ETV Bharat / entertainment

Sam Bahadur Poster: নতুন পোষ্টাৰৰ সৈতে ট্ৰেইলাৰ মুক্তিৰ তাৰিখ ঘোষণা বিকি কৌশলৰ ছেম বাহাদুৰৰ

অভিনেতা বিকি কৌশলৰ অভিনীত ছবি ‘ছেম বাহাদুৰ’ৰ নতুন পোষ্টাৰ মুকলি ৷ লগতে ট্ৰেইলাৰ মুক্তিৰ তাৰিখ ঘোষণা ৷

author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 2:46 PM IST

http://10.10.50.90:6060///finaloutc/english-nle/finalout/06-November-2023/19953778_jj.jpg
'ছেম বাহাদুৰ'ৰ নতুন পোষ্টাৰ মুকলি

চিটাৰা ডেস্ক, 6 নৱেম্বৰ: ভাৰতৰ প্ৰথমজন ফিল্ড মাৰ্শ্বাল ছেম মানেকশ্ব'ৰ আবেগিক কাহিনীত দেখা যাব বিকি কৌশলক । কেইদিনমানৰ পিচতে ছবিগৃহত মুক্তি পাব ছবিখন । ‘উৰি’ আৰু ‘ৰাজী’ৰ পিচত পুনৰ এবাৰ দেখা যাব বিকি কৌশলক সেনা বিষয়াৰ চৰিত্ৰত । ইতিমধ্যেই ছবিখনৰ কিছু পোষ্টাৰ মুকলি কৰা হৈছে যদিও নিৰ্মাতাই আকৌ এখন নতুন পোষ্টাৰৰ জৰিয়তে ছেমৰ চৰিত্ৰত বিকিৰ লুক প্ৰকাশ কৰিছে ৷ ইয়াৰ লগতে 'ছেম বাহাদুৰ' ছবিখনৰ ট্ৰেইলাৰ মুক্তিৰ তাৰিখো ঘোষণা কৰা হৈছে ।

'ছেম বাহাদুৰ'ৰ নতুন পোষ্টাৰ মুকলি

‘ছেম বাহাদুৰ’ৰ নতুন পোষ্টাৰত বিকি কৌশলক গাম্ভীৰ্যপূৰ্ণ লুকত দেখা গৈছে । তেওঁৰ পিছফালে এদল জোৱান থিয় হৈ থকা দেখা গৈছে । পোষ্টাৰখন শ্বেয়াৰ কৰি তেওঁ কেপচনত লিখিছে, ‘‘এয়া ভাৰতীয় সেনা আৰু এই দেশৰ বাবে নিজৰ প্ৰাণ দিয়া এজন ব্যক্তিৰ কাহিনী ।’ ছবিখনৰ নতুন পোষ্টাৰ আৰু বিকিৰ লুকক অনুৰাগীয়ে যথেষ্ট প্ৰশংসা কৰিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ট্ৰেইলাৰ মুক্তিৰ তাৰিখো ঘোষণা

পোষ্টাৰখন প্ৰকাশ কৰাৰ লগতে বিকিয়ে কয় যে ছবিখনৰ ট্ৰেইলাৰ কাইলৈ ​​অৰ্থাৎ ৭ নৱেম্বৰত মুক্তি পাব । আনহাতে, অনুৰাগীয়ে ‘ছেম’ৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে বিকিৰ নিষ্ঠাক প্ৰশংসা কৰিছে । এজন ব্যৱহাৰকাৰীয়ে ক’লে, ‘‘আপুনি এই ছবিখনৰ বাবে নিজকে সম্পূৰ্ণৰূপে ৰূপান্তৰিত কৰিলে । সেয়েহে, ছবিখন যে এক মাষ্টাৰপিছ হ’ব সেয়া নিশ্চিত ।’’ আন এজনে লিখিছে, ‘‘আন এটা মাষ্টাৰপিছ মুক্তিৰ বাবে সাজু হৈছে ।’’’

উল্লেখ্য যে, মেঘনা গুলজাৰৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত সন্যা মালহোত্ৰা আৰু ছানা ফাতিমাকো অভিনয় কৰা দেখা যাব । সন্যাক ছেমৰ পত্নী চেলু হিচাপে দেখা যাব । এই ছবিখন মুক্তি পাব ১ ডিচেম্বৰত, ইফালে ১ ডিচেম্বৰত ৰণবীৰ কাপুৰৰ ‘এনিমেল’ ছবিখনো মুক্তি পাব । অৰ্থাৎ বক্স অফিচত আকৌ এবাৰ দুখন ডাঙৰ ছবিৰ মাজত সংঘৰ্ষ দেখা যাব ।

লগতে পঢ়ক: The Railway Men Trailer: ইৰফান খানৰ পুত্ৰ বাবিলৰ অভিনীত ‘দ্য ৰে’লৱে মেন’ৰ গাৰ নোম শিয়ৰি উঠা ট্ৰেইলাৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.