চিটাৰা ডেস্ক, 28 ছেপ্টেম্বৰ: কেটৰিণা কাইফ বলীউডৰ অন্যতম শীৰ্ষ অভিনেত্ৰী । নিজৰ কঠোৰ পৰিশ্ৰম আৰু বলিষ্ঠ অভিনয়ৰে হিন্দী ছবি জগতত নিজৰ নাম উজলাই তুলিবলৈ সক্ষম হৈছে কেটৰিণাই । ২০০৩ চনত ‘বুম’ৰ সৈতে কেটৰিণাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল । যদিও ২০০৫ চনত মুক্তি পোৱা ডেভিদ ধাৱনৰ ৰোমান্টিক কমেডী ‘মেইনে প্যাৰ কিউ কিয়া ’ ছবিখনৰ পৰা হে প্ৰকৃত স্বীকৃতি লাভ কৰে ৷ তেতিয়াৰে পৰাই সফলতাৰ সোৱাদ ল’বলৈ আৰম্ভ কৰে অভিনেত্ৰীগৰাকীয়ে ৷ ইয়াৰ পিচত আৰু কেতিয়াও পিচলৈ ঘূৰি চাবলগীয়া নহ’ল কেটৰিণাই ৷ এই ছবিখনৰ পাচত অভিনেত্ৰীগৰাকীয়ে বহু হিট ছবি দৰ্শকক উপহাৰ দিছে । সময় কেনেকৈ পাৰ হয়, গমে পোৱা নাযায় ৷ তাৰেই এক উদাহৰণ হ’ল কেটৰিণা কাইফ ৷ সম্প্ৰতি অভিনেত্ৰীগৰাকীয়ে ২০ বছৰ সম্পূৰ্ণ কৰিলে বলীউডত । কেটৰিণাই উদ্যোগটোত দুটা দশক সম্পূৰ্ণ কৰাৰ বাবে তেওঁৰ স্বামী বিকি কৌশলে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ।
কেটৰিণা কাইফে উদ্যোগটোত ২০ বছৰ সম্পূৰ্ণ কৰাত কি ক’লে বিকিয়ে ?
শেহতীয়াকৈ বিকি কৌশলে সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰত কয় যে কেটৰিণা কাইফৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিচত সকলো সলনি হৈ গ’ল ৷ কেটে বলীউডত ২০ বছৰ সম্পূৰ্ণ কৰাৰ কথা সোধাত অভিনেতাগৰাকীয়ে কয়, ‘‘মই ভাবো যে ই অতি প্ৰেৰণাদায়ক । এতিয়া তেওঁক আৰু অধিক চিনি পোৱাটো সঁচাকৈয়ে প্ৰেৰণাদায়ক । এতিয়া মই তেওঁক এগৰাকী ব্যক্তি হিচাপে চিনি পাওঁ আৰু তেওঁ এজন প্ৰকৃত যুঁজাৰু ৷ তেওঁ আগবাঢ়ি যাওক ৷ তেওঁৰ পৰা মই বহুত শিকিছো ।”
বিকি কৌশলে কেটৰিণাক তাৰকা বুলি অভিহিত কৰিছে
কেটক তাৰকা আখ্যা দি অভিনেতাগৰাকীয়ে কয়, ‘মোৰ মানসিকতা বহুত বেলেগ । মই বেছি চিল টাইপৰ । মই কওঁ, ‘ৰিলাক্স, হৈ যোৱা ৷ কিন্তু তাই এগৰাকী যুঁজাৰুৰ দৰে । মই উপলব্ধি কৰিছো যে তাই কেনেকুৱা ব্যক্তি আৰু যোৱা ২০ বছৰত তাই নিজৰ বাবে যিখিনি অৰ্জন কৰিছে সেয়া অবিশ্বাস্য । তাই বেলেগ ঠাইৰ পৰা আহিছিল আৰু তাৰ পিছত ইয়াত থকাটো আৰু ইয়াৰ পৰিৱেশৰ লগতে নিজকে খাপ খুৱাই লোৱাটো অবিশ্বাস্য । তাই নিশ্চয় ষ্টাৰ ।”
কেটৰিণা কাইফৰ ৱৰ্কফ্ৰণ্ট
কেটৰিণা কাইফক শেষবাৰৰ বাবে ডাঙৰ পৰ্দাত দেখা গৈছিল ‘ফোন ভূত’ ছবিখনত । এতিয়া অতি সোনকালেই ছলমান খানৰ সৈতে ‘টাইগাৰ ৩’ত আৰু তাৰ পিচত অভিনেতা বিজয় সেতুুপথিৰ সৈতে থ্ৰিলাৰ ছবি ‘মেৰী ক্ৰীছমাছ’ত দেখা যাব ।
লগতে পঢ়ক: Shah Rukh Khan Dunki: কি আছে শ্বাহৰুখ খানৰ ছবি ডাংকিত ? মুক্তিৰ তাৰিখৰ পৰা কাহিনীলৈকে সকলো জানি লওক