ETV Bharat / entertainment

বিয়াৰ পিচত স্বামী নুপুৰ শিখাৰেৰ সৈতে প্ৰথমখন ফটো শ্বেয়াৰ ইৰা খানৰ - Nupur Shikhare

Ira-Nupur First Photo: বিবাহপাশত আৱদ্ধ হ’ল ইৰা খান আৰু নুপুৰ শিখাৰে । নুপুৰৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পিচত ইৰাই তেওঁৰ প্ৰথমখন ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ।

Ira Khan shares first picture with Nupur post marriage, edits bride-to-be headband
বিয়াৰ পিচত ইৰা খানৰ প্ৰথমখন ফটো
author img

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 2:54 PM IST

চিটাৰা ডেস্ক, ৪ জানুৱাৰী: প্ৰেমিক নুপুৰ শিখাৰেৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল আমিৰ খানৰ কন্যা ইৰা খান । এই বিয়াত পৰিয়ালৰ সদস্য আৰু কিছুমান বিশেষ বন্ধু-বান্ধৱীয়েহে অংশগ্ৰহণ কৰে । অৱশ্যে পাপাৰাজীকো বিয়াখনত আমন্ত্ৰণ জনোৱা হৈছিল । নুপুৰৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পিচত এতিয়া ইৰাই তেওঁৰ প্ৰথমখন ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে । বিচনাৰ পৰাই স্বামীৰ সৈতে চেলফি শ্বেয়াৰ কৰিছে ইৰাই ।

৩ জানুৱাৰীত ইৰা আৰু নুপুৰৰ আইনী বিবাহ হয় । আজি ইৰাই স্বামীৰ সৈতে এখন মৰমলগা চেলফি শ্বেয়াৰ কৰিছে । ফটোখনত ইৰাই এতিয়াও নিজৰ ব্ৰাইড টু বি লিখা হেয়াৰ বেণ্ডডাল পৰিধান কৰি থকা দেখা গৈছে । অৱশ্যে এই ফটোখনত এটা টুইষ্ট আছিল ।

ফটোখনত আছিল এটা টুইষ্ট

ফটোখনত ইৰাই চুলিৰ বেণ্ডত থকা ‘ব্ৰাইড টু বি’ৰ পৰা ‘টু বি’টো আঁতৰাই পেলায় ৷ যাৰ বাবে এই ফটোখন ছ’চিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছে ।

Ira Khan shares first picture with Nupur post marriage, edits bride-to-be headband
বিয়াৰ পিচত ইৰা খানৰ প্ৰথমখন ফটো

ইৰাৰ বিয়াৰ সাজ-পোছাক

বিয়াত ইৰাই নীলা ব্লাউজৰ সৈতে হেৰেম পেণ্ট পৰিধান কৰিছিল আৰু মূৰত লৈছিল ওৰণি । আনহাতে নুপুৰে ব্যতিক্ৰম ৰূপত বিবাহস্থলীলৈ আহিছিল, য’ত নুপুৰে পৰিধান কৰিছিল ক’লা ভেষ্ট, শ্বৰ্ট আৰু স্নিকাৰ । অৱশ্যে আইনী বিবাহ সম্পন্ন হোৱাৰ পাচত নুপুৰে নিজৰ সাজ-পোছাক সলনি কৰে । ইয়াৰ পিচত নুপুৰে পৰিধান কৰে নীলা ৰঙৰ শ্বেৰৱানী ।

উল্লেখ্য যে, ইৰা খান আৰু নুপুৰ শিখাৰে বহুদিনৰে পৰা সম্পৰ্কত আছিল । ২০২২ চনত তেওঁ ইৰাক বিয়াৰ প্ৰস্তাৱ দিছিল । ২০২২ চনৰ নৱেম্বৰ মাহত ইৰা আৰু নুপুৰৰ এংগেজমেণ্ট হৈছিল । এংগেজমেণ্টত পৰিয়ালৰ সদস্য আৰু কিছুমান বিশেষ বন্ধুৱে অংশগ্ৰহণ কৰে । খবৰ অনুসৰি অহা ১৩ জানুৱাৰীত মুম্বাইত বলীউডৰ চেলিব্ৰিটিসকলৰ বাবে অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰা হ’ব ।

লগতে পঢ়ক: কন্যাৰ বিয়াত প্ৰাক্তন পত্নীৰ সৈতে হাঁহিমুখে দেখা গ’ল আমিৰ খানক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.