ETV Bharat / entertainment

সমূদ্ৰৰ মাজত বগা সাজেৰে বলীউডৰ এই স্বামী-স্ত্ৰীয়ে সকলোকে কৰিলে মোহাচ্ছন্ন

author img

By

Published : Jul 18, 2022, 9:11 PM IST

কেটৰিণা কাইফৰ জন্মদিন উদযাপনৰ বাবে মালদ্বীপলৈ গৈছিল বিকী-কেটৰিণা (Katrina Kaif birthday)। দুয়োৰে লগত তেওঁলোকৰ বন্ধুবৰ্গও উপস্থিত হৈছিলগৈ মালদ্বীপত ৷ এতিয়া এই মালদ্বীপ ভ্ৰমণৰ পৰা বিকী-কেটৰিণাৰ এখন ফটোৱে তোলপাৰ লগাইছে ইণ্টাৰনেটত ৷

Katrina kaif and vicky kaushal
সমূদ্ৰৰ মাজত বগা সাজেৰে বলীউডৰ এই স্বামী-স্ত্ৰীয়ে সকলোকে কৰিলে মোহাচ্ছন্ন

চিটাৰা ডেস্ক, 18 জুলাই : ১৬ জুলাইত কেটৰিণা কাইফৰ জন্মদিন উদযাপন কৰিবলৈ মালদ্বীপলৈ গৈছিল বিকী আৰু কেটৰিণা । বিকী কেটৰিণাৰ বন্ধুবৰ্গও উপস্থিত হৈছিলগৈ মালদ্বীপত (Katrina Kaif birthday) ৷ দুই তাৰকাই বন্ধু-বান্ধৱীৰ সৈতে মিলি বাৰুকৈয়ে উপভোগ কৰিলে সময়খিনি ৷ তেওঁলোকে এই ভ্ৰমণৰ ফটো আৰু ভিডিঅ’ নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰিছে ৷ সেই ফটোসমূহৰ মাজত এখন ফটোৱে সামাজিক মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে ৷

ফটোখনত সমূদ্ৰৰ মাজত সম্পূৰ্ণ বগা সাজ পিন্ধি থকা বিকী কেটৰিণাক ৰোমাণ্টিক মুডত দেখিবলৈ পোৱা গৈছে ৷ অনুৰাগীসকলে এই ফটোখন সাংঘাতিক ধৰণে পছন্দ কৰিছে ৷ ছ’চিয়েল মিডিয়াত খুব ভাইৰেল হৈছে এই ফটোখন ৷ কেটৰিণাই নিজৰ ইনষ্টাগ্ৰামত ৱাটাৰ স্লাইডৰ এটা সুন্দৰ ভিডিঅ’ও শ্বেয়াৰ কৰিছে (Katrina Kaif instagram) ৷

বিয়াৰ পিছত কেটৰিণাৰ এইয়া প্ৰথমটো জন্মদিন ৷ সেয়েহে জন্মদিনটো সম্পূৰ্ণ স্মৰণীয় আৰু বিশেষ কৰি তোলাত ব্যস্ত স্বামী বিকী কৌশল ৷ সাগৰৰ মাজৰ ছবিখনৰ কথা ক’বলৈ গ’লে ইয়াত VicKat ৰ কেমেষ্ট্ৰীয়ে সকলোৰে মন মুহিছে ৷ বিশুদ্ধ বগা সাজত জিলিকি ৰৈছে দুই জনপ্ৰিয় তাৰকা ৷

দম্পতীহালৰ ৱৰ্কফ্ৰন্টৰ বিষয়ে ক’বলৈ গ’লে কেটৰিণা কাইফৰ হাতত আছে ‘টাইগাৰ ৩’, ‘জী লে জাৰা’ আৰু ‘মেৰী খ্ৰীষ্টমাছ’ৰ দৰে বিগবাজেটৰ ছবি (Katrina Kaif upcoming films) । আনহাতে, ‘গোবিন্দ নাম মেৰা ’, বৰ্তমানলৈকে নাম ঠিক নোহোৱা পৰিচালক লক্ষ্মণ উটেকাৰৰ এখন ছবি আৰু ‘তখ্ত’ ত দেখিবলৈ পোৱা যাব বিকী কৌশলক (Vicky Kaushal upcoming films) ।

লগতে পঢ়ক : HBD Priyanka Chopra: দেশী গাৰ্ল প্ৰিয়ংকা চোপ্ৰাৰ উল্লেখযোগ্য় কেইটামান ফেশ্বন ম’মেণ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.