে এই পৰ্যন্ত মুঠ ২৪৪.৫৯ কোটি টকা উপাৰ্জন কৰিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

লিঅ’ৰ দিন ভিত্তিক সংকলন

প্ৰথম দিন- ৬৪.৮ কোটি টকা

দ্বিতীয় দিন- ৩৫.২৫ কোটি টকা

তৃতীয় দিন- ৩৯.৮ কোটি টকা

চতুৰ্থ দিন- ৪১.৫৫ কোটি টকা

পঞ্চম দিন- ৩৫.১৯ কোটি টকা

ষষ্ট দিন- ২৮.০০ কোটি টকা

মুঠ- ২৪৪.৫৯ কোটি টকা

হিন্দী ছবিকো পৰাস্ত কৰাৰ পথত লিঅ’

বিজয় থালাপথীৰ এই ছবিখন মুক্তিৰ লগে লগে বক্স অফিচত বহু হিন্দী ছবিক কঁপাই তুলিছে । ‘লিঅ’ৰ সন্মুখত স্তব্ধ হৈ পৰিছে আন ছবিৰ ব্যৱসায় । শ্বাহৰুখ খানৰ ‘জৱান’ৰ পৰা ‘ফুক্ৰে ৩’ আৰু আনকি টাইগাৰ শ্ৰফৰ সদ্য মুক্তি পোৱা ‘গণপত’ ছবিখনো ‘লিঅ’ৰ সন্মুখত বিফল হৈছে ।

কেফেৰ মালিকৰ কাহিনী দেখুওৱা হৈছে লিঅ’ ছবিখনত

লিঅ’ৰ কাহিনীৰ কথা ক’বলৈ গ’লে স্থানীয় নায়ক হৈ পৰা এজন শান্ত স্বভাৱৰ কেফেৰ মালিকৰ কাহিনী । ছবিখনত বিজয় থালাপথীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে বলীউডৰ অভিনেতা সঞ্জয় দত্তই খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছে । ইয়াৰ উপৰিও তৃষা কৃষ্ণন, গৌতম বাসুদেৱ মেনন, মিস্কিন, মনছুৰ আলী খান, জৰ্জ মেৰিন, প্ৰিয়া আনন্দ আৰু মেথিউ থমাছো ছবিখনৰ অংশ ।

লগতে পঢ়ক: National Cinema Day 2023: ৰাষ্ট্ৰীয় চিনেমা দিৱসত বৃহৎ অভিলেখ; ৬০ লাখৰো অধিক লোকে চালে এই ছবি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.