চিটাৰা ডেস্ক, 18 অক্টোবৰ: মুকলি হ’ল শিল্পা শ্বেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাৰ জীৱন আৰু ইয়াৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ ঘটনাৰ আধাৰত নিৰ্মিত ছবি 'UT 69'ৰ ট্ৰেইলাৰ । বিশেষ কথাটো হ’ল যে ছবিখনত ৰাজ কুন্দ্ৰাই নিজেই নিজৰ চৰিত্ৰত অভিনয় কৰিছে । এ এ ফিল্মছৰ বেনাৰত নিৰ্মিত এই ছবিখন পৰিচালনা কৰিছে শ্বাহনৱাজ আলীয়ে । অহা ৩ নৱেম্বৰত ছবিগৃহত মুক্তি পাব ‘UT 69’ ।
'UT 69' ছবিখন ৰাজ কুন্দ্ৰাৰ বায়'পিক ছবি । ছবিখনৰ ট্ৰেইলাৰত ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে প্ৰাপ্তবয়স্ক ছবি নিৰ্মাণৰ অভিযোগ আৰু তাৰ পিচত জেইলত কটোৱা জীৱনৰ আভাস দেখুওৱা হৈছে । ট্ৰেইলাৰত দেখুওৱা হৈছে যে ৰাজ কুন্দ্ৰাই কেনেদৰে প্ৰাপ্তবয়স্ক ছবি নিৰ্মাণৰ অভিযোগত জেইললৈ যাবলগীয়া হৈছিল আৰু তাৰ পিচত তাত থকা আৰক্ষী আৰু কয়দীসকলে তেওঁৰ লগত কেনে ব্যৱহাৰ কৰিছিল সেই বিষয়ে দেখুওৱা হৈছে । জেইলত এফালে যদি আৰক্ষীয়ে তেওঁক উলংগ কৰি পেলায়, আনফালে কয়দীসকলে বিশ্বাস কৰিব নোৱাৰে যে তেওঁ সঁচাকৈয়ে অভিনেত্ৰী শিল্পা শ্বেট্টীৰ স্বামী ।
স্বামীৰ প্ৰশংসাত পঞ্চমুখ হ’ল শিল্পা শ্বেট্টী
শিল্পা শ্বেট্টীয়ে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰামত স্বামীৰ বায়’পিকৰ ট্ৰেইলাৰ শ্বেয়াৰ কৰিছে । ইয়াৰ লগতে তেওঁ এটা কেপচনো লিখিছে । শিল্পাই লিখিছে- ‘অল দ্য বেষ্ট কুকি । আপুনি এজন সাহসী মানুহ । আপোনাৰ বিষয়ে মই সেইটোৱেই আটাইতকৈ বেছি প্ৰশংসা কৰো ! এয়া আপোনাৰ সাহস আৰু ইতিবাচকতাৰ পৰিচয় !
- " class="align-text-top noRightClick twitterSection" data="">
অশ্লীল ছবি নিৰ্মাণৰ বাবে জেইললৈ গৈছিল ৰাজ কুন্দ্ৰা
উল্লেখ্য যে ২০২১ চনত ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে অশ্লীল ছবি নিৰ্মাণৰ অভিযোগ উত্থাপন হৈছিল । তেওঁৰ বিৰুদ্ধে হটছটছ নামৰ এপ এটাৰ জৰিয়তে অশ্লীল ছবি বিতৰণ আৰু প্ৰযোজনা কৰাৰ অভিযোগ উত্থাপন হৈছিল । ইয়াৰ পিচত ২০২১ চনৰ ১৯ জুলাইত মুম্বাই আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি জেললৈ নিক্ষেপ কৰে । অৱশ্যে কিছু সময়ৰ পাচত জেলৰ পৰা মুকলি কৰি দিয়া হয় ৰাজক । এতিয়া তেওঁ সংবাদ মাধ্যমৰ পৰা আঁতৰি থাকিবলৈ য’তেই যায় মাস্ক পৰিধান কৰা দেখা যায় ৷
লগতে পঢ়ক: Munawar Farooqui: বিগ বছ-১৭ৰ প্ৰতিযোগী মুনাৱাৰ ফাৰুকিয়ে প্ৰকাশ কৰিলে নিজৰ বেয়া সময়ৰ কথা