ETV Bharat / entertainment

Kangana Ranaut Post: কি হ’ল কংগনাৰ ? যাৰ বাবে সঞ্জয় লীলা ভাঞ্চালীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল তেওঁ

author img

By

Published : Aug 19, 2023, 5:45 PM IST

কংগনা ৰানাৱতৰ নিজৰ বক্তব্যৰ বাবেই সদায় শিৰোনাম দখল কৰি আহিছে । প্ৰতিটো বিষয়তে নিজৰ মতামত দিয়াৰ পৰা তেওঁ পিছ হুহুকি নিদিয়ে । এইবাৰ তেওঁ সঞ্জয় লীলা ভাঞ্চালীৰ প্ৰশংসাত পঞ্চমুখ হৈ ক’লে এই কথা ৷

Kangana Ranaut praised Sanjay Leela Bhansali, said- 'He is a living legend'
কি হ’ল কংগনাৰ ? যাৰ বাবে সঞ্জয় লীলা ভাঞ্চালীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল তেওঁ

চিটাৰা ডেস্ক, 19 আগষ্ট: প্ৰায়েই বলীউডৰ সমালোচনাৰ শীৰ্ষস্থান দখল কৰে বলীউডৰ কুইন কংগনা ৰানাৱটে ৷ ছ’চিয়েল মিডিয়াতো অতি সক্ৰিয় হৈ থাকে অভিনেত্ৰীগৰাকী । তেওঁ প্ৰতিদিনে কিবা নহয় কিবা শ্বেয়াৰ কৰি থাকে, যাৰ বাবে তেওঁ শিৰোনামৰ অংশ হৈ পৰে । কংগনা ৰানাৱটে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত নিজৰ চিন্তা-চৰ্চা শ্বেয়াৰ কৰি থাকে । ইফালে শনিবাৰে কংগনাই ছবি নিৰ্মাতা সঞ্জয় লীলা ভাঞ্চালীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে । তেওঁ সঞ্জয় লীলা ভাঞ্চালীৰ বাবে এটা পোষ্ট শ্বেয়াৰ কৰিছে য’ত তেওঁক প্ৰশংসা কৰা দেখা গৈছে ।

Kangana Ranaut praised Sanjay Leela Bhansali, said- 'He is a living legend'
কংগনা ৰানাৱত

কংগনা ৰানাৱটে লিখিছে যে, সঞ্জয় লীলা ভাঞ্চালী ডাঙৰীয়াক মই এজন শিল্পী হিচাপে প্ৰশংসা কৰো, তেওঁ কেতিয়াও সফলতা বা গৌৰৱ প্ৰদৰ্শন নকৰে । এই সময়ত তেওঁ চলচ্চিত্ৰ জগতত বসবাস কৰা আটাইতকৈ প্ৰকৃত শিল্পী । চিনেমাক ইমান ভাল পোৱা কাকো চিনি নাপাওঁ । সৰ্বোপৰি তেওঁ নিজৰ ব্যৱসায়, সৃষ্টিশীল আৰু বিৰল সততাক গুৰুত্ব দিছে... তেওঁ এজন জীৱন্ত কিংবদন্তি । মই আপোনাক ভাল পাওঁ সঞ্জয় ছাৰ ।

সঞ্জয় লীলা ভাঞ্চালীয়ে বহু চৰিত্ৰ আগবঢ়াইছিল

কংগনাই আৰু লিখিছে – বিগত কেইবাবছৰত সঞ্জয় লীলা ভাঞ্চালীৰ প্ৰডাকচনে মোক বহু গীত আৰু ভূমিকা আগবঢ়াইছিল যদিও কিছুমান কাৰণত মই কৰিব নোৱাৰিলোঁ । এতিয়াও যেতিয়া মই তেওঁক লগ কৰিবলৈ তেওঁৰ ঘৰলৈ যাওঁ তেতিয়া তেওঁ মোৰ লগত বহি কথা পাতে । ভগৱানৰ দৰে মৃদু হাঁহি, চকুত দয়া আৰু প্ৰশংসাৰ বৰষুণ, কোমল কথন SLB ji একেবাৰে আচৰিত ।

কংগনাক এটি গীতৰ বাবে দিছিল প্ৰস্তাৱ

২০২০ চনত পিংকভিলাক দিয়া এক সাক্ষাৎকাৰত কংগনাই কৈছিল যে, সঞ্জয় লীলা ভাঞ্চলীয়ে ৰামলীলাৰ বাবে এটি গীত আগবঢ়াইছিল । তেওঁ মোৰ বিষয়ে এজন শিল্পী হিচাপে জানিব বিচাৰিছিল যদিও আমি সুযোগ নাপালোঁ আৰু কথাবোৰো ঠিক নহ’ল । এইটো মোৰ অন্যতম ডাঙৰ আক্ষেপ হ’ব ।

ৱৰ্ক ফ্ৰণ্টৰ কথা কওঁতে কংগনাক অতি সোনকালে চন্দ্ৰমুখী ছবিত দেখিবলৈ পোৱা যাব । এই ছবিখনৰ পৰাই কংগনাৰ ফাৰ্ষ্ট লুক ইতিমধ্যে প্ৰকাশ পাইছে লগতে ছবিখনৰ এটি গীতো মুকলি কৰা হৈছে ।

লগতে পঢ়ক: Kangana Ranaut Post: কংগনাৰ প্ৰশংসা ছলমানৰ প্ৰাক্তন প্ৰেয়সীৰ, কুইনে উত্তৰত ক’লে - আপোনাৰ সত্য মোৰ হাতত আছে যিটো কেতিয়াও...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.