ETV Bharat / entertainment

Sonu Nigam Birthday: চনু নিগমৰ এই পাঁচটা বিতৰ্কিত মন্তব্যই সৃষ্টি কৰিছিল ব্যাপক প্ৰতিক্ৰিয়াৰ, কি এই ৫ টা মন্তব্য ?

বলীউডত নিজৰ কণ্ঠৰে বহু প্ৰজন্মক মন্ত্ৰমুগ্ধ কৰা কণ্ঠশিল্পী চনু নিগম সমগ্ৰ বিশ্বতে আজি জনপ্ৰিয় । মহম্মদ ৰফিক অনুসৰণ কৰি নিজৰ কেৰিয়াৰ আৰম্ভ কৰা চনু নিগমে নিজৰ শৈলী উদ্ভাৱন কৰি নিজৰ সময়ৰ অন্যতম শ্ৰেষ্ঠ কণ্ঠশিল্পী হিচাপে পৰিগণিত হয় ।

Happy Birthday Sonu Nigam 5 popular controversies of Sonu Nigam from ajan to radhe maa
কণ্ঠশিল্পী চনু নিগমৰ জন্মদিন
author img

By

Published : Jul 30, 2023, 12:23 PM IST

চিটাৰা ডেস্ক, 30 জুলাই: চনু নিগম কেৱল এটা নামেই নহয়, ভাৰতীয় চলচ্চিত্ৰ জগতৰ অন্যতম কণ্ঠশিল্পী হিচাপে গণ্য কৰা হয় চনু নিগমক । ডেৰ-দুই দশক ধৰি এই উদ্যোগটোত নিজৰ কণ্ঠৰে সকলোৰে হৃদয়ত আদিপত্য বিস্তাৰ কৰিছে ৷ চনু নিগমৰ অনুৰাগী কেৱল দেশতেই নহয় বিদেশতো আছে ৷ আজি চনু নিগমে উদযাপন কৰিছে 50 সংখ্যক জন্মদিন । কিন্তু নিজৰ কণ্ঠৰে সকলোকে আপ্লুত কৰা চনু নিগমৰ কিছু বিতৰ্কিত মন্তব্যই দেশজুৰি সৃষ্টি কৰিছিল প্ৰতিক্ৰিয়াৰ ৷ জানো আহক কণ্ঠশিল্পীগৰাকীৰ মন্তব্যৰে সৃষ্টি হোৱা কিছু বিতৰ্কৰ বিষয়ে ৷

১- টি-ছিৰিজৰ দিব্যা খোছলাৰ সৈতে বিতৰ্ক

কৰ’না কালত চনু নিগম আৰু দিব্যা খোছলাৰ মাজত বিতৰ্কৰ সৃষ্টি হৈছিল, য’ত দুয়োপক্ষৰ পৰা বহু ভিডিঅ' শ্বেয়াৰ কৰা হৈছিল । দিব্যাৰ স্বামী তথা টি ছিৰিজৰ স্বত্বাধিকাৰী ভূষণ কুমাৰৰ বিৰুদ্ধে বহু অভিযোগো উত্থাপন কৰিছিল চনু নিগমে । বলীউড সংগীত জগতখনক সমালোচনা কৰিছিল চনু নিগমে যাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল দিব্যাই ।

২- আজানৰ ওপৰত দিয়া বক্তব্য

আজানৰ ওপৰত দিয়া বক্তব্যক লৈ দেশজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ ৷ লাউডস্পীকাৰত আজান দিয়াৰ বিৰোধিতা কৰিছিল চনু নিগমে । এই বক্তব্যৰ পিচতে কেৱল দেশতে নহয় সমগ্ৰ বিশ্বতে ট্ৰ’লৰ সন্মুখীন হ’বলগীয়া হৈছিল কণ্ঠশিল্পীগৰাকী ৷ দুটা ভিন্ন অনুষ্ঠানত তেওঁ আজান সন্দৰ্ভত ছ’চিয়েল মিডিয়াত নিজৰ মতামত প্ৰকাশ কৰিছিল, তাৰ পিচত এটা গোটৰ মাজত যথেষ্ট ক্ষোভৰ সৃষ্টি হৈছিল । এই সন্দৰ্ভত অভিনেতাগৰাকীয়ে প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিবলগীয়া হৈছিল।

৩- ৰাধে মাৰ সন্দৰ্ভত দিয়া বক্তব্য

চনু নিগমে কোনো সংকোচ নোহোৱাকৈ যিকোনো মন্তব্য প্ৰকাশ কৰে ৷ ৰাধে মা এবাৰ চুটি কাপোৰ পিন্ধাৰ বাবে ট্ৰ’ল হোৱাৰ সময়ত ৰাধে মাৰ সমৰ্থনত মন্তব্য কৰিছিল আৰু হিন্দু ধৰ্মৰ দেৱীসকলৰ লগত তুলনা কৰিছিল চনুৱে । ইয়াৰ পিচত ৰাইজৰ মাজত যথেষ্ট ক্ষোভৰ সৃষ্টি হৈছিল ৷

৪- অনু মালিকক MeToo ত সমৰ্থন কৰিছিল

MeToo মুভমেন্টৰ সময়ত বহু শিল্পীৰ নাম চৰ্চালৈ আহিছিল, যাৰ ওপৰত অভিনেত্ৰীগৰাকীয়ে কাষ্টিং কাউছ আৰু যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল । সেই সময়ত সোণা মহাপাত্ৰই অনু মালিকৰ ওপৰত হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰিছিল । ইয়াৰ মাজতে চনু নিগমে অনুক সমৰ্থন কৰি প্ৰমাণ ক’ত আছে বুলি প্ৰশ্ন কৰে । ইয়াৰ পিচত ছ’চিয়েল মিডিয়াত অনুক সমৰ্থন কৰাৰ বাবে সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয় ৷

৫- ইণ্ডিয়ান আইডল সম্পৰ্কে মনোভাৱ

ইণ্ডিয়ান আইডলত বিচাৰক আছিল চনু নিগম । কিন্তু ইয়াৰ পিচতো তেওঁ শ্ব’টোক সমালোচনা কৰিছিল । তেওঁ সকলো ৰিয়েলিটি শ্ব’ক লক্ষ্য কৰি লৈছিল । যেতিয়া কণ্ঠশিল্পীগৰাকীক সোধা হৈছিল যে তেওঁ কিয় ইমান সফল শ্ব’ এৰিলে । এই সন্দৰ্ভত তেওঁ ৰিয়েলিটি শ্ব’টোক ভুৱা বুলি কৈছিল ৷

লগতে পঢ়ক: Sanjay Dutt Birthday: সঞ্জয় দত্তৰ ৩০৮ গৰাকী প্ৰেমিকাৰ কাহিনী কিমান দূৰ সত্য ? প্ৰেমিকাৰ বাবে পত্নীকো আওকাণ কৰিছিল নেকি তেওঁ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.