চিটাৰা ডেস্ক, 15 নৱেম্বৰ: আজি ভাৰতীয় প্ৰাক্তন টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাৰ ৩৭ সংখ্যক জন্মদিন । টেনিছ তাৰকা হিচাপে পৰিচিত ছানিয়া । টেনিছত সফলতা অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে ছানিয়াই । ছানিয়া এগৰাকী আন্তঃৰাষ্ট্ৰীয় চেলিব্ৰিটি । এনে পৰিস্থিতিত সাধাৰণ জনতাৰ লগতে ছবিজগততো আছে তেওঁৰ অনুৰাগী ৷ ইফালে ছবিজগতত চলচ্চিত্ৰ নিৰ্মাতা ফাৰাহ খান আৰু পৰিণীতি চোপ্ৰাক ছানিয়া মিৰ্জাৰ বেষ্ট ফ্ৰেণ্ড বুলি গণ্য কৰা হয় । তেওঁলোকৰ এই যুটি অনুৰাগীয়ে অতিশয়ে ভাল পায় । আজি যিহেতু ছানিয়াৰ জন্মদিন, গতিকে বেষ্ট ফ্ৰেণ্ডৰ জন্মদিনত ফাৰাহ খানে এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে ।
কোৰিঅ’গ্ৰাফাৰ-পৰিচালক ফাৰাহ খান আৰু ছানিয়া মিৰ্জা ইগৰাকী সিগৰাকীৰ অতি ঘনিষ্ঠ বন্ধু । বহু বছৰ ধৰি দুয়ো ইগৰাকী সিগৰাকীৰ বেষ্ট ফ্ৰেণ্ড । ২০১৭ চনত ফাৰাহ আৰু ছানিয়া দুয়োগৰাকী কৰণ জোহৰৰ টক শ্ব’ কফি উইথ কৰণত দুয়ো একেলগে অংশগ্ৰহণ কৰিছিল । ইফালে ছানিয়া মিৰ্জাৰ জন্মদিনক বিশেষ কৰি তুলিবলৈ ফাৰাহ খানে তেওঁৰ বাবে এটা মৰমলগা পোষ্ট শ্বেয়াৰ কৰিছে । ফাৰাহ খানে নিজৰ পোষ্টটোত লিখিছে, "হেপি বাৰ্থডে মোৰ প্ৰিয় @mirzasania, আপুনি সদায় সুখী হওক, বন্ধু-বান্ধৱী আৰু আপোনাক ভালপোৱা সকলোৰে মাজত আপুনি আগুৰি থাকক ৷ কাৰণ আপুনি এইটো আৰু ইয়াতকৈও অধিক পোৱাৰ যোগ্য।"
ফাৰাহ খানে নিজৰ ইনষ্টাগ্ৰামত ছানিয়া মিৰ্জাৰ সৈতে ফটো শ্বেয়াৰ কৰিছে । য’ত ছানিয়াই ফাৰাহক সাৱটি ধৰা দেখা গৈছে । টেনিছ তাৰকাগৰাকীক প্ৰিণ্টেড ক’লা-বগা জেকেটত গ্লেমাৰাছ দেখা গৈছে, আনহাতে ফাৰাহক বহুৰঙী টপ পৰিধান কৰা দেখা গৈছে ।
কিছু ফটোত ছানিয়া মিৰ্জা আৰু ফাৰাহ খানক তেওঁলোকৰ বন্ধু তথা গায়িকা অনন্যা বিৰলাৰ সৈতেও দেখা গৈছে । অনন্যা বিৰলাই ফাৰাহ খানৰ এই পোষ্টত মন্তব্য কৰি লিখিছে, "উভতি যাওঁ ৷" ইফালে অনুৰাগীয়েও ফাৰাহ আৰু ছানিয়াৰ বন্ধুত্বৰ ওপৰত মৰমৰ বৰষুণ দিয়া দেখা গৈছে ৷ এগৰাকীয়ে লিখিছিল, "কিউট পিকচাৰ ৷" আনহাতে বহুতে ছানিয়া মিৰ্জাক জন্মদিনৰ শুভেচ্ছা জনাইছে ৷
ফাৰাহ খান আৰু ছানিয়া মিৰ্জাৰ বন্ধুত্ব বহু বছৰ পুৰণি । কফি উইথ কৰণ ছিজন ৫ ত ফাৰাহে প্ৰকাশ কৰে যে তেওঁলোকৰ বন্ধুত্ব আৰম্ভ হৈছিল যেতিয়া তেওঁ ছানিয়াক তেওঁৰ টক শ্ব’ ‘তেৰে মেৰে বিচ মে’ত অতিথি হিচাপে নিমন্ত্ৰণ কৰিছিল । তেওঁ কয়, "আমাৰ বন্ধুত্বত কোনো স্বাৰ্থ নাই, কাৰণ আমাৰ ইগৰাকীয়ে সিগৰাকীৰ পেছাৰ সৈতে কোনো সম্পৰ্ক নাই ।"
লগতে পঢ়ক: Ranbir Kapoor: এইগৰাকী ছুপাৰষ্টাৰৰ শ্ব’ত অনন্য শৈলীত এনিমেলৰ প্ৰচাৰ চলালে ৰণবীৰ কাপুৰে