ETV Bharat / entertainment

Jiah Khan case verdict today: চিবিআই আদালতলৈ ৰাওনা হ’ল সূৰজ পাঞ্চোলি; চাওক ভিডিঅ’

author img

By

Published : Apr 28, 2023, 11:38 AM IST

১০ বছৰৰ পাচত অভিনেত্ৰী জিয়া খানৰ আত্মহত্যাৰ গোচৰত আজি মুম্বাইৰ চিবিআই আদালতে ৰায় ঘোষণা কৰাৰ সম্ভাৱনা আছে (Jiah Khan case verdict) । জিয়াৰ আত্মহত্যাত সহযোগ কৰাৰ অভিযোগত আই পি চিৰ ৩০৬ ধাৰাত গোচৰ ৰুজু কৰা সূৰজ পাঞ্চোলিক শুকুৰবাৰে পুৱাই মুম্বাইৰ চিবিআই আদালতলৈ বাসগৃহৰ পৰা ওলাই যোৱা দেখা যায় ।

Jiah Khan case verdict today: Sooraj Pancholi leaves for CBI court, watch video
জিয়া খানৰ আত্মহত্যাৰ গোচৰত আজি মুম্বাইৰ চিবিআই আদালতে ৰায় ঘোষণা কৰিব

চিটাৰা ডেস্ক, 28 এপ্ৰিল: অভিনেত্ৰী জিয়া খানৰ আত্মহত্যাত উচটনি দিয়াৰ অভিযোগ উত্থাপন হোৱা অভিনেতা সূৰজ পাঞ্চোলিক শুকুৰবাৰে পুৱাই নিজা বাসগৃহৰ পৰা মুম্বাইৰ চিবিআই আদালতলৈ যোৱা দেখা গ’ল। চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হোৱা জিয়া খানৰ মৃত্যুৰ প্ৰায় ১০ বছৰৰ পাচত শুকুৰবাৰে বহু চৰ্চিত এই চাঞ্চল্যকৰ গোচৰটোৰ ৰায়দান কৰিব চিবিআইৰ বিশেষ আদালতে (Jiah Khan case verdict)।

২০১৩ চনৰ ৩ জুনত মুম্বাইৰ ফ্লেটত মৃত অৱস্থাত উদ্ধাৰ হোৱা অভিনেত্ৰী জিয়া খানৰ আত্মহত্যাৰ গোচৰত আজি মুম্বাইৰ চিবিআই আদালতে অন্তিন ৰায় ঘোষণা কৰাৰ সম্ভাৱনা আছে । জিয়াৰ মৃত্যুৰ এসপ্তাহৰ পাচত জিয়াৰ আত্মহত্যাত উচটনি দিয়াৰ অভিযোগত আই পি চিৰ ধাৰা ৩০৬ৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল সূৰজ পাঞ্চোলিৰ বিৰুদ্ধে। পৰৱৰ্তী সময়ত জিয়াৰ মাতৃ ৰাবিয়া খানৰ আবেদনত ২০১৪ চনৰ ৩ জুলাইত বম্বে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত এই গোচৰটো চিবিআইক গতাই দিয়া হৈছিল (CBI court verdict on Jiah Khan case)।

উল্লেখ্য যে, ২০১৩ চনৰ ৩ জুনৰ মাজনিশা মুম্বাইৰ জুহুত নিজৰ ফ্লেটত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল আমেৰিকান নাগৰিক জিয়া (২৫) খানৰ মৃতদেহ । জিয়া খানে মৃত্য়ুৰ পূৰ্বে এখন চিঠি এৰি থৈ গৈছিল ৷ সেই চিঠিৰ পৰাই সূৰজৰ সৈতে জিয়া খান সম্পৰ্কত থকা বুলি পোহৰলৈ আহিছিল (Jiah Khan suicide case verdict) ৷ প্ৰবীণ অভিনেতা-দম্পতী আদিত্য পাঞ্চোলি আৰু জৰিনা ৱাহাবৰ পুত্ৰ সূৰজ ৷ ইফালে জিয়াই এৰি থৈ যোৱা চিঠিখনৰ পৰাই সন্দেহৰ আঙুলি উঠে সূৰজৰ বিৰুদ্ধে (Suraj Pancholi in cbi court) ৷

জিয়া খানে চিঠিখনত সূৰজৰ বিৰুদ্ধে বহুকেইটা অভিযোগ উত্থাপন কৰিছিল (Jiah Khan case verdict latest news) ৷ অন্তৰংগ সম্পৰ্ক, মানসিক আৰু শাৰীৰিক নিৰ্যাতনৰ কথা বৰ্ণনা কৰিছিল জিয়াই । এই গোচৰৰ বিচাৰ বিভাগে জিয়াৰ মাতৃ ৰাবিয়াকে ধৰি ২২জন সাক্ষীক পৰীক্ষা কৰাৰ বিপৰীতে সূৰজৰ হৈ অধিবক্তা প্ৰশান্ত পাটিল হাজিৰ হৈছিল । (With agency inputs)

লগতে পঢ়ক: Jiah Khan Suicide Case : জিয়া খানৰ আত্মহত্যাৰ গোচৰৰ কাইলৈ ​​হ’ব চূড়ান্ত ৰায়দান; কি হ’ব সূৰজ পাঞ্চোলিৰ ভৱিষ্যৎ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.