চিটাৰা ডেস্ক, ১২ ডিচেম্বৰ: প্ৰয়াত অভিনেত্ৰী শ্ৰীদেৱী আৰু বনী কাপুৰৰ কনিষ্ঠ কন্যা খুশী কাপুৰে শেহতীয়াকৈ ‘দ্য আৰ্চিজ’ ছবিখনেৰে বলীউডত আত্মপ্ৰকাশ কৰিছে । খুশীৰ এই ছবিখন অ’টিটি প্লেটফৰ্মত মুক্তি লাভ কৰিছে ৷ ইফালে ছবিখনৰ মুক্তিৰ পিচতে খুশীৰ অভিনয়ক যথেষ্ট প্ৰশংসা কৰা হৈছে । এই সকলোবোৰৰ মাজতে খবৰ আহিছে যে খুশীয়ে আন এখন ডাঙৰ ছবিৰ অফাৰ লাভ কৰিছে আৰু ছবিখনত ছাৰা আলী খানৰ ভাতৃ তথা ছৈফ আলী খানৰ পুত্ৰ ইব্ৰাহিম আলী খানৰ সৈতে দেখা যাব খুশীক । বিশেষ কথাটো হ’ল এই ৰম-কম ছবিখনৰ নিৰ্মাতা হৈছে কৰণ জোহৰ ।
ইব্ৰাহিম আলী খানৰ সৈতে এখন ছবিত চুক্তিবদ্ধ হৈছে খুশী কাপুৰ !
এক সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি ইব্ৰাহিম আলী খান আৰু খুশীয়ে একেলগে এখন ছবিৰ বাবে চুক্তিবদ্ধ হৈছে আৰু অহা বছৰৰ পৰা এই ছবিখনৰ শ্বুটিং আৰম্ভ হ’ব । এই ছবিখন পোনপটীয়াকৈ ডিজিটেল মাধ্যমত মুক্তি পাব বুলিও কোৱা হৈছে । প্ৰতিবেদন অনুসৰি, সূত্ৰটোৱে কয়, “তেওঁলোকৰ ডিজিটেল উইং ধৰ্মাটিক্সে প্ৰস্তুত কৰা ডাইৰেক্ট টু ডিজিটেল প্ৰজেক্ট হিচাপে ইয়াক পৰিকল্পনা কৰা হৈছে । অহা বছৰৰ পৰা আৰম্ভ হ’ব ছবিখনৰ শ্বুটিং আৰু পৰিচালনা কৰিব শৌনা গৌতমে । ষ্ট্ৰীমিং ৰাইটৰ বাবে এজন আগশাৰীৰ অ’টিটিৰ ব্যক্তিৰ সৈতে আলোচনাত মিলিত হৈছে নিৰ্মাতা । কিন্তু এই সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই ।’’
শৌনা গৌতম কোন ?
পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে শৌনা গৌতম ৷ দৰাচলতে কিছুমান ডাঙৰ বলীউড ছবিত সহকাৰী পৰিচালক হিচাপে কাম কৰিছে শৌনাই । চলিত বৰ্ষৰ আৰম্ভণিতে তেওঁ ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী’ ছবিখনৰ সৈতে জড়িত হৈ আছিল আৰু ২০১৮ চনত ৰাজু হিৰানীৰ নিৰ্দেশনাত সহকাৰী পৰিচালক হিচাপে ৰণবীৰ কাপুৰ অভিনীত ছবি ‘সঞ্জুৰ’ অংশ আছিল ।
ইব্ৰাহিম আলী খানৰ প্ৰথম ছবি
ছাইফ আলী খানৰ পুত্ৰ ইব্ৰাহিম আলী খানে ইতিমধ্যে বলীউডত তেওঁৰ প্ৰথম প্ৰজেক্টৰ কাম কৰি আছে । জানিব পৰা মতে, কাজলৰ সৈতে ইব্ৰাহিমক এখন ৰোমাঞ্চকৰ ছবিত দেখা যাব । ছবিখনৰ সবিশেষ এতিয়াৰ বাবে গোপন কৰি ৰখা হৈছে ।
খুশী কাপুৰৰ প্ৰথম ছবি
খুশীয়ে শেহতীয়াকৈ দ্য আৰ্চিজৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছে। অৱশ্যে ইনষ্টাগ্ৰামত তেওঁৰ বিপুল ফেন ফ’ল’ৱাৰ আছে । ছবিখনত খুশীৰ সৈতে শ্বাহৰুখ খানৰ কন্যা সুহানা খান আৰু অমিতাভ বচ্চনৰ নাতি অগস্ত্য নন্দাকো দেখা গৈছিল ৷