চিটাৰা ডেস্ক, 12 ছেপ্টেম্বৰ : ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট অভিনীত ছবি ‘ব্ৰহ্মাস্ত্ৰ’ই 9 ছেপ্টেম্বৰত মুক্তি লাভ কৰে । বক্স অফিচত ‘ব্রহ্মাস্ত্র’ৰ সংগ্রহে বিশ্বজুৰি 150 কোটি অতিক্রম কৰিছে ৷ কৰণ জোহৰ, অয়ন মুকেৰ্জী, ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে ছবিখনৰ উপাৰ্জনক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে ।
পিছে মন কৰিব লগীয়া কথাটো হ’ল মনোৰঞ্জন ক্ষেত্ৰখনৰ বাহিৰেও দেশৰ প্ৰায়ে সৰু বৰ সকলো কথাতে নিজৰ মত দিয়া কংগনা ৰাণাৱটৰ টাৰ্গেটলৈ আহিছে ব্ৰহ্মাস্ত্ৰ ৷ বক্স অফিচত ‘ব্ৰহ্মাস্ত্ৰ’ই সংগ্ৰহ কৰা পৰিসংখ্যাৰ বিষয়ে এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে কংগনাই (Brahmastra box office collection)। কংগনাই কৈছে যে বৃহৎ উপাৰ্জনৰ ভ্ৰম জনসাধাৰণৰ মাজত এই কাৰণেই বিয়পোৱা হৈছে যাতে অধিক সংখ্যক লোকে ছবিখন চাবলৈ ছবিগৃহলৈ আহে ।

কংগনাই কয় যে কৰণ জোহৰ সন্থাৰ হৈছে এইয়া এক কৌশল য’ত তেওঁলোকে দৰ্শকক তেওঁলোকৰ ফান্দত আৱদ্ধ কৰিব বিচাৰিছে । কংগনাই স্পষ্ট কৰি দিয়ে যে ছবিখনৰ সংকলন যিমান কোৱা হৈছে সিমান হোৱাগৈ নাই । দৰ্শকৰ মাজত হাইপ সৃষ্টি কৰিছে কৰণ জোহৰকে আদি কৰি ছবিখনৰ সৈতে জড়িত বাকীসকল লোকে ।
কংগনা ৰাণাৱটে কৰণ জোহৰৰ বিৰুদ্ধে উপাৰ্জনৰ হিচাপ খেলিমেলি কৰাৰ অভিযোগ উত্থাপন কৰিছে । কংগনাই কিছুমান স্ক্ৰীণ শ্বটো শ্বেয়াৰ কৰিছে, য’ত তেওঁ দেখুৱাইছে যে কৰণ জোহৰ সন্থাই দৰ্শকক কেনেকৈ বুৰ্বক সজাই থিয়েটাৰলৈ টানি নিছে ।
ইমানতেই ক্ষান্ত নাথাকি কংগনাই কয় যে তেওঁ ‘ব্ৰহ্মাস্ত্ৰ’ৰ সংগ্ৰহ গণনা বুজিবলৈ কৰণ জোহৰৰ সাক্ষাৎকাৰ ল’ব বিচাৰে । কংগনাই কয় যে নিৰ্মাতাসকলৰ মতে ‘ব্ৰহ্মাস্ত্ৰ’ৰ বিশ্বব্যাপী সংগ্ৰহ দুদিনত 160 কোটি টকা । আনহাতে কংগনাই লিখিছে, ‘শুকুৰবাৰে ছবিখনে মুক্তি পালে আৰু দেওবাৰে ডাঙৰ হিট হৈ পৰিল । সেইটোও 250 কোটি টকা সংগ্ৰহ কৰি (যিটো ভুৱা সংখ্যা)' ৷
'ব্ৰহ্মাস্ত্ৰ'ৰ বাজেট 650 কোটি?
কংগনাই কৰণ জোহৰ আৰু তেওঁৰ সতীৰ্থসকলক তীব্ৰ সমালোচনা কৰি কয়, "ভিএফএক্সকে ধৰি ছবিখনৰ বাজেট 650 কোটি টকা, আনহাতে আমাক 410 কোটি টকা বুলি কোৱা হৈছে, কেৱল প্ৰাইম ফ'কাচ সহ-প্ৰযোজক হোৱাৰ বাবেই এনেকুৱা নহয় যে VFX ৰ একো খৰচ নাথাকে । এয়া কৰণ জোহৰৰ অংক যিটো মইও শিকিব বিচাৰো" ।

বক্স অফিচ ইণ্ডিয়াৰ পৰা এটা টুইট শ্বেয়াৰ কৰিছে য’ত কোৱা হৈছে যে ‘ব্রহ্মাস্ত্র’ ডাঙৰ হিট হ’বলৈ সাজু হৈছে ৷ টুইটটোৰ উত্তৰত কংগনাই কয় যে বক্স অফিচ ইণ্ডিয়া হেণ্ডেলটোৱে মোক আৰু মোৰ দৰে বহু লোকক ‘ব্রহ্মাস্ত্র’ ৰ সংগ্ৰহক লৈ অশান্তি দিছে, কাৰণ ‘মাফিয়া’ই তেওঁলোকক দৰমহা দি আছে ।
লগতে পঢ়ক : Brahmastra box office collection Day 1:আৰআৰআৰ ৰ প্ৰথম দিনৰ উপাৰ্জন অতিক্ৰম কৰিছে ব্ৰহ্মাস্ত্ৰই