চিটাৰা ডেস্ক, ২৭ নৱেম্বৰ: ২০২২ চনৰ ছেপ্টেম্বৰ মাহত মুক্তি লাভ কৰিছিল দক্ষিণৰ ছবি ‘কান্তৰা’ ৷ এই ছবিখনে বক্স অফিচত এক প্ৰকাৰে ধুমুহাৰ সৃষ্টি কৰিছিল । ছবিখনৰ কনচেপ্টটো দৰ্শকে অতিকৈয়ে ভাল পাইছিল । একে সময়তে এই ছবিখনৰ অপৰিসীম সফলতাৰ পিচত নিৰ্মাতাসকলে এতিয়া ঘোষণা কৰিছে ইয়াৰ পৰৱৰ্তী খণ্ড ‘কান্তৰা এ লেজেণ্ড অধ্যায়-১’ । আজি মুক্তি পালে ছবিখনৰ পৰা ঋষভ শ্বেট্টীৰ ফাৰ্ষ্ট লুক আৰু টিজাৰ ।
‘কান্তৰা এ লেজেণ্ড অধ্যায়-১’ টিজাৰ মুক্তি
ঋষভ শেট্টীৰ অভিনীত দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ অন্যতম শ্ৰেষ্ঠ ছবি ‘কান্তৰা’ । ইয়াৰ উপৰিও ২০২২ চনৰ অন্যতম ব্লকবাষ্টাৰ ছবি আছিল, আনকি বলীউডৰ ডাঙৰ ডাঙৰ ছবিকো ইয়াৰ উপাৰ্জনে পৰাস্ত কৰিছিল । সকলোৱে দেখিলে ‘কান্তৰা’ৰ কাহিনী । এতিয়া ছবিখনৰ দ্বিতীয় খণ্ডৰ কাহিনী দৰ্শকক দেখুৱাব বিচাৰিছে নিৰ্মাতাই । মঙলবাৰে শ্বেয়াৰ কৰা হয় ছবিখনৰ পৰা ঋষভ শ্বেট্টীৰ প্ৰথম লুক ।
-
Step into the land of the divine 🔥
— Hombale Films (@hombalefilms) November 27, 2023 " class="align-text-top noRightClick twitterSection" data="
Presenting #KantaraChapter1 First Look & #Kantara1Teaser in 7 languages❤️🔥
▶️ https://t.co/GFZnkCg4BZ#Kantara1FirstLook #Kantara @shetty_rishab @VKiragandur @hombalefilms @HombaleGroup @AJANEESHB @Banglan16034849 @KantaraFilm pic.twitter.com/2GmVyrdLFK
">Step into the land of the divine 🔥
— Hombale Films (@hombalefilms) November 27, 2023
Presenting #KantaraChapter1 First Look & #Kantara1Teaser in 7 languages❤️🔥
▶️ https://t.co/GFZnkCg4BZ#Kantara1FirstLook #Kantara @shetty_rishab @VKiragandur @hombalefilms @HombaleGroup @AJANEESHB @Banglan16034849 @KantaraFilm pic.twitter.com/2GmVyrdLFKStep into the land of the divine 🔥
— Hombale Films (@hombalefilms) November 27, 2023
Presenting #KantaraChapter1 First Look & #Kantara1Teaser in 7 languages❤️🔥
▶️ https://t.co/GFZnkCg4BZ#Kantara1FirstLook #Kantara @shetty_rishab @VKiragandur @hombalefilms @HombaleGroup @AJANEESHB @Banglan16034849 @KantaraFilm pic.twitter.com/2GmVyrdLFK
যোৱা বছৰ বিশ্বজুৰি আলোড়নৰ সৃষ্টি কৰিছিল ‘কান্তৰা’ ছবিখনে । লোককথাৰ আধাৰত নিৰ্মিত কাহিনীৰে দৰ্শকক আকৰ্ষণ কৰিছিল ছবিখনে । এতিয়া ছবিখনৰ দ্বিতীয় পাৰ্টৰ পৰা নিৰ্মাতাই ঋষভ শ্বেট্টীৰ ফাৰ্ষ্ট লুক শ্বেয়াৰ কৰিছে আৰু টিজাৰো মুকলি কৰিছে ।
- " class="align-text-top noRightClick twitterSection" data="">
মুঠ কেইটা ভাষাত মুক্তি পাব ছবিখন
মুকলি কৰা টিজাৰটোত তেজেৰে তিতি থকা ঋষভ শেট্টীক দেখা গৈছে ভয়ংকৰ অৱতাৰত । এই টিজাৰটোৱে ছবিখন চাবলৈ অনুৰাগীৰ আগ্ৰহ আৰু অধিক বৃদ্ধি কৰিছে । কেৱল এটা ভাষাত নহয়, ৭ টা ভাষাত মুক্তি পাব ছবিখন । হিন্দী আৰু কানাড়া ভাষাৰ লগতে তামিল, তেলুগু, মালয়ালম, ইংৰাজী আৰু বাংলা ভাষাত মুক্তি পাব ‘কান্তৰা অধ্যায়-১’ । কাহিনীটোৰ এটা ডাঙৰ অংশ মূলতঃ মেংৰোলত শ্বুটিং কৰা হ’ব ।
লগতে পঢ়ক: জৱানৰ অভিলেখ ভংগ কৰিব নোৱাৰিলে টাইগাৰ ৩ য়ে, দেওবাৰে কিমান উপাৰ্জন কৰিলে ছবিখনে ?