চিটাৰা ডেস্ক, 6 মাৰ্চ: অভিনেত্ৰীৰ পৰা ৰাজনীতিক হোৱা ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সদস্য খুছবু সুন্দৰে শেহতীয়াকৈ এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে পিতৃৰ বিৰুদ্ধে ৷ আঠ বছৰ বয়সতে পিতৃয়ে খুছবু সুন্দৰক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে নেত্ৰীগৰাকীয়ে (Khushbu Sundar) । শেহতীয়াকৈ সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত এই অভিযোগ উত্থাপন কৰে খুছবু সুন্দৰে ৷ শুনিবলৈ অবিশ্বাস্য যেন লাগিলেও পিতৃ-কন্যাৰ সম্পৰ্কক কালিমা সনা এনে এক ঘটনাই সংঘটিত হৈছে খুছবু সুন্দৰৰ লগত (Actor turned politician Khushbu Sundar news today) ৷
খুছবু সুন্দৰে সাক্ষাৎকাৰত কয় যে, এটি শিশুৰ লগত যৌন নিৰ্যাতন হ’লে সেয়া লাগিলে ল’ৰাই হওক বা ছোৱালীয়েই হওক, সেই দাগ আজীৱন শিশুটিৰ মনত ৰৈ যায় ৷ ৰাজনীতিকগৰাকীয়ে লগতে মাতৃৰ বিষয়ে কয়, "কেৱল মোৰ ওপৰতেই নহয়, মোৰ মাতৃৰ ওপৰতো পিতৃয়ে নিৰ্যাতন চলাইছিল ৷ পিতৃয়ে ভাবিছিল পত্নী, সন্তানক মাৰপিট কৰা আৰু একমাত্ৰ ছোৱালীক নিৰ্যাতন কৰাটো তেওঁৰ জন্মগত অধিকাৰ আছিল ।"
খুছবুৱে লগতে কয়, "পৰিয়ালৰ আন সদস্যসকলে উৎপীড়নৰ ভয়ত মুখ বন্ধ ৰাখিছিল, ইফালে মোৰ লগত আঠ বছৰ বয়সৰ পৰাই নিৰ্যাতন আৰম্ভ হৈছিল । মোৰ মাতৃৰ মানসিকতা আছিল যে যিয়েই নহওক কিয় মোৰ স্বামী মোৰ বাবে দেৱতা (Khushbu Sundar says she was sexually abused) ।"
১৫ বছৰ বয়সত খুছবুৱে পিতৃৰ বিৰোধ কৰিবলৈ আৰম্ভ কৰে ৷ অভিনেত্ৰীৰ পৰা ৰাজনীতিবিদ হোৱা খুছবুৱে লগতে কয় যে, পিতৃয়ে পৰিয়ালটোক এৰি থৈ গুচি যায় ৷ পিতৃয়ে ঘৰখন এৰি দিয়াৰ সময়ত খুছবুৰ বয়স আছিল মাত্ৰ ১৬ বছৰ ৷ পিতৃৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালটোৰ বিষয়ে এবাৰো চিন্তা কৰা নাছিল যে পিতৃয়ে পৰিয়ালটো কেনেকৈ চলিব ? কি খাব ? পঢ়া শুনা কেনেকৈ কৰিব ?
উল্লেখ্য যে, চলচ্চিত্ৰ প্ৰযোজক তথা টেলিভিছন উপস্থাপক হিচাপে নিজকে প্ৰতিষ্ঠা লাভ কৰা অভিনেত্ৰীগৰাকীয়ে প্ৰথমে ডি এম কেত যোগদান কৰিছিল যদিও পিচত কংগ্ৰেছলৈ গুচি আহি দলটোৰ মুখপাত্ৰ হৈ পৰে (NCW member Khushbu Sundar news update) । অৱশেষত বিজেপিলৈ স্থানান্তৰিত হৈ ২০২১ চনৰ তামিলনাডু বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে । ডি এম কেৰ এন এজিলানৰ হাতত পৰাস্ত হয় । তেওঁৰ সৈতে মনোনীত হোৱা আন কেইজন হৈছে ঝাৰখণ্ডৰ মমতা কুমাৰী আৰু মেঘালয়ৰ পৰা ডেলিনা খংডুপ (Khushbu Sundar news revelation against her father) ।
খুছবু সুন্দৰে প্ৰধানকৈ তামিল ভাষাৰ কামৰ বাবে পৰিচিত । ১০০ খনতকৈও অধিক তামিল ছবিত অভিনয় কৰি ১৯৮০ আৰু ১৯৯০ চনৰ শেষৰ ফালে তামিল চিনেমাৰ অন্যতম আগশাৰীৰ সমসাময়িক অভিনেত্ৰী তথা ছুপাৰষ্টাৰ হৈ পৰে (Actor turned politician Khushbu Sundar news) ।
(এই বাতৰিটো ইটিভি ভাৰতে সম্পাদনা কৰা নাই আৰু ছিণ্ডিকেটেড ফিডৰ পৰা অটো-জেনেৰেট কৰা হৈছে)
লগতে পঢ়ক: Big B injured: প্ৰজেক্ট কেৰ দৃশ্যগ্ৰহণৰ মাজতে আহত বিগ বি অমিতাভ বচ্চন