ETV Bharat / entertainment

Kangana Ranaut: সুব্ৰমণিয়াম স্বামীৰ ওপৰত হঠাৎ কিয় খং উঠিল কংগনা ৰানাৱটৰ ? - সুব্ৰমণিয়াম স্বামী

শেহতীয়াকৈ দশেৰাৰ দিনা ৰামলীলা ময়দানত অংশ লৈছিল বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱটে । ইয়াৰ পিচতে ৰাজনীতিবিদ সুব্ৰমণিয়াম স্বামীয়ে এই কথাৰ বিৰোধিতা কৰি কংগনাক সমালোচনা কৰে ৷ এতিয়া অভিনেত্ৰীগৰাকীয়েও উভতি ধৰিছে সুব্ৰমণিয়াম স্বামীক ৷

Kangana Ranaut slams Subramanian Swamy questioning her becoming chief guest at Ramlila
সুব্ৰমণিয়াম স্বামীক লৈ কংগনাৰ মন্তব্য
author img

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 7:38 PM IST

চিটাৰা ডেস্ক, 26 অক্টোবৰ: বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱটে প্ৰায়ে নিজৰ মন্তব্যৰ বাবে লাইমলাইটত থাকে ৷ প্ৰায় সকলো বিষয়তে কংগনাই ছ’চিয়েল মিডিয়াত নিজৰ মতামত শ্বেয়াৰ কৰা দেখা যায় ৷ ইফালে অভিনেত্ৰীগৰাকী বৰ্তমান তেওঁৰ ছবি তেজসৰ বাবে লাইমলাইটত আছে ৷ কাইলৈ ছবিগৃহত মুক্তি লাভ কৰিব অভিনেত্ৰীগৰাকীৰ ছবি তেজস । ছবিখন মুক্তি পোৱাৰ পূৰ্বে অভিনেত্ৰীগৰাকীয়ে জোৰদাৰভাৱে প্ৰচাৰ চলাইছে । শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে দিল্লীৰ ৰামলীলা ময়দানত ৰাৱণ দহন পৰ্বত ভাগ লৈছিল । এই কথাতে এতিয়া ৰাজনীতিবিদ সুব্ৰমণিয়াম স্বামীয়ে ছ’চিয়েল মিডিয়াত অভিনেত্ৰীগৰাকীক লক্ষ্য কৰি লৈছে । এতিয়া এই সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

  • With a swimsuit picture and sleazy narrative you are suggesting that I have nothing else to offer except for my flesh to get my way in politics ha ha I am an artist arguably the greatest of all time in hindi films, a writer, director, producer, revolutionary right wing… https://t.co/dEcqamn7qO

    — Kangana Ranaut (@KanganaTeam) October 26, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

দৰাচলতে এজন ব্যক্তিয়ে এক্স (টুইটাৰ)ত কংগনা ৰানাৱটৰ বিকিনি পৰিধান কৰা ফটো শ্বেয়াৰ কৰিছিল । এই ফটোখন শ্বেয়াৰ কৰি সুব্ৰমণিয়াম স্বামীয়ে কংগনাক টাৰ্গেট কৰি লয় । কংগনাক দিয়া নিৰাপত্তাক লৈ তেওঁ প্ৰশ্ন উত্থাপন কৰে । ইয়াৰ উপৰিও ৰামলীলা ময়দানত কংগনাক অতিথি হিচাপে নিমন্ত্ৰণ কৰাৰ বিৰোধিতা কৰে । এতিয়া কংগনা ৰানাৱটেও সুব্ৰমণিয়ামৰ মন্তব্যৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

সুব্ৰমণিয়াম স্বামীক উত্তৰ দি কংগনাই কয় - সাঁতোৰৰ পোছাক পৰিধান কৰা ফটো আৰু এটা নিম্ন চিন্তা ধাৰাৰে আপুনি ক’বলৈ চেষ্টা কৰিছে নেকি যে মোৰ শৰীৰৰ মাংস দান কৰাৰ বাহিৰে মোৰ ৰাজনীতিত বাট উলিওৱাৰ আন কোনো উপায় নাই । মই এগৰাকী শিল্পী আৰু নিশ্চিতভাৱে হিন্দী ছবিৰ অন্যতম শ্ৰেষ্ঠ অভিনেত্ৰী । মই এগৰাকী লেখক, পৰিচালক, প্ৰযোজক, সোঁপন্থী ইনফ্লুঞ্চাৰ আৰু লগতে বিপ্লৱী ।

অভিনেত্ৰীগৰাকীয়ে লগতে ক’লে- ‘‘মোৰ ঠাইত যদি কোন পুৰুষ থাকিলেহেতেন তেওঁৰ বিষয়েও আপুনিও একে ধাৰণা কৰিলেহেঁতেন ? নাৰী সন্দৰ্ভত আপোনাৰ মতাদৰ্শলৈ চালে এনে লাগে যেন আপুনি বিপথে পৰিচালিত হৈছে । নাৰী কেৱল যৌনতাৰ বাবেই নহয় । নাৰীৰ সৈতে মগজু, হৃদয়, ভৰি, হাত আদি সকলো আছে যিটো পুৰুষৰ সৈতেও আছে । লগতে পুৰুষৰ দৰে এজন মহান নেতা হোৱাৰ ক্ষমতাও আছে । গতিকে কিয় এনে হ'ব নোৱাৰে শ্ৰীযুত সুব্ৰমণিয়াম স্বামী ।’ ’

উল্লেখ্য যে, কংগনা ৰানাৱটৰ ছবি তেজস অহা ২৭ অক্টোবৰত মুক্তি পাব । শেহতীয়াকৈ এই ছবিখনৰ আন এটা টিজাৰ মুকলি কৰা হৈছিল য’ত অযোধ্যা মন্দিৰৰ আভাস দেখুওৱা হৈছিল । ইয়াৰ ফলত অনুৰাগীৰ কৌতুহল দুগুণ বৃদ্ধি পাইছে । অভিনেত্ৰীগৰাকীৰ এই ছবিখনে এতিয়া ছবিগৃহত কেনে প্ৰভাৱ পেলাই সেয়া হে হ’ব লক্ষণীয় বিষয় ।

লগতে পঢ়ক: Kangana Ranaut: তেজসৰ সফলতাৰ বাবে শ্ৰীৰামৰ আশিস বিচাৰি অযোধ্যাত কংগনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.