ETV Bharat / entertainment

Tejas Trailer Out: তেজসৰ ট্ৰেইলাৰ মুকলি, দেশপ্ৰেম আৰু একচন মুডত কংগনা ৰানাৱট - কংগনা ৰানাৱট

অৱশেষত আজি অৰ্থাৎ বায়ুসেনা দিৱসত মুক্তি পালে কংগনা ৰানাৱতৰ আগন্তুক ছবি ‘তেজস’ৰ আটাইতকৈ প্ৰত্যাশিত ট্ৰেইলাৰ । চাওক ট্ৰেইলাৰ ৷

Kangana on a mission to fight against terror, Tejas trailer out now
তেজসৰ ট্ৰেইলাৰ মুক্তি লাভ কৰিলে
author img

By ANI

Published : Oct 8, 2023, 1:08 PM IST

চিটাৰা ডেস্ক, 8 অক্টোবৰ: অৱশেষত আজি অৰ্থাৎ বায়ুসেনা দিৱসত মুক্তি পালে কংগনা ৰানাৱটৰ আগন্তুক ছবি ‘তেজস’ৰ আটাইতকৈ প্ৰত্যাশিত ট্ৰেইলাৰ । এই ছবিখনত অভিনেত্ৰীগৰাকীয়ে এগৰাকী সাহসী বায়ুসেনাৰ পাইলটৰ চৰিত্ৰত অভিনয় কৰিছে । এই ছবিখনৰ কাহিনীত কংগনাৰ চৰিত্ৰটোক পাকিস্তানত বন্দী হোৱা এগৰাকী ভাৰতীয় চোৰাংচোৱাক উদ্ধাৰ কৰাৰ জৰুৰী কামৰ দায়িত্ব দিয়া হৈছে । লগতে চুবুৰীয়া দেশৰ এটা দূৰৱৰ্তী অংশত লুকাই থকা সন্ত্ৰাসবাদীৰ মুখামুখি হোৱা আৰু তেওঁলোকক নিষ্ক্ৰিয় কৰাৰ দায়িত্বও দিয়া হৈছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

'তেজস'ৰ ট্ৰেইলাৰ

ট্ৰেইলাৰৰ আৰম্ভণিতে কংগনাৰ জ্যেষ্ঠ বিষয়াসকলে তেওঁক এই হাই-ৰিস্ক মিছনটো গতাই দিয়ে । দলটোৰ এজন গুৰুত্বপূৰ্ণ সদস্য হিচাপে কংগনাক পাকিস্তানত সন্ত্ৰাসবাদীয়ে আটক কৰি ৰখা এজন ভাৰতীয় অভিযন্তাক যি চোৰাংচোৱালৈ পৰিণত হৈছে তেওঁক উদ্ধাৰ কৰাৰ দায়িত্ব দিয়া হৈছে । এই অভিযন্তাৰ হাতত দেশৰ সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ তথ্য আছে । দুই মিনিটৰ ৰোমাঞ্চকৰ ট্ৰেইলাৰটোত কংগনাক তীব্ৰ যুঁজৰ মাজত দেখা যায় ।

ট্ৰেইলাৰটোত কংগনা ৰানাৱটে কিছুমান শক্তিশালী সংলাপ কোৱা দেখা গৈছে, যেনে "ভাৰত কো ছেৰেংগে তো নাহি ছোৰেংগে " আৰু "প্ৰতিবাৰেই কথা-বতৰা হোৱাটো প্ৰয়োজনীয় নহয়, এতিয়া যুদ্ধক্ষেত্ৰতো যুদ্ধ হ’ব লাগে"। ইতিমধ্যে এই সংলাপবোৰে ২ অক্টোবৰত মুক্তি পোৱা ছবিখনৰ টিজাৰত দেখুওৱাৰ সময়ত দৃষ্টি আকৰ্ষণ কৰিছিল ।

ট্ৰেইলাৰ মুকলিৰ পূৰ্বে কংগনা ৰানাৱটে তেজসৰ চেটত থকা বাস্তৱ জীৱনৰ বায়ুসেনাৰ বিষয়াসকলৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ছবি শ্বেয়াৰ কৰিছিল । উল্লেখ্য যে, তেজসৰ ৰচনা আৰু পৰিচালনা কৰিছে সৰ্বেশ মেৱাদাৰ । পূৰ্বে ছবিখন ২০ অক্টোবৰত মুক্তি পাব বুলি ঘোষণা কৰিছিল নিৰ্মাতাই ৷ কিন্তু এতিয়া ছবিখনৰ মুক্তিৰ তাৰিখ এসপ্তাহ পিছুৱাই দিয়া হৈছে আৰু এতিয়া ২৭ অক্টোবৰত ছবিগৃহত মুক্তি পাব ছবিখন।

লগতে পঢ়ক: Tejas Teaser Out: ‘তেজস’ৰ শক্তিশালী টিজাৰ মুকলি, বায়ুসেনাৰ পাইলটৰ একচন অৱতাৰত কংগনা ৰানাৱট

লগতে পঢ়ক: Tiger Nageswara Rao: ৰবি তেজাৰ ছবি টাইগাৰ নাগেশ্বৰ ৰাওৰ ফাৰ্ষ্ট লুক মুকলি, পাঁচটা ভাষাত ২০ অক্টোবৰত মুক্তি পাব ছবিখন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.