ETV Bharat / entertainment

Jacqueline Fernandez: ধন সৰবৰাহৰ গোচৰত জেকলিন ফাৰ্ণাণ্ডেজে জামিন লাভ কৰে

author img

By

Published : Nov 15, 2022, 5:06 PM IST

200 কোটি টকাৰ ধন সৰবৰাহৰ গোচৰত মংগলবাৰে দিল্লী আদালতে অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজক জামিন প্ৰদান কৰে (Jacqueline Fernandez latest news) ৷ প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰৰ সৈতে জড়িত 200 কোটি টকাৰ ধন-সৰবৰাহৰ গোচৰৰ চাৰ্জশ্বীটত জেকলিন ফাৰ্ণাণ্ডেজৰ নাম আহিছিল ৷

sitara
ধন সৰবৰাহৰ গোচৰত জেকলিন ফাৰ্ণাণ্ডেজে জামিন লাভ কৰে

চিটাৰা ডেস্ক, 15 নৱেম্বৰ : সম্ভৱত আৰু আদালতলৈ বাট বুলিব নালাগে জেকলিনে ৷ বিগত বহু সময় ধৰি আদালতলৈ অহা-যোৱা কৰিলে অভিনেত্ৰী গৰাকীয়ে ৷ শেহতীয়াকৈ তেওঁৰ অন্তৰ্ৱতীকালীন জামিন 10 নৱেম্বৰলৈ বৃদ্ধি কৰি দিয়াৰ পাছত মংগলবাৰে দিল্লী আদালতে অভিনেত্ৰী গৰাকীক 200 কোটি টকীয়া ধন-সৰবৰাহৰ গোচৰত জামিন প্ৰদান কৰে (Jacqueline Fernandez latest news) ৷

এক প্ৰতিবেদন অনুসৰি জেকলিনৰ অধিবক্তাই কয় যে মূলতঃ তদন্ত ইতিমধ্যে সম্পূৰ্ণ হোৱা বাবে বলীউডৰ অভিনেত্ৰী গৰাকীক পুনৰ জিম্মাত লোৱাৰ কোনো প্ৰয়োজন নাই ।

ঠগবাজ সুকেশ চন্দ্ৰশেখৰৰ সৈতে নাম সাঙোৰ খাই পৰাৰ পিছৰে পৰা বিতৰ্কই লগ এৰি দিয়া নাছিল জেকলিনৰ ৷ সোধ-পোছৰ বাবে কেইবাবাৰো আদালতত হাজিৰ হয় অভিনেত্ৰী গৰাকী ৷

26 ছেপ্টেম্বৰত আদালতে জেকলিনক 50 হাজাৰ টকাৰ ব্যক্তিগত বণ্ডত অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল বুলি এটা প্ৰতিবেদনতে প্ৰকাশ পাইছিল ।

তদন্তৰ সন্দৰ্ভত প্ৰৱৰ্তন সঞ্চালকালয়ে কেইবাবাৰো মাতি অনা শ্ৰীমতী ফাৰ্ণাণ্ডেজক পৰিপূৰক অভিযোগপত্ৰত প্ৰথমবাৰৰ বাবে অভিযুক্ত হিচাপে নামাকৰণ কৰা হৈছিল । ইয়াৰ পূৰ্বে আগষ্ট মাহত তেওঁক পৰিপূৰক অভিযোগনামা দাখিল কৰাৰ পিছত আদালতে চমন জাৰি কৰিছিল ।

200 কোটি টকাৰ ধন সৰবৰাহৰ কেলেংকাৰিৰ মূল অভিযুক্ত সুকেশ চন্দ্ৰশেখৰ । তেওঁৰ বিৰুদ্ধে একাধিক গোচৰ আছে আৰু লগতে তেওঁ বহুবাৰ গ্ৰেপ্তাৰো হৈছে ।

লগতে পঢ়ক : জেকলিন ফাৰ্ণাণ্ডেজৰ ফেশ্বন ষ্টেটমেণ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.