ETV Bharat / entertainment

ৰণবীৰ কাপুৰৰ ছবি এনিমেলৰ ট্ৰেইলাৰ মুক্তিৰ তাৰিখ ঘোষণা

Animal Trailer Release Date Announce: অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছে ৰণবীৰ কাপুৰৰ অভিনীত ছবি ‘এনিমেল’ৰ ট্ৰেইলাৰৰ বাবে । অৱশেষত আজি নিৰ্মাতাই ঘোষণা কৰিছে ‘এনিমেল’ৰ ট্ৰেইলাৰৰ মুক্তিৰ তাৰিখ ।

author img

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 5:07 PM IST

Here's when Ranbir Kapoor and Rashmika Mandanna's Animal trailer will drop; deets inside
এনিমেলৰ ট্ৰেইলাৰ মুক্তিৰ তাৰিখ ঘোষণা

চিটাৰা ডেস্ক, 20 নৱেম্বৰ: সন্দীপ ৰেড্ডী ভাংগাৰ পৰিচালনাত নিৰ্মিত ৰণবীৰ কাপুৰ অভিনীত ছবি ‘এনিমেল’ চলিত বৰ্ষৰ অন্যতম প্ৰত্যাশিত ছবি । ছবিখনৰ মুক্তিৰ তাৰিখ অতি ওচৰ চাপি অহাৰ বাবে অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে ‘এনিমেল’ৰ ট্ৰেইলাৰ মুক্তিৰ বাবে । অৱশেষত অন্ত পৰিল অনুৰাগীৰ অপেক্ষাৰ, ‘এনিমেল’ৰ নিৰ্মাতাই ট্ৰেইলাৰ মুক্তিৰ তাৰিখ ।

কেতিয়া মুক্তি পাব ৰণবীৰ কাপুৰৰ 'এনিমেল'ৰ ট্ৰেইলাৰ ?

অনুৰাগীক ভাল খবৰ দি সন্দীপ ৰেড্ডী ভাংগাই অৱশেষত সোমবাৰে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত ‘এনিমেল’ৰ ট্ৰেইলাৰৰ মুক্তিৰ তাৰিখ প্ৰকাশ কৰে । ৰণবীৰ কাপুৰৰ সৈতে নিজৰ ব্লেক এণ্ড ৱাইট ছবি শ্বেয়াৰ কৰি ‘এনিমেল’ৰ ট্ৰেইলাৰ মুক্তিৰ তাৰিখ ঘোষণা কৰিছে । সন্দীপে লিখিছে, "২৩ নৱেম্বৰত আহিব ট্ৰেইলাৰ ।" এনিমেল’ৰ ট্ৰেইলাৰ মুক্তিৰ তাৰিখ ঘোষণা কৰাৰ লগে লগে বৃদ্ধি পাইছে অনুৰাগীৰ উচাহ ।

  • " class="align-text-top noRightClick twitterSection" data="">

বুৰ্জ খলিফাত মুক্তি পাইছিল এনিমেল টিজাৰ

উল্লেখ্য যে, শেহতীয়াকৈ ডুবাইৰ বুৰ্জ খলিফাত এনিমেলৰ টিজাৰ মুক্তি পাইছিল । এই বিশেষ মুহূৰ্তৰ বাবে ডুবাইত উপস্থিত হৈছিল ৰণবীৰ কাপুৰ আৰু ববি দেওল । বিশ্বৰ সৰ্ববৃহৎ অট্টালিকাটোত ‘এনিমেল’ৰ টিজাৰ দেখি আচৰিত হৈছিল ৰণবীৰ আৰু ববি । আনকি ৰণবীৰ কাপুৰেও নিজৰ মোবাইলৰ কেমেৰাৰে এই বিশেষ মুহূৰ্তটো বন্দী কৰিছিল ।

কেতিয়া মুক্তি পাব এনিমেল ?

এনিমেল ছবিখনত ৰণবীৰ কাপুৰ আৰু ৰশ্মিকা মন্দন্নাৰ উপৰিও অনিল কাপুৰ, ববি দেওল আৰু ত্ৰুপ্তি ডিমৰিয়েও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । এই ছবিখন পূৰ্বে ১১ আগষ্টত মুক্তি পোৱাৰ কথা আছিল যদিও পোষ্ট প্ৰডাকচনৰ বাবে মুক্তিৰ তাৰিখ পিছুৱাই দিয়া হয় । এতিয়া এই ছবিখন ১ ডিচেম্বৰত ছবিগৃহত মুক্তি পাব ।

লগতে পঢ়ক: বিশ্বকাপৰ ফাইনেলৰ মাজতে অনুৰাগীক ছলমান খানে দিলে ভাল খবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.