চিটাৰা ডেস্ক, ১৮ ছেপ্টেম্বৰ: দেওবাৰে কলকাতাৰ আদালতে বলীউডৰ অভিনেত্ৰী জাৰীণ খানৰ বিৰুদ্ধে জালিয়াতিৰ অভিযোগত গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে । ২০১৮ চনত তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ এটাত তদন্তকাৰী বিষয়াই অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে কলকাতাৰ শিয়ালদহ আদালতত চাৰ্চ শ্বীট দাখিল কৰিছিল । অৱশ্যে জাৰীণ খানে জামিনৰ বাবে আবেদন কৰা নাছিল, আনকি আদালতত হাজিৰো হোৱা নাছিল । বাৰে বাৰে আদালতত অনুপস্থিত থকাৰ বাবে আদালতে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ।
এতিয়া গ্ৰেপ্তাৰী পৰোৱানা সন্দৰ্ভত জাৰীণ খানে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ অভিনেত্ৰীগৰাকীয়ে শেহতীয়াকৈ সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰত কয় যে তেওঁৰ হাতত এই বিষয়ত কোনো তথ্য নাই। অভিনেত্ৰীগৰাকীয়ে ক’লে, "মই নিশ্চিত যে এইটোত কোনো সত্যসত্যতা নাই। মইও থতমত খাইছো আৰু মোৰ অতিবক্তাই বিষয়টোক লৈ তদন্ত কৰি আছে । তেতিয়াহে মই আপোনালোকক কিবা এটা ক’ব পাৰিম । অৱশ্যে ইয়াৰ মাজতে আপুনি মোৰ পি আৰৰ লগত কথা পাতিব পাৰিব ।"
২০১৮ চনত এজন আয়োজকে অভিযোগ দাখিল কৰিছিল
২০১৮ চনত কলকাতাত দুৰ্গা পূজা উদযাপনৰ সময়ত অনুষ্ঠান পৰিৱেশন কৰিবলগীয়া আছিল জাৰীণ খানে। অৱশ্যে আয়োজকসকলে অভিনেত্ৰীগৰাকীৰ আগমনৰ বাবে অপেক্ষা কৰি থাকিল কিন্তু অভিনেত্ৰীগৰাকী নগ’ল ৷ আৰক্ষীৰ পৰা জানিব পৰা মতে, আয়োজকে অভিনেতাগৰাকী আৰু তেওঁৰ মেনেজাৰৰ বিৰুদ্ধে জালিয়াতিৰ লিখিত অভিযোগ দাখিল কৰিছিল । দুয়োৰে বিৰুদ্ধে এফআইআৰ ৰুজু কৰি সোধা-পোছাৰ বাবে হাজিৰ হ’বলৈ কোৱা হৈছিল ।
আয়োজকগৰাকীয়ে জাৰীণক বিপথে পৰিচালিত কৰাৰ অভিযোগ জাৰীণৰ
সেই সময়ত জাৰীণে জেৰাৰ বাবে আহিছিল আৰু আয়োজকজনে জাৰীণক বিপথে পৰিচালিত কৰা বুলি দাবী উত্থাপন কৰিছিল জাৰীণে। লগতে পশ্চিমবংগৰ মুখ্যমন্ত্রীকে ধৰি বহু জ্যেষ্ঠ মন্ত্রীয়ে এই অনুষ্ঠানত উপস্থিত থাকিব বুলি আয়োজকে তেওঁক কোৱাৰ অভিযোগ উত্থাপন কৰে ৷ অৱশ্যে তেওঁৰ দলটোৱে পিচত গম পায় যে এয়া উত্তৰ কলকাতাৰ এক ক্ষুদ্ৰ অনুষ্ঠানহে । লগতে তেওঁ কয় যে বিমানৰ টিকট আৰু অন্যান্য থকাৰ ব্যৱস্থাৰ বিষয়ে একো কোৱা হোৱা নাছিল, সেয়াহে তেওঁ শ্ব’টো এৰিবলগীয়া হৈছিল ।
অভিনেত্ৰীগৰাকীয়ে আয়োজকৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰিছিল
আৰক্ষীৰ সূত্ৰই জনোৱা মতে, শ্ব’ৰ আয়োজকৰ বিৰুদ্ধেও স্থানীয় আদালতত গোচৰ ৰুজু কৰিছিল জাৰীণ খানে । তদন্তৰ অন্তত তেওঁ আৰু তেওঁৰ মেনেজাৰৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হয় । তেওঁৰ মেনেজাৰে আদালতত হাজিৰ হৈ জামিন বিচৰাৰ বিপৰীতে অভিনেতাজনে জামিন বিচৰা নাছিল আৰু আদালতত হাজিৰো হোৱা নাছিল ।
লগতে পঢ়ক: Jab We Met 2: পুনৰবাৰ শ্বাহিদ কাপুৰ আৰু কৰীনা কাপুৰৰ যুটিয়ে ডাঙৰ পৰ্দাত আলোড়নৰ সৃষ্টি কৰিব নেকি ?