ETV Bharat / entertainment

Adipurush : আদিপুৰুষক সমৰ্থন কৃতি সেননৰ মাতৃৰ, ব্যৱহাৰকাৰীয়ে ক’লে - প্ৰথমে আপোনাৰ ছোৱালীক শিকাওক

author img

By

Published : Jun 22, 2023, 8:14 PM IST

দক্ষিণৰ তাৰকা প্ৰভাস আৰু কৃতি সেননৰ অভিনীত ছবি আদিপুৰুষক লৈ অব্যাহত আছে বিতৰ্ক ৷ বিতৰ্কৰ মাজতে এতিয়া ছবিখনত সীতাৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী কৃতি সেননৰ মাতৃ গীতা সেননে ছবিখনৰ সমৰ্থনত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

Kriti Sanons mom Geeta Sanon comes out in her support amid Adipurush row Trolled
আদিপুৰুষক সমৰ্থন কৃতি ট্ৰল হ’ল সেননৰ মাতৃ

চিটাৰা ডেস্ক, 22 জুন: দক্ষিণৰ ছুপাৰষ্টাৰ প্ৰভাস আৰু কৃতি সেননৰ অভিনীত ছবি ‘আদিপুৰুষ’ক লৈ সমগ্ৰ দেশতে ক্ষোভৰ সৃষ্টি হৈছে । চৌদিশে ছবিখনক লৈ চলিছে সমালোচনা । ছবিখনৰ পৰিচালক ওম ৰাউট আৰু সংলাপ লেখক মনোজ মুন্টাশ্বিৰে এই ছবিখনৰ বাবে যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে ৷ মনোজে ছবিখনৰ বাবে লিখা অসংযত সংলাপৰ বাবে তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে ৷ আনকি ভাৰতত ‘আদিপুৰুষ’ ছবিখন নিষিদ্ধ কৰাৰো দাবী উত্থাপন হৈছে।

কেৱল ভাৰততেই নহয়, চুবুৰীয়া দেশ নেপালতো ছবিখনক লৈ সৃষ্টি হৈছে ক্ষোভৰ ৷ আনকি নেপালত এই ছবিখনৰ বাবেই বলীউডৰ সকলো ছবি নিষিদ্ধ কৰা হৈছে ৷ অৱশ্যে নেপালত এনে পৰিস্থিতি দেখি নেপাল চৰকাৰলৈ ক্ষমা প্ৰাৰ্থনা পত্ৰ প্ৰেৰণ কৰিছে আদিপুৰুষৰ নিৰ্মাতাসকলে ৷ মাতা সীতাক ভাৰতৰ কন্যা বুলি কোৱাৰ বাবেই নেপালত ক্ষোভৰ সৃষ্টি হৈছে । এতিয়া এই তীব্ৰ প্ৰতিবাদৰ মাজতে ছবিখনত সীতাৰ চৰিত্ৰত অভিনয় কৰা কৃতি সেননৰ মাতৃ গীতা সেননে ছবিখনক লৈ ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া ৷ উল্লেখ্য যে, কৃতি সেননক শেহতীয়াকৈ সমগ্ৰ পৰিয়ালসহ আদিপুৰুষ ছবিখনৰ প্ৰদৰ্শনত দেখা পোৱা গৈছিল ।

ভুলক নহয়, অনুভৱক বুজিব চেষ্টা কৰক

এই সন্দৰ্ভত কৃতি সেননৰ মাতৃ গীতা সেননে নিজৰ ইনষ্টাগ্ৰাম পেজত এটা পোষ্ট শ্বেয়াৰ কৰি সকলোকে বুজাবলৈ চেষ্টা কৰিছে ৷ কৃতি সেননৰ মাতৃ গীতা সেননে তেওঁৰ পোষ্টত লিখিছে, ‘জাকি ৰহি ভাৱনা জেচি, প্ৰভু মূৰ্তি দেখী তিন তৈচি, ইয়াৰ অৰ্থ হ’ল যদি আপুনি সুচিন্তা আৰু সুদৃষ্টিৰে দেখে তেন্তে বিশ্বব্ৰহ্মাণ্ডখন সুন্দৰ দেখা যাব, ভগৱান ৰামে আমাক শিকাইছে যে শ্বাবৰিৰ প্লামত তেওঁৰ প্ৰেম চাওক, মানুহৰ ভুলক নহয়, তেওঁৰ অনুভৱক বুজিব চেষ্টা কৰক, জয় শ্ৰী ৰাম।’

ইয়াৰ পিচতে সমালোচনাৰ সন্মুখীন হয় কৃতিৰ মাতৃ

একে সময়তে ছ’চিয়েল মিডিয়াত এই পোষ্টটোৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে কৃতি সেননৰ মাতৃও ৷ এজন ব্যৱহাৰকাৰীয়ে লিখিছে, এই হিন্দু বিৰোধী ছবিখনক অন্ধভাৱে সমৰ্থন নকৰিব, আপোনাৰ কন্যাক হিন্দু ধৰ্ম আৰু ইয়াৰ সংস্কৃতিৰ বিষয়ে শিকাওক ।’

এজন ব্যৱহাৰকাৰীয়ে লিখিছে, আপুনি এই ছবিখনক সমৰ্থন কৰিছে কাৰণ ইয়াত আপোনাৰ ছোৱালীক সীতাৰ ৰূপত দেখা পোৱা গৈছে আৰু আপুনি নিবিচাৰিব যে আপোনাৰ ছোৱালীৰ এই ৬০০ কোটি টকাৰ ছবিখন ফ্লপ হওক ।

এজনে লিখিছে, ‘আদিপুৰুষৰ দৰে ছবিৰ অংশ হোৱাটো কৃতি সেননৰ বাবে দুৰ্ভাগ্যজনক’।

লগতে পঢ়ক: Dipika Chikhlia: ৰামায়ণ মনোৰঞ্জনৰ বাবে নহয় ই আমাৰ সংস্কৃতি- ৰামায়ণৰ সীতা দীপিকা চিখলিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.