চিটাৰা ডেস্ক, 31 মাৰ্চ: বলীউডৰ জাকতজিলিকা দম্পতী কেটৰিণা কাইফ আৰু বিকি কৌশলে তেওঁলোকৰ গ্ৰীষ্মকালীন বন্ধ উপভোগ কৰি আছে (Vicky Katrina holiday) । বৃহস্পতিবাৰে কেটৰিণা কাইফে নিজৰ ইন্ষ্টাগ্ৰামত দুয়োৰে ফটো আপলোড কৰে ৷ বিকীয়েও নিজৰ ইন্ষ্টা ষ্টোৰীত শ্বেয়াৰ কৰিলে ফটো ৷ অৱশ্যে এজনেও নজনালে তেওঁলোকৰ হ’লিডে ডেষ্টিনেছনৰ কথা !

দুয়োৰে নিবিড় মূহুৰ্তৰ এই ফটোবোৰে মতলীয়া কৰি তুলিছে অনুৰাগীক (Vicky Katrina latest pictures) ৷ হাজাৰ হাজাৰ লাইক কমেণ্টেৰে ভৰি পৰিছে কেটৰিণাৰ এই পোষ্ট ৷ বিয়াৰ পিছৰে পৰাই তেওঁলোকৰ হনিমুনৰ ফটো চাবলৈ আগ্ৰহী হৈ আছে অনুৰাগীসকল ৷

কেটৰিণাই আপলোড কৰা ফটো বোৰত বিকী কেটৰিণা দুয়োয়ে সাগৰৰ মাজত এখন বিলাসী নাঁওত প্ৰকৃতিৰ আনন্দ উপভোগ কৰি থকা দেখা গৈছে (Katrina Kaif latest instagram post) ৷ কেটৰিণা-বিকীয়ে বিগত বছৰৰ ৯ ডিচেম্বৰত ৰাজস্থানৰ চৱাই মাধোপুৰত বিবাহ পাশত আৱদ্ধ হৈছিল ।

বিয়াৰ পিছৰে পৰা দম্পতীহালে তেওঁলোকৰ কৰ্মস্থলী আৰু ঘৰৰ পৰা নিৰন্তৰ ফটো শ্বেয়াৰ কৰি আহিছে । ইয়াৰ পূৰ্বে দম্পতীহালৰ হোলী উদযাপনৰ ফটো দেখিবলৈ পোৱা গৈছিল ৷
কৰ্মক্ষেত্ৰৰ বিষয়ে ক'বলৈ গ'লে কেটৰিণাৰ হাতত 'মেৰী খ্ৰীষ্টমাছ', 'ফোন ভূত' আৰু 'জী লে জাৰা' শীৰ্ষক তিনিখনকৈ চলচ্চিত্ৰ আছে । আনহাতে বিকী কৌশলক তেওঁৰ পৰৱৰ্তী চলচ্চিত্ৰত চাৰা আলী খানৰ সৈতে দেখা যাব । 'গোবিন্দা নাম মেৰা' নামৰ আন এখন বোলছবিৰ কামো শীঘ্ৰেই আৰম্ভ কৰিব বিকীয়ে ৷