চিটাৰা ডেস্ক, 12 ছেপ্টেম্বৰ: বলীউডৰ বেবো অৰ্থাৎ কৰীণা কাপুৰ খান তেওঁৰ আগন্তুক ছবি ‘জানে জান’ৰ বাবে চৰ্চাত আছে । নেটফ্লিক্সত মুক্তি পাবলগীয়া এই ছবিখনৰ জৰিয়তে কৰীণাই অ’টিটিত আত্মপ্ৰকাশ কৰিব ৷ ছবিখন সফল কৰি তুলিবলৈ এতিয়া বেবোৱে ছবিখনৰ প্ৰচাৰত ব্যস্ত হৈ পৰিছে । ছবিখনৰ প্ৰচাৰৰ সময়ত কৰীণাই ডাঙৰ পুত্ৰ টাইমুৰ আলী খানৰ নামক লৈ হোৱা বিতৰ্কক লৈ মুকলিকৈ মত প্ৰকাশ কৰে । পুত্ৰৰ নাম টাইমুৰ ৰখাৰ আচল কাৰণ কি এই বিষয়ে মুকলিকৈ ক’লে অভিনেত্ৰীগৰাকীয়ে ৷
কৰীণা আৰু ছাইফৰ পুত্ৰৰ নামৰ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত সমালোচনা কৰা হৈছিল
ছাইফ আলী খান আৰু কৰীণাক নিজৰ সন্তানৰ নাম টাইমুৰ ৰখাৰ বাবে তীব্ৰ সমালোচনা কৰা হৈছিল । এতিয়া বহু বছৰ পিচত এই সমগ্ৰ বিতৰ্কক লৈ অভিনেত্ৰীগৰাকীয়ে নিজৰ মৌনতা ভংগ কৰিছে । শেহতীয়াকৈ সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰত কৰীণাই কয় যে, টাইমুৰ নাম ৰখাৰ আঁৰত এটা বিশেষ কাৰণ আছে । ছাইফৰ চুবুৰীয়া এজন বন্ধু আছিল, যাৰ লগত তেওঁ ডাঙৰ হৈছিল । তেওঁৰ নাম আছিল টাইমুৰ ৷ ছাইফে তেওঁৰ বন্ধু আৰু তেওঁৰ নাম দুয়োটাই বৰ ভাল পাইছিল । এই কাৰণেই ছাইফে কৈছিল যে ‘‘মোৰ যেতিয়া ল’ৰা সন্তান জন্ম হ’ব তাৰ নাম টাইমুৰ ৰাখিম, কাৰণ মোৰ ল’ৰাটো মোৰ প্ৰথম বন্ধু হ’ব ।’’
মই চিন্তাত পৰি গৈছিলো- কৰীণা কাপুৰ খান
কৰীণাই লগতে ক’লে, ‘‘এই নামটোৰ লগত আন একো সম্পৰ্ক নাই । মোৰ ল’ৰাৰ কাৰণে মানুহে আমাক বেয়া কৈ কোৱা দেখি মই স্তম্ভিত হৈ পৰিছিলো । মই হাস্পতালত কান্দি আছিলোঁ । আজিও বুজি পোৱা নাই কিয় এনেকুৱা হ’ল । আমি কাকো দুখ দিব বিচৰা নাছিলোঁ । মই মাত্ৰ ক’ব বিচাৰিছো যে কোনো মাক আৰু সন্তানে এনেবোৰ কথাৰ মাজেৰে পাৰ হ’ব নালাগে ।’’
উল্লেখ্য যে সুজয় ঘোষৰ পৰিচালিত ‘জানে জান’ ছবিখনত কৰীণাৰ বিপৰীতে বিজয় ভাৰ্মাক দেখা যাব । অহা ২১ ছেপ্টেম্বৰত মুক্তি পাব এই ছবিখন ।
লগতে পঢ়ক: Kareena Kapoor: ছাইফৰ সৈতে বয়সৰ ব্যৱধানক লৈ হোৱা ট্ৰ’লৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰীণা কাপুৰৰ