ETV Bharat / entertainment

মাধুৰী দীক্ষিতলৈ বিশেষ সন্মান, ঘোষণা অনুৰাগ ঠাকুৰৰ

author img

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 4:58 PM IST

IFFI 2023: বিগত চাৰিটা দশক ধৰি হিন্দী চিনেমাত নিজৰ আধিপত্য বিস্তাৰ কৰা মাধুৰী দীক্ষিতলৈ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বিশেষ সন্মান ।

IFFI 2023: Anurag Thakur announces award to Madhuri dixit at the 54th IFFI
মাধুৰী দীক্ষিতলৈ বিশেষ সন্মান

চিটাৰা ডেস্ক, 20 নৱেম্বৰ: বলীউডৰ ‘ধকধক গাৰ্ল’ নামেৰে জনপ্ৰিয় মাধুৰী দীক্ষিতে হিন্দী চিনেমালৈ আগবঢ়াইছে বিপুল অৱদান । কেতিয়াবা যদি ‘মোহিনী’ আৰু কেতিয়াবা ‘চন্দ্ৰমুখী’ৰ ৰূপত মাধুৰী দীক্ষিতে প্ৰতিবাৰেই উৎকৃষ্ট অভিনয়েৰে দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে । আজিও তেওঁৰ শৈলীৰ প্ৰতি মন্ত্ৰমুগ্ধ অনুৰাগী । অতুলনীয় সৌন্দৰ্যৰ লগতে মাধুৰী দীক্ষিত এগৰাকী আচৰিত নৃত্যশিল্পীও ।

মাধুৰী দীক্ষিতলৈ বিশেষ সন্মান

উল্লেখ্য যে, ‘ভাৰতৰ ৫৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ত বিশেষ বঁটাৰে সন্মানিত কৰা হ’ব মাধুৰী দীক্ষিতক । এই কথা ছ’চিয়েল মিডিয়াত ঘোষণা কৰিছে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে ।

মন্ত্ৰী অনুৰাগ ঠাকুৰে লিখিছে, ‘‘মাধুৰী দীক্ষিতে ৪ দশক ধৰি নিজৰ প্ৰতিভা আৰু শৈলীৰে পৰ্দাৰ শোভা বঢ়াইছে । ‘নিশা’ৰ পৰা আৰম্ভ কৰি মনোমোহা ‘চন্দ্ৰমুখী’লৈকে, মহিমামণ্ডিত ‘বেগম পৰা’ৰ পৰা আৰম্ভ কৰি অদম্য ‘ৰাজ্জো’লৈকে তেওঁৰ অভিনয়ৰ কোনো সীমা নাই ।’’ তেওঁ লগতে লিখিছে, ‘‘ ভাৰতৰ ৫৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰতিভাৱান অভিনেত্ৰীগৰাকীক ‘ভাৰতীয় চিনেমালৈ অৱদানৰ বাবে বিশেষ সন্মান’ বঁটা প্ৰদান কৰি আমি আনন্দিত হৈছো ।’

উল্লেখ্য যে আজিৰে পৰা গোৱাত আৰম্ভ হৈছে বহু প্ৰত্যাশিত ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI) ৷ ২৮ নৱেম্বৰত সমাপ্ত হ’বলগীয়া আঠদিনীয়া এই উৎসৱত বলীউডৰ বহু অভিনেতা, পৰিচালক আৰু গায়কে শোভা বঢ়াব বুলি আশা কৰা হৈছে । মহোৎসৱৰ আৰম্ভণি হ’ব খালাছী গীতেৰে, যিটো গীত শেহতীয়াকৈ অতিকৈয়ে জনপ্ৰিয় হৈ পৰিছিল ৷ এই গীতটো গুজৰাটী গীত যদিও ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে অতিকৈয়ে ভাল পাইছিল গীতটি ৷ এই গীতটিৰ পিচত নাচ পঞ্জাবান আৰু শিৱবা আমচা মালহাৰীকে ধৰি অন্যান্য ভাষাৰ গীতৰ মিশ্ৰণ দেখা যাব মহোৎসৱত ।

লগতে পঢ়ক: Waheeda Rehman: দাদা চাহেব ফাল্কে বঁটা লাভ কৰি আৱেগিক হৈ পৰিল ৱাহিদা ৰেহমান, লাভ কৰিলে ষ্টেণ্ডিং অভেচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.