চিটাৰা ডেস্ক, 14 ফেব্ৰুৱাৰী : বলীউডৰ বাৰ্বী ডল খ্যাত কেটৰিণা কাইফে নিজৰ বৈবাহিক জীৱন সুন্দৰকৈ উপভোগ কৰি আছে । 2021 চনত অভিনেতা বিকী কৌশলৰ সৈতে বিবাহপাশত আবদ্ধ হৈ কেটৰিণাই যুগ্ম জীৱনৰ আৰম্ভণি কৰে । কেটৰিণা আৰু বিকীৰ যুটি বলীউডৰ অন্যতম বিখ্যাত যুটি । কেটৰিণা-বিকীৰ প্ৰেমৰ বিষয়ে বলীউডত বহু চৰ্চা হৈছিল, কিন্তু তেওঁলোকে কেতিয়াও ৰাজহুৱাকৈ বিয়াৰ আগত মানি লোৱা নাছিল ৷ এতিয়া ভেলেণ্টাইন ডে’ উপলক্ষে কেটৰিণা কাইফ পুনৰ চৰ্চালৈ আহিছে ৷ কেটৰিণাই প্ৰকাশ কৰিছে কিছু চাঞ্চল্যকৰ তথা । আচলতে কেটৰিণাই নিজৰ বেষ্টফ্ৰেণ্ড টিভি শ্ব’ৰ আয়োজক মিনি মাথুৰ আৰু কৰিশ্মা কোহলীৰ সন্মুখত নিজৰ ব্যক্তিগত জীৱনৰ বহু কথা খোলাখুলিকৈ প্ৰকাশ কৰিছে (Katrina Kaif unknown facts) ।
কেটৰিণাই সংগীৰ ফোন চেক কৰিছিল
এই ভিডিঅ’টোত কেটৰিণাই মিনি মাথুৰ আৰু কৰিশ্মা কোহলীৰ সৈতে খুব ফূৰ্তি কৰা দেখা গৈছে ৷ কেটৰিণাক সম্পূৰ্ণ গ্লেমাৰাছ লুকত দেখা গৈছে ৷ এই চেট শ্ব’ত মিনি মাথুৰে যেতিয়া কেটৰিণাক সুধিলে যে, আপুনি কেতিয়াবা কাৰোবাৰ ফোন চেক কৰিছে নেকি, তেতিয়া কেটৰিণাই কয় যে তেওঁ কাৰোবাৰ ফোন চেক কৰিছিল । তাৰ পিছতেই মিনিয়ে কোৱা দেখা যায় যে বিকীয়ে সাৱধান হোৱাটো প্ৰয়োজন । কেটৰিণাই হাঁহি হাঁহি ক’লে, ‘‘মই কম বুদ্ধিমত্তাৰ সময়ত এই কামটো কৰিছিলোঁ, এতিয়া মই অধিক বুদ্ধিমান হৈ পৰিছো, এতিয়া মই আৰু কেতিয়াও এই কামটো নকৰো, কোনোবাই ফোনটো খুলি মোৰ সন্মুখত ৰাখিলেও মই ফোন চাবলৈ নাযাওঁ’’ ৷
- " class="align-text-top noRightClick twitterSection" data="
">
কেটৰিণাই আনকি এইটোও কয় যে এবাৰ কোনোবা এটা দীপাৱলী পাৰ্টীত তেওঁ ৰাজহুৱা বাথৰূমত সোমাই কান্দিছিল ৷
মদ্যপান কৰি প্ৰাক্তন প্ৰেমিকক ফোন কৰিছিল কেটৰিণাই ?
কেৱল এইয়াই নহয়, যেতিয়া কেটৰিণাক সোধা হৈছিল যে তেওঁ মদ খাই এক্সক ফোন কৰিছে নেকি, তেতিয়া কেটৰিণাই নিঃসংকোচে প্ৰকাশ কৰিলে যে হয় তেওঁ মদ খাই তেনে কাম কৰিছে (Katrina Kaif Revelation)। কেটৰিণাৰ এই উত্তৰৰ লগে লগে সকলোৰে মনলৈ এটা নামেই আহে, কেটৰিণাৰ প্ৰাক্তন প্ৰেমিক ৰণবীৰ কাপুৰ (Katrina Kaif ex bf)।
লগতে পঢ়ক : Short film Dustbin: ইণ্ডিয়ান স্ক্ৰীণ প্ৰজেক্টত অসমীয়া চুটি ছবি ডাষ্টবিনে আঁজুৰিলে কেইবাটাও সন্মান