ETV Bharat / entertainment

Hailey Bieber and Selena Gomez,জাষ্টিনৰ প্ৰাক্তন প্ৰেমিকাই মৰমত সাৱটি ধৰিলে পত্নী হাইলী বিবাৰক

author img

By

Published : Oct 18, 2022, 12:59 PM IST

পপ গায়ক জাষ্টিন বিবাৰৰ পত্নী আৰু প্ৰাক্তন প্ৰেমিকাক একেলগে এটা পাৰ্টীত দেখা গৈছে । তেওঁলোক দুয়োজনে যথেষ্ট অন্তৰংগ ভাৱে ফটো তোলে যিবোৰ এতিয়া সামাজিক মাধ্যমত জুইৰ দৰে বিয়পি পৰিছে ।

Justin Bieber
চেলেনা গোমেজ আৰু হাইলী বিবাৰ

চিটাৰা ডেস্ক, 18 অক্টোবৰ : বিখ্যাত পপ গায়ক জাষ্টিন বিবাৰ প্ৰায়ে বাতৰিৰ শিৰোনামত থাকে । কেতিয়াবা নিজৰ কামৰ বাবে ন’হলেবা কেতিয়াবা ব্যক্তিগত জীৱনৰ সম্পৰ্কৰ স্থিতিৰ বাবে । এতিয়া জাষ্টিন বিবাৰ পত্নী হাইলী বিবাৰ আৰু প্ৰাক্তন প্ৰেমিকা চেলেনা গোমেজৰ বাবে পুনৰ চৰ্চালৈ আহিছে জাষ্টিন । প্ৰকৃততে, জাষ্টিনৰ পত্নী আৰু প্ৰাক্তন প্ৰেমিকাক এটা পাৰ্টীত একেলগে দেখা গৈছিল । কেৱল এয়াই নহয়, তেওঁলোক দুয়োৱে একেলগে ফটোৰ প’জো দিয়ে ৷ এই ছবিসমূহ এতিয়া ছ'চিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছে ।

Justin Bieber
চেলেনা গোমেজ আৰু হাইলী বিবাৰ

ক'ত লগ হৈছিল ?

শেহতীয়াকৈ চেলেনা আৰু হাইলীক ষ্টাৰ্ছ একাডেমী মিউজিয়াম গালাত একেলগে দেখা গৈছিল । বহুতো হলীউড তাৰকা এই অনুষ্ঠানত উপস্থিত আছিল । কিন্তু অনুষ্ঠানটোত সকলোৰে মনোযোগ আছিল চেলেনা আৰু হাইলীৰ ওপৰতহে । চেলেনা আৰু হাইলীয়ে কেৱল কথা পতাই নহয় বৰঞ্চ একেলগে বহুত ফটোও উঠে । এই ছবিবোৰ বিখ্যাত ফটোগ্ৰাফাৰ টাইৰেল হেম্পটনৰ দ্বাৰা তোলা হৈছে, যাৰ বাবে তেওঁ যথেষ্ট আলোচনাত আছে ।

দুয়ো তাৰকাৰে এই ফটোবোৰ সামাজিক মাধ্যমত জুইৰ দৰে বিয়পি পৰিছে । চেলেনা আৰু হাইলীৰ সাক্ষাৎকাৰত সকলো হতবাক হৈ পৰিছে । সামাজিক মাধ্যম ব্যৱহাৰকাৰী কিছুমানে লিখিছে যে এই ছবিবোৰ বিশ্বাস কৰিবলৈ টান । ছবিবোৰত দুয়োগৰাকী তাৰকাকে সুন্দৰকৈ হাঁহি থকা দেখা গৈছে ।

চেলেনাই ক'লা চুট পিন্ধি আছে, আনহাতে হাইলীয়ে কাট-আউট ছেইণ্ট লৰেণ্ট গাউন পিন্ধি আছে । এজন ব্যৱহাৰকাৰীয়ে ছবিবোৰ শ্বেয়াৰ কৰি লিখিছে যে চেলেনা আৰু হাইলীৰ এই ছবিয়ে ইতিহাসৰ ৰচনা কৰিছে ।

জাষ্টিন-চেলিনাই কেতিয়া ডেট কৰিছিল?

চেলেনা আৰু পপ গায়ক জাষ্টিন বিবাৰে 2010 চনৰ পৰা 2018 চনলৈ ইজনে সিজনক ডেট কৰিছিল । দুয়োৰে মাজত বহুবাৰ বিচ্ছেদ হৈছিল কিন্তু পিছত তেওঁলোক দুয়োকে পুনৰ একেলগে দেখা গৈছিল । 2018 চনত দুয়োৰে বিচ্ছেদৰ পিছত জাষ্টিন আৰু হাইলী বিবাহপাশত আৱদ্ধ হয় ।

লগতে পঢ়ক : Kareena Kapoor Saif Ali Khan : এটা দশক একেলগে হাঁহি-ফূৰ্তিৰে পাৰ কৰিলে Saifeenaই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.