ETV Bharat / entertainment

মহেশ ভাটে লুকুৱাইছে নিজৰ প্ৰকৃত পৰিচয়, কংগনাই খুচঁৰি শ্বেয়াৰ কৰিছে পুৰণা ভিডিঅ’

author img

By

Published : Sep 5, 2022, 1:40 PM IST

চলচ্চিত্ৰ নিৰ্মাতা মহেশ ভাটৰ জীৱনক লৈ এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে অভিনেত্ৰী কংগনা ৰানাৱটে । তেওঁৰ প্ৰকৃত নাম মহেশ নহয় বুলি দাবী কৰিছে অভিনেত্ৰীগৰাকীয়ে (Kangana attacks on Mahesh bhatt) ৷ প্ৰকৃত পৰিচয় লুকুৱাই কিয় এইদৰে আছে বুলি প্ৰশ্নও উত্থাপন কৰিছে কংগনাই !

Kangana Ranaut
মহেশ ভাট কংগনা ৰানাৱট

চিটাৰা ডেস্ক, 5 ছেপ্টম্বৰ : সামাজিক মাধ্যমত এইবাৰ মহেশ ভাটক টাৰ্গেট কৰি লৈছে কংগনাই ৷ নিজৰ ইনষ্টা ষ্ট’ৰীত মহেশ ভাটক উল্লেখ কৰি পুৰণা ভিডিঅ’ কেইটামান শ্বেয়াৰ কৰে আৰু তেওঁৰ ওপৰত অভিযোগ উত্থাপন কৰে যে মহেশ ভাট প্ৰকৃততে মহেশ ভাট নহয় ! তেওঁৰ আছে অন্য এক পৰিচয় ৷

2006 চনত মহেশ ভাট সমৰ্থিত ছবি গেংষ্টাৰেৰে বলীউডত অভিষেক ঘটোৱা কংগনাই এতিয়া ভাটৰ প্ৰকৃত নাম আৰু ধৰ্মকলৈ প্ৰশ্ন উত্থাপন কৰিছে ৷

কংগনাই শ্বেয়াৰ কৰা এটা ষ্ট’ৰীৰ কেপছনত লিখিছে, "মহেশ জীয়ে স্বাভাৱিক আৰু কাব্যিকভাৱে মানুহক হিংসাৰ বাবে উচটনি দিছে" ৷ একেটা ভিডিঅ’ৰে আন এটা অংশ শ্বেয়াৰ কৰি তেওঁ লিখিছে, "মোক কোৱা হৈছিল তেওঁৰ প্ৰকৃত নাম আছলাম... তেওঁ দ্বিতীয় বিবাহ (ছোনী ৰাজদান) কৰিবলৈ ধৰ্মান্তৰিত হৈছিল... এইটো এটা সুন্দৰ নাম, কিয় লুকুৱাব লাগে"?

কংগনাই শ্বেয়াৰ কৰা আন এটা ক্লিপৰ লগত মহেশৰ নামৰ ওপৰত এটা বিবৃতি দিয়া হৈছিল, য'ত লিখা আছিল, "তেওঁ নিশ্চয়কৈ নিজৰ নাম ব্যৱহাৰ কৰা উচিত, ধৰ্মান্তৰিত হোৱাৰ পিছত এটা নিৰ্দিষ্ট ধৰ্মক প্ৰতিনিধিত্ব নকৰিব " (Kangana attacks on Mahesh bhatt) ৷

কংগনাই মহেশ ভাটক টাৰ্গেট কৰা এইয়া প্ৰথম ঘটনা নহয় (Kangana vs mahesh bhatt) । জানিব পৰা মতে, কংগনাই তেওঁৰ কন্যা পূজা ভাটৰ ছবিখন নাকচ কৰাৰ সময়ত তেওঁক প্ৰায়ে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল ।

চলিত বৰ্ষৰ আৰম্ভণিতে আলিয়া ভাটৰ ছবি ‘গংগুবাই কাথিয়াৱাড়ী’ মুক্তি পোৱাৰ পূৰ্বেই মহেশ আৰু তেওঁৰ কন্যা আলিয়াৰ ওপৰত পৰোক্ষভাৱে মন্তব্য কৰিছিল কংগনাই । কংগনাই পৰোক্ষভাৱে আলিয়াক 'daddy's angel' আৰু মহেশক ‘চিনেমা মাফিয়া’ বুলি অভিহিত কৰিছিল । (এএনআই)

লগতে পঢ়ক : Rashmika Mandanna bollywood debut: গুডবাইৰে বলীউডত আত্মপ্ৰকাশ কৰিব ৰশ্মিকা মান্দানাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.