ETV Bharat / entertainment

Deepika on Pathaan: পাঠান বিতৰ্কক লৈ কি ক’লে অভিনেত্ৰী দীপিকা পাডুকনে ?

পাঠান ছবিখনক লৈ শেহতীয়াকৈ দেশজুৰি সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ (Pathaan controversy) ৷ কিন্তু এই বিতৰ্ক সন্দৰ্ভত মৌন হৈ থকা অভিনেত্ৰী দীপিকা পাডুকনে শেহতীয়াকৈ এই সন্দৰ্ভত মুখ খুলিছে ৷

author img

By

Published : Feb 28, 2023, 9:36 PM IST

How Deepika Padukone kept her cool during Pathaan controversy? Actor answers
অভিনেত্ৰী দীপিকা পাডুকনে কি ক’লে পাঠান সন্দৰ্ভত

চিটাৰা ডেস্ক, 28 ফেব্ৰুৱাৰী: বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ বহু বিতৰ্কিত ছবি পাঠানক লৈ শেহতীয়াকৈ দেশজুৰি সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ (Pathaan controversy in India) ৷ ছবিখন মুক্তিৰ পূৰ্বেই সোমাই পৰিছিল বিতৰ্কৰ আৱৰ্তত ৷ দেশজুৰী ছবিখনৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে সাব্যস্ত কৰিছিল প্ৰতিবাদ (Protest against Pathaan) ৷

ছবিগৃহসমূহতো উদ্ভণ্ডালি কৰিছিল একাংশই ৷ ছবিখনত শ্বাহৰুখৰ লগত অভিনয় কৰা অভিনেত্ৰী দীপিকাই গেৰুৱা বস্ত্ৰ পৰিধান কৰি হিন্দু ধৰ্মৰ অপমান কৰা বুলি একাংশই অভিযোগ উত্থাপন কৰি সাব্যস্ত কৰিছিল প্ৰতিবাদ ৷ কিন্তু মুক্তিৰ পিচতেই যেন দৃশ্যপট সলনি হৈ গ’ল ছবিখনৰ ৷ বক্স অফিচ ব্লকবাষ্টাৰ হিট ৰূপে পৰিগণিত হয় ছবিখন (Pathaan controversy) ৷

উল্লেখ্য যে, এই ছবিখনত দীপিকাৰ বেশৰম ৰং গীতটিৰ বাবেই বিশেষকৈ সাব্যস্ত কৰিছিল প্ৰতিবাদ ৷ কিন্তু সেই সময়ত এইক্ষেত্ৰত সম্পূৰ্ণ মৌনতা অৱলম্বন কৰিছিল দীপিকাই ৷ অৱশেষত এই সন্দৰ্ভত মৌনতা ভংগ কৰিলে অভিনেত্ৰীগৰাকীয়ে (Deepika Padukone on Pathaan controversy) ৷ শেহতীয়াকৈ এক সাক্ষাৎকাৰত অভিনেত্ৰী গৰাকীয়ে কয়, “অভিজ্ঞতা আৰু পৰিপক্কতাই মোক কঠিন সময়ৰ পৰা উলাই আহিবলৈ সহায় কৰিছিল ৷ বিশেষকৈ ক্ৰীড়াৰ পটভূমিয়ে মোক সংযমৰ বিষয়ে বহু কথা শিকাইছিল ।"

ইফালে এছ আৰ কেৰ সৈতে সম্পৰ্কৰ বিষয়ে অভিনেত্ৰীগৰাকীয়ে কয়, মোৰ কেৰিয়াৰে উৰা মাৰিলে কাৰণ তেওঁৰ দৰে ছুপাৰষ্টাৰে মোৰ দৰে এগৰাকী নতুন অভিনেত্ৰীৰ ওপৰত ওম শান্তি ওমত ছবিখনত মোৰ দুটা ভূমিকাত অপৰিসীম বিশ্বাস দেখুৱাইছিল । অডিচন নিদিয়াকৈয়ে ওম শান্তি ওম কৰিবলৈ সক্ষম হৈছিলো ।"

অভিনেত্ৰীগৰাকীৰ মতে এছ আৰ কেৰ সৈতে তেওঁৰ সম্পৰ্ক সুন্দৰ কথাটো হ’ল ইগৰাকীয়ে সিগৰাকীৰ প্ৰতি যি অনুভৱ কৰে সেই কথা প্ৰকাশ কৰিবলৈ শব্দৰ প্ৰয়োজন নহয় ৷ কাৰণ তেওঁলোকৰ অনুভৱ প্ৰকাশ কৰিবলৈ হাত ধৰি বা আলিংগন এটাই যথেষ্ট ।

লগতে পঢ়ক: পাঠান বিতৰ্ক সন্দৰ্ভত মুখ খুলি বিষবাষ্প বিয়পোৱা সকলক উচিত উত্তৰ দিলে শ্বাহৰুখে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.