ETV Bharat / entertainment

Karishma Kapoor Birthday: ৯০ৰ দশকৰ পৰা বলীউডত শাসন কৰা অভিনেত্ৰী কৰিশ্মাৰ বিষয়ে জানো আহক

আজি বলীউডৰ সুন্দৰী অভিনেত্ৰী কৰিশ্মা কাপুৰৰ জন্মদিন ৷ অভিনেত্ৰীগৰাকীৰ জন্মদিনত জানো আহক তেওঁৰ বিষয়ে কিছু নজনা কথা ৷

Karishma Kapoor Birthday: Unknown facts about the 90s star Karishma Kapoor who ruled every heart
কৰিশ্মা কাপুৰৰ জন্মদিন
author img

By

Published : Jun 25, 2023, 1:31 PM IST

চিটাৰা ডেস্ক, 25 জুন: ১৯৭৪ চনৰ ২৫ জুনত কাপুৰ পৰিয়ালত জন্মগ্ৰহণ কৰা এইগৰাকী অভিনেত্ৰীয়ে পৰিয়ালটোৰ বিৰুদ্ধে বিদ্ৰোহ কৰি কেৱল নিজৰ সপোনক উৰণ দিয়াই নহয়, সপোন বাস্তৱায়িত কৰিব বুলিও কোনেও ভবা নাছিল । আচলতে আমি ক’ব লৈছো কৰিশ্মা কাপুৰৰ কথা । ছবি জগতখনত নিঃসন্দেহে কৰিশ্মাৰ উৎকৃষ্ট অভিনয়ে দৰ্শকক মোহিত কৰিছিল, কিন্তু ব্যক্তিগত জীৱনৰ বাবেও যথেষ্ট চৰ্চাত আছিল অভিনেত্ৰীগৰাকী ৷ আজি জন্মদিনৰ এই বিশেষ ক্ষণত জানো আহক কৰিশ্মাৰ প্ৰেম জীৱনৰ কথা ।

অজয়ৰ সৈতে প্ৰথম বাৰ নাম সাঙোৰ খাইছিল কৰিশ্মাৰ

কৰিশ্মা কাপুৰৰ জীৱনত প্ৰথম প্ৰৱেশ আছিল অজয় দেৱগনৰ । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি জিগাৰ ছবিখনৰ শ্বুটিং কৰাৰ সময়ত দুয়োগৰাকীৰ ঘনিষ্ঠতাৰ খবৰ পোৱা গৈছিল । দুয়ো প্ৰেমত পৰা বুলি যথেষ্ট চৰ্চা চলিছিল কিন্তু কিছু সময় পিচত দুয়োৰে বাট পৃথক হৈ পৰে ।

গোবিন্দৰ সৈতেও নাম সাঙোৰ খাইছিল কৰিশ্মাৰ

কৰিশ্মা আৰু গোবিন্দৰ যুটিয়ে বহু ছবিত অভিনয় কৰিছিল । এই যুটিটো কেৱল ছুপাৰ হিট হোৱাই নহয়, অনুৰাগীসকলেও ভাল পাবলৈ আৰম্ভ কৰিছিল এই যুটিটোক । সেয়েহে, দুয়োৰে প্ৰেমৰ খবৰো সেই সময়ত বিয়পি পৰিছিল ৷ কিন্তু এনে পৰিস্থিতিত কৰিশ্মা কাপুৰ আৰু গোবিন্দই ইগৰাকীয়ে সিগৰাকীৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লয় ।

এই তালিকাত ছলমান খানৰো নামো সন্নিবিষ্ট আছে

বলীউডৰ ভাইজান ছলমান খানে যিখন ছবিত অভিনয় কৰে, সেইখনৰ ছবিৰ অভিনেত্ৰীৰ লগতে তেওঁৰ নাম সাঙোৰ খায় ৷ কৰিশ্মা কাপুৰৰ ক্ষেত্ৰতো একেই হ’ল ৷ কৰিশ্মাৰ লগত ছবি কৰা পিচত ছলমান আৰু কৰিশ্মাৰ সম্পৰ্কৰ বিষয়ে জল্পনা-কল্পনা আৰম্ভ হয় । অৱশ্যে এই বিষয়ত দুয়োগৰাকীয়ে কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৷

অভিষেকৰ সৈতে এংগেজমেণ্ট

অভিষেক বচ্চন আৰু কৰিশ্মাৰ বিষয়ে যথেষ্ট চৰ্চা হৈছিল ৷ দুয়োগৰাকীৰে ইগৰাকীয়ে সিগৰাকীৰ প্ৰতি আছিল অপাৰ প্ৰেম, যাৰ বাবে দুয়ো বিয়া হোৱাৰো সিদ্ধান্ত লৈছিল ৷ আৰম্ভ হৈছিল দুয়োৰে বিবাহৰ প্ৰস্তুতিও । আনকি আঙঠি পিন্ধোৱা পৰ্বও সম্পূৰ্ণ হৈছিল ৷ কিন্তু নিয়তিয়ে হয়তো অন্য কিবা এটা হে লিখি ৰাখিছিল ৷ যাৰ বাবে আঙঠি পিন্ধোৱা পৰ্বৰ পিচতো বিবাহ নহ’ল দুয়োৰে ৷

বিবাহপাশত আৱদ্ধ হৈয়ো অকলশৰীয়া কৰিশ্মা

চলচ্চিত্ৰ জগতৰ বহু তাৰকাৰ সৈতে নাম সাঙোৰ খোৱাৰ পিচত কৰিশ্মা কাপুৰে ব্যৱসায়ী সঞ্জয় কাপুৰক জীৱন সংগী হিচাপে বাছি লৈছিল । ২০০৩ চনৰ ভিতৰত দুয়োৰে বিবাহ হয়, তাৰ পিচত দুটা সন্তানৰ (এজন পুত্ৰ আৰু এগৰাকী কন্যা) মাতৃ হয় কৰিশ্মা । অৱশ্যে ২০১৬ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয় ।

লগতে পঢ়ক: Sumona Chakravarti Birthday: ধূমপানৰ বাবে ব্যাপক সমালোচনাৰ সন্মুখীন হৈছিল সুমনা, পিচত কেনেকৈ এৰিলে ধূমপান ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.