ETV Bharat / entertainment

K K viral video: এয়াৰ কণ্ডিচনাৰ-কুলাৰ অবিহনে কনচাৰ্টত ভাগ লৈছিল কে কেই

author img

By

Published : Jun 1, 2022, 7:53 PM IST

সংগীতানুষ্ঠানত কে কে ঘামত জুৰুলি জুপুৰি হৈ পৰিছিল... গৰমৰ কাৰণে গায়কজনৰ অৱস্থা বেয়া হৈ গৈছিল ৷ তথাপিও তেওঁ নিৰন্তৰ গীত পৰিৱেশন কৰি আছিল । কৰ্মচাৰীসকলক তেওঁ এয়াৰ কণ্ডিচনাৰ আছে নেকি বুলিও সুধিছিল ! চাওক ভিডিঅ’টো-

KK viral video
সংগীতানুষ্ঠানত কে কে ঘামত জুৰুলি জুপুৰি হৈ পৰিছিল

চিটাৰা ডেস্ক, 1 জুন : ১১ টা ভাষাত গান গোৱা বিখ্যাত গায়ক কৃষ্ণকুমাৰ কুন্নাথ ওৰফে কে কেৰ মৃত্যুত সমগ্ৰ ভাৰতীয় সংগীত জগত, চলচ্চিত্ৰ জগত আৰু দেশবাসী হতবাক হৈ পৰিছে । কে কেৰ অনুৰাগীসকলে বিশ্বাস কৰিব পৰা নাই যে তেওঁলোকৰ প্ৰিয় গায়কজন এতিয়া আৰু এই পৃথিৱীত নাই । সেমেকা চকুৰে অনুৰাগীসকলে মাথো চাই ৰৈছে ভাইৰেল ভিডিঅ’ সমূহ (KK viral video)।

কে কেই কলকাতাৰ নজৰুল মঞ্চত এক সংগীতানুষ্ঠানত অনুৰাগীসকলৰ মাজত সম্পূৰ্ণ উৎসাহেৰে গান গাই আছিল । হঠাতে অস্বস্তি অনুভৱ কৰাত মঞ্চৰ পৰা আঁতৰি আহিল সংগীত শিল্পীজন (KK latest news) ।

কনচাৰ্টৰ পৰা এতিয়া ছ'চিয়েল মিডিয়াত বহুতো ভিডিঅ’ ভাইৰেল হৈ পৰিছে ৷ এটা ভিডিঅ'ত গায়কজনক ঘামত তিতি থকা দেখা গৈছে । বাৰে বাৰে ৰুমালেৰে ঘাম মচিছে শিল্পীজনে ৷ ভিডিঅ'টোত কে কেই কৰ্মচাৰীসকলক সুধি থকাও দেখা গৈছে যে ইয়াত এয়াৰ কণ্ডিচনাৰ বা কুলাৰৰ কোনো ব্যৱস্থা নাই নেকি ? দৰাচলতে আকস্মিক গৰমৰ বাবে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু তেওঁ মঞ্চৰ পৰা আঁতৰি আহিছিল (KK death reason) ।

কে কেই বৰকৈ অস্বস্তি অনুভৱ কৰা দেখা গৈছিল । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, তেওঁৰ বুকুত বিষ হৈছিল । এইটোও কোৱা হৈছে যে কে কেৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ।

কে কেই চিকিৎসালয়ত উপস্থিত হোৱাৰ আগতেই মৃত্যুবৰণ কৰিছিল । ৫৩ বছৰ বয়সতে তেওঁৰ পত্নী আৰু দুই সন্তানক এৰি যোৱাটো সঁচাকৈয়ে হৃদয়বিদাৰক । কে কেৰ নাম কেতিয়াও কোনো বিতৰ্কত সোমোৱা নাছিল । তেওঁ ব্যক্তিগত জীৱনক সদায় লাইমলাইটৰ পৰা আঁতৰাই ৰাখিছিল । এটা সহজ-সৰল জীৱন যাপন কৰিছিল শিল্পীজনে ।

কে কেয়ে হিন্দী চলচ্চিত্ৰৰ নেপথ্য গায়ক কিশোৰ কুমাৰক তেওঁৰ অনুপ্ৰেৰণা হিচাপে গণ্য কৰিছিল । গানেৰে কেৰিয়াৰ আৰম্ভ কৰাৰ আগতে কে কেয়ে এজন বিক্ৰেতা হিচাপেও কাম কৰিছিল । কে কেৰ বলীউডত প্ৰথম গান 'তড়প তড়প' আজিও চুপাৰ হিট হৈ আছে (KK bollywood debut song)।

লগতে পঢ়ক: সংগীতানুষ্ঠানৰ সময়ত কে কেৰ লগত হৈছিল কি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.