ETV Bharat / entertainment

কফি উইথ কৰণ ৮ত কাজলক লৈ অজয় ক’লে এক ডাঙৰ কথা

KWK 8: কফি উইথ কৰণ ছিজন ৮ৰ পৰৱৰ্তী খণ্ডৰ প্ৰ’ম’ প্ৰকাশ পাইছে । এই প্ৰ’ম’ত অজয় দেৱগন আৰু ৰোহিত শ্বেট্টীক দেখা পোৱা গৈছে আৰু কৰণে দুয়োকে কিছু আমোদজনক প্ৰশ্ন সোধা পৰিলক্ষিত হয় ৷

author img

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 3:12 PM IST

Koffee With Karan 8 new promo: Ajay Devgn says Karan Johar was once his sworn enemy
কফি উইথ কৰণ ছিজন ৮

চিটাৰা ডেস্ক, ১৮ ডিচেম্বৰ: কৰণ জোহৰৰ জনপ্ৰিয় টক শ্ব’ Coffee With Karan 8 য়ে বৰ্তমান বাতৰিৰ শিৰোনাম দখল কৰিছে । এই পৰ্যন্ত বহু তাৰকাই এই শ্ব’টোত অংশগ্ৰহণ কৰিছে । এতিয়া কৰণৰ শ্ব’ৰ পৰৱৰ্তী খণ্ডৰ অতিথি হ’ব অজয় ​​দেৱগন আৰু ৰোহিত শ্বেট্টী । শ্ব’টোৰ শেহতীয়া প্ৰ’ম’ত মুকলি হৈছে, য’ত ‘কফী উইথ কৰণ ৮’ৰ পৰৱৰ্তী অতিথি হিচাপে দেখা গৈছে অজয় ​​দেৱগন আৰু ৰোহিত শ্বেট্টীক ।

ছ’চিয়েল মিডিয়াত প্ৰকাশিত প্ৰ’ম’টোত অজয় ​​দেৱগন আৰু ৰোহিত শ্বেট্টীয়ে কৰণ জোহৰৰ সৈতে আনন্দ কৰা দেখা গৈছে । প্ৰ’ম’ৰ আৰম্ভণিতে কৰণে ৰোহিত আৰু অজয়ক আদৰণি জনায় । ইয়াৰ পিচত দুয়ো কৰণৰ আইকনিক চোফাখনত বহে আৰু তাৰ পাচতে আৰম্ভ হয় কৰণৰ প্ৰশ্ন সোধাৰ প্ৰক্ৰিয়া ৷

কৰণৰ প্ৰশ্নবোৰৰ ধেমেলীয়া উত্তৰ দিলে অজয়ে

অজয়ক কৰণে প্ৰশ্ন কৰে - আপুনি পাৰ্টিলৈ কিয় নাযায় ? ইয়াৰ উত্তৰত অজয়ে কয়- কাৰণ মোক কোনেও পাৰ্টিলৈ নামাতে । ইয়াৰ পিচত কৰণে সোধে – পাপাৰাজীয়ে আপোনাক বিমানবন্দৰত ফটো তুলিবলৈ কিয় নাহে ? ইয়াৰ উত্তৰত অজয়ে কয় – কাৰণ মই তেওঁলোকক ফোন নকৰো ।

ইয়াৰ পিচত কৰণে অভিনেতাজনক প্ৰশ্ন কৰে - যদি কাজলে আপোনাৰ লগত হঠাৎ কথা পতা বন্ধ কৰি দিয়ে, তেন্তে তাৰ কাৰণ কি হ’ব । হাঁহি হাঁহি অজয়ে কয়, ‘‘মই সেই দিনলৈ অপেক্ষা কৰি আছো, যেতিয়া তেওঁ মোৰ লগত কথা পতা বন্ধ কৰি দিব । ইয়াৰ পিচত কৰণে অজয়ক সুধে - ইণ্ডাষ্ট্ৰীত আপোনাৰ কোনোবা শত্ৰু আছে নেকি । অজয়ে কয়- হয়, এসময়ত আপুনি আছিল ।

ইফালে প্ৰ’ম’ ভিডিঅ’টোত কৰণে ৰোহিতক প্ৰশ্ন কৰে যে অজয়ে সফলতাৰ প্ৰতি অতিমাত্ৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰে নেকি ? এই সন্দৰ্ভত ৰোহিতে কৈছে যে ছবিবোৰ হিট হওক বা ফ্লপ হওক, অজয়ে নিজৰ ভেনত আৰমত বহি থাকে । ইয়াৰ পিচত কৰণে নিজৰ ৰেপিড ফায়াৰ ৰাউণ্ডত অজয়ক কিছু আমোদজনক প্ৰশ্ন কৰে আৰু সেয়া জানিবলৈ আপুনি অপেক্ষা কৰিব লাগিব নতুন খণ্ডটো মুকলি হোৱালৈ ৷

লগতে পঢ়ক: অনন্যা পাণ্ডেৰ সৈতে সম্পৰ্কত আছে নেকি আদিত্য ৰয় কাপুৰ ? এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ অভিনেতাগৰাকীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.