ETV Bharat / entertainment

ৰণদ্বীপ-লিনৰ বিবাহ অভ্যৰ্থনা কেতিয়া হ’ব ? কোন কোন তাৰকা উপস্থিত থাকিব ?

author img

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 11:57 AM IST

Randeep Hooda-Lin Laishram Wedding Reception: ৰণদ্বীপ হুড্ডা আৰু লিন লাইশ্ৰমে মুম্বাইত বিবাহৰ অভ্যৰ্থনাৰ আয়োজন কৰিব । কেতিয়া এই নৱবিবাহিত দম্পতীৰ ৰিচেপচন পাৰ্টি হ’ব জানি লওক ।

Know about Randeep Hooda Lin Laishram Wedding Reception
ৰণদ্বীপ লিন লাইশ্ৰমৰ বিবাহ অভ্যৰ্থনা

চিটাৰা ডেস্ক, ৪ ডিচেম্বৰ: শেহতীয়াকৈ মণিপুৰৰ ইম্ফলত মেইটেই ৰীতি-নীতিৰে ৰণদ্বীপ হুড্ডাই প্ৰেমিকা লিন লাইশ্ৰমৰ সৈতে বিবাহপাশত আবদ্ধ হয় ৷ ২৯ নৱেম্বৰত ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ উপস্থিতিত পৰম্পৰাগত ৰীতি-নীতিৰে বিবাহপাশত আবদ্ধ হয় । তেতিয়াৰে পৰাই নৱবিবাহিত দম্পতীয়ে নিজৰ বিয়াৰ ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি আহিছে । একে সময়তে অনুৰাগীয়েও এই ছবিসমূহত যথেষ্ট মৰমৰ দিছে।

এতিয়া সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ডিচেম্বৰ মাহত ৰণদ্বীপ আৰু লিনে তাৰকাৰে ভৰা বিয়াৰ অভ্যৰ্থনা আয়োজন কৰিব । কোন দিনা নৱবিবাহিত দম্পতীয়ে তেওঁলোকৰ বিয়াৰ অভ্যৰ্থনাৰ আয়োজন কৰিব জানি লওক এই প্ৰতিবেদনত ।

মুম্বাইত ৰিচেপচন পাৰ্টিৰ আয়োজন কৰিব ৰণদ্বীপ-লিনে

সংবাদ মাধ্যমক শেহতীয়া প্ৰতিবেদন অনুসৰি, নৱবিবাহিত দম্পতী ৰণদ্বীপ হুড্ডা আৰু লিন লাইশ্ৰমে মুম্বাইত তাৰকাৰে ভৰা বিবাহ অভ্যৰ্থনাৰ আয়োজন কৰিব । প্ৰতিবেদন অনুসৰি, এই দম্পতীৰ ঘনিষ্ঠ সূত্ৰৰ পৰা তথ্য পোৱা গৈছে যে দুয়োগৰাকীয়ে ১১ ডিচেম্বৰত ৰিচেপচন পাৰ্টিৰ আয়োজন কৰিব । সূত্ৰটোৱে লগতে কয় যে ৰণদ্বীপ আৰু লিনৰ পৰিয়ালৰ সদস্যৰ উপৰিও তেওঁলোকৰ উদ্যোগৰ বন্ধুসকলেও বিয়াৰ অভ্যৰ্থনাত অংশগ্ৰহণ কৰিব । তেওঁলোকৰ বিয়াৰ দৰেই ৰণদ্বীপ আৰু লিনে তেওঁলোকৰ অভ্যৰ্থনাৰ বাবেও পৰম্পৰাগত জনগোষ্ঠীয় মণিপুৰী সাজ-পোছাক পৰিধান কৰাৰ সিদ্ধান্ত লোৱা বুলিও কয় সূত্ৰটোৱে । অৱশ্যে অভ্যৰ্থনাৰ স্থানৰ বিষয়ে এতিয়াও প্ৰকাশ কৰা হোৱা নাই ।

ৰণদ্বীপ-লিনৰ ৰিচেপচন পাৰ্টিত কোন কোন তাৰকা উপস্থিত থাকিব ?

মুম্বাইত ৰণদ্বীপ -লিনে আয়োজন কৰিব বিয়াৰ অভ্যৰ্থনা । এনে পৰিস্থিতিত সকলোৱে জানিব বিচাৰে যে এই দম্পতীৰ অতিথি তালিকাত কোন কোন চেলিব্ৰিটিৰ নাম থাকিব । যদিও অতিথিৰ তালিকাৰ বিষয়ে জানিব পৰা হোৱা নাই, তথাপিও ক’ব লাগিব যে ৰণদ্বীপে ছলমান খানৰ পৰা আৰম্ভ কৰি ঐশ্বৰ্য ৰায় আৰু প্ৰিয়ংকা চোপ্ৰালৈকে সকলোৰে সৈতে কাম কৰিছে । এনে পৰিস্থিতিত আশা কৰিব পাৰি যে বহু ডাঙৰ তাৰকাই ৰণদ্বীপ আৰু লিনৰ বিয়াৰ অভ্যৰ্থনাত উপস্থিত থাকিব পাৰিব ।

বিয়াৰ পিচৰ পাৰ্টিৰ ফটো শ্বেয়াৰ কৰিলে ৰণদ্বীপ-লিনে

বিয়াৰ পিচত ৰণদ্বীপ হুড্ডা আৰু তেওঁৰ ন কইনা লিন লাইশ্ৰমে মণিপুৰত বিয়াৰ পিচৰ পাৰ্টিৰ আয়োজন কৰে । নৱবিবাহিত দম্পতীয়ে ছ’চিয়েল মিডিয়াতো অনুৰাগীৰ সৈতে ইয়াৰ কিছু ফটো শ্বেয়াৰ কৰিছে । ফটোসমূহত পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰা দেখা গৈছে ৰণদ্বীপ আৰু লিনক । ৰণদ্বীপে সোণালী ৰঙৰ শ্বেৰৱানী পৰিধান কৰিছিল, আনহাতে লিন লাইশ্ৰমে হালধীয়া কাৰ্ল আউটফিটত পৰিধান কৰিছে ৷ য’ত দুয়োগৰাকীকে ধুনীয়া দেখা গৈছে ।

লগতে পঢ়ক: সোণৰ গহনাৰে ভৰপূৰ কইনা লিন, বগা ধুতি-কুৰ্তা পৰিহিত দৰা ৰণদ্বীপ, চাওক বিয়াৰ ফটো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.