ETV Bharat / entertainment

Hema Malini: ছানি দেওলৰ ছবি গদৰ ২ চাই হেমা মালিনীয়ে ক’লে; ভাৰত আৰু পাকিস্তানৰ বাবে...

author img

By

Published : Aug 20, 2023, 9:55 AM IST

হেমা মালিনীয়ে শনিবাৰে মুম্বাইৰ এটা ছবিগৃহত চালে ছানী দেওলৰ অভিনীত ছবি গদৰ 2 ৷ জানো আহক ছবিখনৰ সন্দৰ্ভত ড্ৰিম গাৰ্লৰ অভিনেত্ৰী হেমা মালিনীৰ অভিজ্ঞতা কেনেকুৱা আছিল ।

Hema Malini all praises for Sunny Deol after watches Gadar 2
হেমা মালিনীয়ে মুম্বাইৰ এখন ছবিগৃহত চালে গদৰ 2

চিটাৰা ডেস্ক, 20 আগষ্ট: ভাৰতীয় চিনেমাৰ ইতিহাসৰ অন্যতম ব্লকবাষ্টাৰ ছবি হিচাপে পৰিগণিত হৈছে ছানী দেওল আৰু অমিষা পেটেলৰ অভিনীত ছবি ‘গদৰ ২’। ছবিখনে দৰ্শক আৰু সমালোচক উভয়ৰে পৰা ইতিবাচক সঁহাৰি লাভ কৰিছে । ছবিখনত ছানী আৰু আমিষাৰ অন স্ক্ৰীণ কেমিষ্ট্ৰী দেখা গৈছে যদিও তাৰা সিঙৰ একচনৰ দৃশ্যই দৰ্শকক অধিক আকৰ্ষিত কৰিছে ৷

ইফালে, ১৯ আগষ্টত মুম্বাইৰ এখন থিয়েটাৰৰ বাহিৰত ছানী দেওলৰ গদৰ ২ চাই ওলাই অহা দেখা গ’ল ধৰ্মেন্দ্ৰৰ পত্নী তথা ছানী দেওলৰ মাহীমাক হেমা মালিনীক । ছবিখন চাই ড্ৰিম গাৰ্লে ছানী দেওলৰ অভিনয়ৰ শলাগ লয় ।

শনিবাৰে নিশা মুম্বাইৰ এটা ছবিগৃহত ছবিখন চোৱাৰ পিচত চিৰসেউজ অভিনেত্ৰী হেমাই ওলাই আহি পাপাৰাজীৰ সৈতে মত বিনিময় কৰে । ছবিখনক ‘আকৰ্ষণীয়’ বুলি অভিহিত কৰি হেমাই কয়, ‘‘ভাৰত আৰু পাকিস্তানৰ বাবে এই ছবিখনত এটা ভাল বাৰ্তা আছে ।’’

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত হেমা মালিনীয়ে কয় যে মই এইমাত্ৰ গদৰ-২ চাই আহিছো । বৰ ভাল লাগিল । যি আশা কৰা হৈছিল ছবিখন তেনেকুৱাই হৈছে ৷ বৰ আকৰ্ষণীয় আছিল । এনে লাগিছিল যেন অনিল শৰ্মাই সেই যুগটো আনিছে যিটো ৭০-৮০ৰ দশকৰ ছবিত আছিল । অতি সুন্দৰ পৰিচালনা কৰা হৈছে ।

ছানী দেওল আৰু ছবিখনৰ দলটোক প্ৰশংসা কৰি হেমা মালিনীয়ে কয়, ‘‘ছানী চমৎকাৰ, অনিল শৰ্মাৰ পুত্ৰ উৎকৰ্ষেও সুন্দৰ অভিনয় কৰিছে । নতুন ছোৱালীজনীও বৰ ধুনীয়া অভিনয় কৰিছে । এই ছবিখন দেখি জাতিৰ প্ৰতি মানুহৰ মনত যি অনুভৱ হ’ব লাগে সেয়া হ’ল দেশপ্ৰেম । মুছলমানৰ প্ৰতি যি ভাতৃত্ববোধৰ বিষয় হ’ব লাগে, সেই বিষয়টো শেষলৈ অনা হৈছে ।’’

উল্লেখ্য যে, ভাৰত আৰু পাকিস্তানৰ বাবে এয়া এক ভাল বাৰ্তা । ছানী দেওল, অমিষা পেটেল আৰু উৎকৰ্ষ শৰ্মাৰ অভিনীত ছবি গদৰ ২য়ে ঘৰুৱা বক্স অফিচত ৩০০ কোটিৰ সীমা অতিক্ৰম কৰিছে ।

লগতে পঢ়ক: Gadar 2 vs OMG 2 BOC Day 7: বক্স অফিচত লেহেমীয়া হ’ল ‘গদৰ ২’ৰ গতি, OMG ২ য়েও অতিক্ৰম কৰিলে ১০০ কোটিৰ সীমা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.