ETV Bharat / entertainment

Lata Mangeshkar birth anniversary: ভাৰতৰ নাইটিংগেলৰ চিৰসেউজ গীতসমূহ

লতা মংগেশকাৰৰ আজি 93 সংখ্যক জন্ম জয়ন্তী ৷ সমগ্ৰ দেশে আজি শ্ৰদ্ধাৰে সুঁৱৰিছে মহান শিল্পী গৰকীক (Lata Mangeshkar birth anniversary) ৷ জন্ম জয়ন্তী বিশেষ দিনটোত লতাজীৰ দীৰ্ঘদিনীয়া সুন্দৰ কেৰিয়াৰৰ সময়ছোৱাৰ তেওঁৰ আইকনিক গীত সমূহৰ দীঘলীয়া তালিকা খনৰ পৰা কিছুমান শ্ৰেষ্ঠ হিট গীত আজি আমি ৰোমন্থন কৰি আপোনালোকলৈ আগবঢ়াইছো-

Lata Mangeshkar
ভাৰতৰ নাইটিংগেল
author img

By

Published : Sep 28, 2022, 12:47 PM IST

চিটাৰা ডেস্ক, 28 ছেপ্টেম্বৰ : সংগীতে আত্মাক তৃপ্তি প্ৰদান কৰে । 1940 ৰ দশকৰ পৰা 2000 ৰ দশকলৈকে প্ৰবীণ কণ্ঠশিল্পী প্ৰয়াত লতা মংগেশকাৰৰ সৃষ্টিৰাজিত সেইসমূহ সংগীতে প্ৰাণ পাই উঠিছিল যি প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি আজিও সমানে জনপ্ৰিয় হৈ আহিছে ৷

ভাৰতীয় সংগীত জগতলৈ লতাজীয়ে তেওঁৰ অৱদানৰ ফলত ভাৰতীয় নাইটিংগেল, কুইন অৱ মেল’ডি, দ্য ভইচ অৱ ইণ্ডিয়া আদি সন্মানীয় উপাধি লাভ কৰিছিল । লতা মংগেশকাৰৰ 93 সংখ্যক জন্ম জয়ন্তীত (Lata Mangeshkar birth anniversary) মন প্ৰফুল্লতি কৰা কণ্ঠশিল্পী গৰাকীৰ কেইটামান চিৰসেউজ গীত আগবঢ়ালোঁ-

তলত তেওঁ কণ্ঠদান কৰা কিছুমান শ্ৰেষ্ঠ হিট গীত উল্লেখ কৰা হ’ল (Lata Mangeshkar iconic songs)-

* Aye Mere Watan Ke Logo: 1963 চনৰ 26 জানুৱাৰীত অনুষ্ঠিত গণৰাজ্য দিৱসৰ অনুষ্ঠানটিত 1962 চনত চীন-ভাৰত যুদ্ধৰ সময়ত মৃত্যু হোৱা ভাৰতীয় সৈন্যৰ স্মৃতিত কবি প্ৰদীপে ৰচনা কৰা আয়ে মেৰে ৱাতন কে ল'গ' শীৰ্ষক দেশপ্ৰেমমূলক গীতটিত কণ্ঠদান কৰিছিল লতা মংগেশকাৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

* Hothon Main Aisi Baat, Jewel Thief (1967): জুৱেল থিফ (1967) হৈছে বিজয় আনন্দৰ দ্বাৰা পৰিচালিত এখন স্পাই থ্ৰিলাৰ চলচ্চিত্ৰ, য'ত দেৱ আনন্দ, বৈজয়ন্তীমালা আৰু অশোক কুমাৰে অভিনয় কৰিছিল । 'হোথন মে এইচি বাত' গানটোত ভূপিন্দৰ সিং আৰু লতা মংগেশকাৰে যুটীয়াভাৱে পৰিৱেশন কৰিছিল ।

* Aaj Phir Jeene Ki Tamanna, Guide (1965): শৈলেন্দ্ৰৰ দ্বাৰা লিখা আৰু এছ.ডি. বৰ্মনে ৰচনা কৰা আজ ফিৰ জীনে কি তামান্না নামৰ গাইড ছবিখনৰ থীম গানটো লতা মংগেশকাৰে গাইছিল ।

* Piya Tose, Guide (1965): একেখন চিনেমাতে মংগেশকাৰে ‘পিয়া তোসে’ গীতটিও গাইছিল যিটো বলীউডত এতিয়ালৈকে প্ৰযোজনা কৰা অন্যতম ৰোমান্টিক গীত হিচাপে পৰিগণিত হৈছে ।

* Jiya Jale, Dil Se (1998): লতাজীয়ে মণি ৰত্নমৰ 1998 চনৰ ৰোমাণ্টিক থ্ৰিলাৰ ছবি দিল ছেৰ জিয়া জালে গীতটো পৰিৱেশন কৰিছিল ৷ এই ছবিখন ৰত্নমৰ দ্বাৰা লিখা আৰু পৰিচালনা কৰা হৈছিল আৰু ৰত্নম, ৰাম গোপাল বৰ্মা আৰু শেখৰ কাপুৰে প্ৰযোজনা কৰিছিল ।

* Kora Kagaz Tha Yeh Man Mera, Aradhana (1969): ৰাজেশ খান্না আৰু শৰ্মিলা ঠাকুৰৰ 1969 চনৰ ছবি আৰাধনাৰ ৰোমান্টিক গীত কোৰা কাগজ থা য়েহ মন মেৰাত সুন্দৰকৈ কণ্ঠদান কৰিছিল লতা মংগেশকাৰ আৰু কিশোৰ কুমাৰে ।

* Mera Saaya Saath Hoga, Mera Saaya: 1966 চনত সুনীল দত্ত আৰু সাধনা অভিনীত থ্ৰিলাৰ ছবি মেৰা ছায়াই বক্স অফিচত সফলতা লাভ কৰিছিল চিনেমাখনৰ ‘মেৰা সায়া সাথ হোগা’ গীতটোৰে ।

* Humko Humise Chura, Mohabbatein (2000): অমিতাভ বচ্চন আৰু শ্বাহৰুখ খান অভিনীত মোহব্বতেইনত মংগেশকাৰৰ এটা ৰোমান্টিক গীত আছিল ।

* Tujhe Dekha Toh Yeh Jana, Dilwale Dulhania Le Jayenge (1995): ডিডিএলজেয়ে 2021 চনত সম্পূৰ্ণ কৰে সফলতাৰ 25 বছৰ আৰু চলচ্চিত্ৰখনৰ স্মৰণীয় শীৰ্ষক ট্ৰেক তুঝে দেখা তো ইয়ে জানা গানটো কুমাৰ চানু আৰু লতা মংগেশকাৰে গাইছিল ।

* Kabhi Khushi Kabhie Gham, Kabhi Khushi Kabhie Gham (2001): কভী খুশী কভী গম চলচ্চিত্ৰখনৰ শীৰ্ষ গীতটো লতা মংগেশকাৰে পৰিৱেশন কৰিছিল । অমিতাভ বচ্চন, জয়া বচ্চন, হৃত্বিক ৰোশন, শ্বাহৰুখ খান, কাজল আৰু কৰীণা কাপুৰ খানে 2001 চনত মুক্তি লাভ কৰা ব্লকবাষ্টাৰ ছবিখনত অভিনয় কৰিছিল ।

লগতে পঢ়ক : চাওঁ আহক দেশৰ গণ্য়-মান্য ব্যক্তিসকলৰ সৈতে লতা মংগেশকাৰৰ কেইখনমান পুৰণা ফটো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.