ETV Bharat / entertainment

Jacqueline Fernandez news:অন্তৱৰ্তীকালীন জামিন লাভ কৰিলে জেকলিন ফাৰ্ণাণ্ডেজে - জেকলিন ফাৰ্ণাণ্ডেজৰ শেহতীয়া খবৰ

অভিনেত্ৰী জেকলিনে লাভ কৰিলে এক ডাঙৰ সকাহ । 200 কোটি টকাৰ ধন সৰবৰাহৰ গোচৰৰ সৈতে জড়িত জেকলিন ফাৰ্ণাণ্ডেজক দিয়া হৈছে অন্তৱৰ্তীকালীন জামিন (Jacqueline Fernandez Interim bail) । সবিশেষ আগলৈ-

Jacqueline Fernandez extortion case
অন্তৱৰ্তীকালীন জামিন লাভ কৰিলে জেকলিন ফাৰ্ণাণ্ডেজে
author img

By

Published : Sep 26, 2022, 1:34 PM IST

চিটাৰা ডেস্ক, 26 ছেপ্টেম্বৰ : অভিনেত্ৰী জেকলিনে পাইছে এটা ডাঙৰ সকাহ । জেকলিন ফাৰ্ণাণ্ডেজক 200 কোটি টকাৰ মানি লণ্ডাৰিং গোচৰৰ সন্দৰ্ভত অন্তৱৰ্তীকালীন জামিন দিয়া হৈছে । তেওঁক দিল্লীৰ পাটিয়ালা হাউচ আদালতে 50 হাজাৰ টকাৰ বণ্ডত অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰা হৈছে (Jacqueline Fernandez Interim bail) ।

উল্লেখযোগ্য যে, কনমেন সুকেশ চন্দ্ৰশেখৰৰ নামত 200 কোটি টকাৰ ধন সৰবৰাহৰ গোচৰত জেকলিনৰ নাম জড়িত আছিল । এই গোচৰত জেকলিনক অবিৰতভাৱে জেৰা কৰা হৈছে । এই গোচৰত জেকলিনৰ ষ্টাইলিষ্ট লিপাক্ষী ইলাৱাদীকো দিল্লী আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই প্ৰায় 8 ঘণ্টা ধৰি জেৰা চলাইছিল ।

সকলো তদন্তৰ পাছত বলৱৎকাৰী সঞ্চালকালয়ে দাবী কৰিছিল যে জেকলিনৰ সুকেশ চন্দ্ৰশেখৰৰ সৈতে সম্পৰ্ক আছিল ৷ তাৰ পিছতে অভিনেত্ৰীগৰাকীক পাটিয়ালা হাউচ আদালতে মাতি পঠিয়াইছিল । আদালতৰ আদেশ মতে জেকলিন পাটিয়ালা হাউচ ক’ৰ্টত উপস্থিত হয় ।

জেকলিনৰ অধিবক্তাই তেওঁৰ বাবে জামিন আবেদন দাখিল কৰিছে পাটিয়ালা হাউচ আদালতত । ইয়াৰ উপৰিও অতিৰিক্ত সত্ৰ ন্যায়াধীশ শৈলেন্দ্ৰ মালিকেও জেকলিনৰ জামিন আবেদনৰ সন্দৰ্ভত ইডিৰ পৰা সঁহাৰি বিচাৰিছে । তেতিয়ালৈকে তেওঁৰ নিয়মীয়া জামিন আদালতত বিচাৰাধীন হৈ আছে । জেকলিনৰ অধিবক্তাৰ অনুৰোধত আদালতে 50 হাজাৰ টকাৰ জামিনসহ জেকলিনক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে ।

শেহতীয়াকৈ, দিল্লীৰ অৰ্থনৈতিক অপৰাধ শাখাই জেকলিনক এই ঘটনা সন্দৰ্ভত বহু প্ৰশ্ন কৰিছিল । জেৰা প্ৰায় 15 ঘণ্টা ধৰি চলিছিল য'ত জেকলিনে বহুতো প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হৈছিল । এই সকলোবোৰৰ মাজতে ইডিয়ে ইয়াৰ অভিযোগপত্ৰ দাখিল কৰিছিল । বহুতো সাক্ষী আৰু প্ৰমাণ তেওঁলোকে ৰাখি থৈছে ।

জেকলিন ফাৰ্ণাণ্ডেজে স্বীকাৰ কৰিছে যে তেওঁ প্ৰৱঞ্চক সুকেশৰ পৰা বহুতো ব্যয়বহুল উপহাৰ লৈছে । জেকলিনৰ উপৰিও, নোৰা ফাতেহী আৰু নিক্কী টাম্বোলিকে ধৰি বহুতো অভিনেত্ৰী ঘটনাটোত জড়িত হৈ আছে । দুয়োগৰাকী অভিনেত্ৰীকে প্ৰশ্ন কৰা হৈছে । 200 কোটি টকাৰ চুৰিৰ গোচৰত অভিযুক্ত সুকেশ চন্দ্ৰশেখৰ বৰ্তমান দিল্লীৰ কাৰাগাৰত বন্দী হৈ আছে আৰু তেওঁৰ বিৰুদ্ধে 10 টাতকৈও অধিক অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছে ।

লগতে পঢ়ক : Jacqueline Fernandez news:সুকেশ চন্দ্ৰশেখৰক সপোনৰ ৰাজকোঁৱৰ সজাইছিল জেকলিনে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.