চিটাৰা ডেস্ক, 25 জুন: ১৯৪৮ চনৰ ২৫ মাৰ্চত মহাৰাষ্ট্ৰৰ নাচিকত জন্মগ্ৰহণ কৰা বলীউডৰ অভিনেত্ৰী নাজিমাৰ প্ৰকৃত নাম আছিল মেহৰ-উন-নিছা । অভিনেত্ৰীগৰাকীৰ আইতাক শ্বৰীফা বাই তেওঁৰ সময়ৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আছিল, আনহাতে তেওঁৰ পেহীয়েক হুছান বানুৱে ৰূপালী পৰ্দাত তেওঁৰ শৈলীৰ যাদু দেখুৱাইছিল । সেয়েহে, নাজিমা সৰুৰে পৰাই ছবিৰ প্ৰতি আগ্ৰহী আছিল আৰু পৰৱৰ্তী সময়ত তেওঁ চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰিছিল ।
কেনেকৈ আৰম্ভ হৈছিল নাজিমাৰ কেৰিয়াৰ ?
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি নাজিমাই শিশু শিল্পী হিচাপে নিজৰ চলচ্চিত্ৰ জীৱন আৰম্ভ কৰিছিল । সেই সময়ত নাজিমা ‘বেবী চান্দ’ নামেৰে জনপ্ৰিয় আছিল । দৰাচলতে নাজিমাই ১৯৫৪ চনৰ ভিতৰত ‘বিৰাজ বহু’ ছবিত শিশু শিল্পীৰ চৰিত্ৰত অভিনয় কৰি নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল । একে সময়তে ১৯৫৮ চনত ‘প্ৰিন্সেছ চাবা’ ছবিত অভিনেত্ৰী হিচাপে অভিনয় কৰি ১৯৬১ চনত ‘উমৰ কাইদ’ ছবিৰ জৰিয়তে ছবি জগতৰ নতুন তাৰকা হিচাপে পৰিগণিত হৈছিল ।
এই নামেৰে লাভ কৰিছিল জনপ্ৰিয়তা
উল্লেখ্য যে প্ৰমোদ চক্ৰৱৰ্তীৰ জিদ্দি (১৯৬৪) ছবিখনত নাজিমাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ যিয়ে জনপ্ৰিয়তা অৰ্জনত যথেষ্ট সহায় কৰিছিল ৷ একে সময়তে সুবোধ মুখাৰ্জীৰ এপ্ৰিল ফুল (১৯৬৪) ছবিখনতো তেওঁ নিজৰ অভিনয় দেখুৱাইছিল । নাজিমাই তেওঁৰ প্ৰায় সকলো ছবিতে সহযোগী চৰিত্ৰত অভিনয় কৰিছিল । প্ৰায়বোৰ ছবিতে অভিনেতাৰ ভগ্নীৰ চৰিত্ৰত অভিনয় কৰিছিল, যাৰ বাবে তেওঁ বলীউডৰ ‘ৰেচিডেণ্ট চিষ্টাৰ’ হিচাপে জনপ্ৰিয় হৈ পৰিছিল ৷
নাজিমাৰ মৃত্যুৰ খবৰ চৰ্চালৈ আহিছিল
আপুনি জানি আচৰিত হ’ব যে বহু ছবিত কাম কৰাৰ পিচত ১৯৭৫ চনত হঠাতে পৰ্দাৰ পৰা নোহোৱা হৈ গ’ল নাজিমা । ইণ্টাৰনেটত নাজিমাৰ বিষয়ে বিচাৰিলে মাত্ৰ ২৭ বছৰ বয়সত তেওঁৰ মৃত্যু হোৱাৰ খবৰ পোৱা যায়। অৱশ্যে এই সন্দৰ্ভত কোনো সুনিৰ্দিষ্ট তথ্য পোৱা নাই ।
তেতিয়াহ’লে ক’ত আছে নাজিমা ?
একে সময়তে টাবাছুম টকীজৰ খণ্ডটোত টাবাছুমে নাজিমাৰ অস্তিত্বৰ বিষয়ে অৱগত কৰিছিল । তেওঁ কৈছিল যে অভিনেত্ৰীগৰাকীয়ে নৌসেনাৰ অধিনায়ক আৰ্শুল ৰহমানক বিয়া কৰাইছে । তেওঁৰ দুটা সন্তান আছে, যি এতিয়া বিবাহিত । টাবাছুমে নিজৰ ভিডিঅ’টোত জনাইছে যে, নাজিমাৰ স্বামী আৰ্শুল ৰহমানৰ মৃত্যু হৈছিল ২০১৮ চনত । এতিয়া প্ৰশ্ন উত্থাপন হয় যে, নাজিমা যদি জীয়াই আছে তেন্তে মৃত্যুৰ খবৰ পঢ়ি সংবাদ মাধ্যমৰ সন্মুখলৈ কিয় নাহিল নাজিমা ? এই প্ৰশ্নৰ উত্তৰ কেৱল দিব পাৰিব নাজিমাই ৷