চিটাৰা ডেস্ক, 27 জুলাই: ৰাজেশ খান্না আছিল বলীউডৰ এগৰাকী ছুপাৰষ্টাৰ । তেওঁৰ এটা সাক্ষাৎ পাবলৈ অনুৰাগীয়ে শাৰী পাতি ঘন্টাই ঘন্টাই অপেক্ষা কৰিছিল । অৱশ্যে ৰাজেশ খান্নাই অভিনয় জগতৰ পৰা যি ষ্টাৰডম পাইছিল, সেই ষ্টাৰডম নাপালে তেওঁৰ কন্যা দুগৰাকীয়ে ৷ বিশেষকৈ ৰাজেশ খান্নাৰ কনিষ্ঠ কন্যা ৰিংকী খান্নাৰ কেৰিয়াৰ বলীউডত বাৰুকৈয়ে ফ্লপ হৈছিল । আজি প্ৰয়াত অভিনেতা ৰাজেশ খান্না আৰু ডিম্পল কাম্পড়িয়াৰ কনিষ্ঠা কন্যা ৰিংকী খান্নাই উদযাপন কৰিছে 46 সংখ্যক জন্মদিন । ৰিংকীৰ জন্মদিনত তেওঁৰ জন্মৰ সৈতে জড়িত কিছু নজনা কথা জানো আহক ৷
জীয়েকৰ নাম ৰাখিবলৈও পাহৰি গৈছিল ৰাজেশ খান্নাই
ৰাজেশ খান্না আৰু ডিম্পল কাপাড়িয়া ডাঙৰ কন্যা টুইংকল খান্নাৰ জন্মত অতি সুখী হৈছিল অভিনেতাগৰাকী । ৰাজেশ খান্নাই টুইংকলক বহুত মৰম কৰিছিল, যিহেতু টুইংকল আছিল তেখেতৰ প্ৰথম সন্তান ৷ ডাঙৰ জীয়েকৰ সকলো ইচ্ছা পূৰ কৰিছিল ৰাজেশ খান্নাই ৷ কিন্তু ৰাজেশ আৰু ডিম্পল কাপাড়িয়াৰ দ্বিতীয় কন্যা ৰিংকী খান্নাৰ জন্ম হোৱাত সলনি হৈ পৰে সকলো দৃশ্যপট ৷ পৰিস্থিতি ইমানেই বেয়া আছিল যে, ৰাজেশ খান্নাই নিজৰ কনিষ্ঠ কন্যাৰ নাম ৰাখিবলৈও পাহৰি গৈছিল ৷
পুত্ৰ সন্তানৰ আশা কৰিছিল ৰাজেশ খান্নাই
সংবাদ মাধ্যমৰ খবৰ অনুসৰি ৰাজেশ খান্নাৰ সৈতে বিবাহপাশত আবদ্ধ হৈ ছবি জগতৰ পৰা আঁতৰি আহিছিল ডিম্পল । বিবাহৰ পিচতো ডিম্পলে ছবিত কাম কৰিব বিচাৰিছিল যদিও ৰাজেশ খান্নাৰ পছন্দ অনুসৰিয়ে জীৱন কটাবলৈ আৰম্ভ কৰিছিল । বহু চলচ্চিত্ৰ নিৰ্মাতাই ডিম্পলক ছবিৰ অফাৰ দিছিল যদিও ৰাজেশ খান্না ইয়াৰ বাবে সাজু নাছিল ।
বিয়াৰ তিনি বছৰৰ পিচত ডিম্পলে দুচিন্তাত ভুগিবলৈ আৰম্ভ কৰে আৰু ইয়াৰ মাজতে দ্বিতীয়বাৰৰ বাবে অন্তঃসত্বা হয় অভিনেত্ৰীগৰাকী ৷ দ্বিতীয়বাৰৰ বাবে পুত্ৰ সন্তান জন্ম হ’ব বুলি আশা কৰিছিল ৰাজেশ খান্নাই ৷ কিন্তু 1977 চনৰ 27 জুলাইত ডিম্পলে জন্ম দিলে দ্বিতীয়গৰাকী কন্যা সন্তান । পুত্ৰৰ আশাত থকা ৰাজেশ খান্নাই যেতিয়া দ্বিতীয় কন্যাৰ কথা শুনিলে, তেতিয়া তেওঁ দুখী হৈ পৰে ।
চলচ্চিত্ৰ সাংবাদিক ইংগ্ৰিড আলবাকুৱেৰ্কৰ মতে, ৰাজেশ খান্নাই কেইবামাহ দ্বিতীয় কন্যাৰ মুখখনো সঠিকভাৱে দেখা নাছিল । ইয়াৰ বাবেই তেওঁ জীয়েকৰ নাম ৰাখিবলৈও পাহৰি গৈছিল ৷ যদিও পিছলৈ কন্যা সন্তানটিৰ নাম ৰাখে ৰিংকী খান্না ।
ৰাজেশ খান্নাৰ জীৱনী ‘Rajesh Khanna: The Untold Story of India's First Superstar’ৰ লেখক তথা সাংবাদিক য়াছিৰ উছমানে জীৱনীত লিখিছে যে, ৰাজেশ খান্নাই দ্বিতীয়বাৰ পুত্ৰ সন্তান জন্ম নোহোৱাৰ বাবে বিচলিত হৈ পৰে ৷ কিন্তু পিচত কণমানি ৰিংকীৰ দুষ্টামি আৰু নিৰ্দোষতা দেখি তেওঁৰ হৃদয়খন চুই যায় আৰু তাৰ পিচত তেওঁ ৰিংকী হৃদয়ৰ পৰাই আপোন কৰি লয় ৷ ৰাজেশ খান্নাৰ বাবে তেওঁৰ দুয়োগৰাকী ৰাজকুমাৰী তেওঁৰ হৃদয়ৰ টুকুৰা হৈ পৰিছিল । দুয়োকে তেওঁ বহুত মৰম কৰিছিল ৷ জানিব পৰা মতে পিতৃ ৰাজেশ খান্নাৰ জীৱনৰ শেষৰ সময়ত ৰিংকী খান্নাই তেওঁৰ আটাইতকৈ ঘনিষ্ঠ আছিল আৰু ৰিংকীয়েই পিতৃৰ আটাইতকৈ বেছি যত্ন লৈছিল ।
ৰিংকী খান্নাৰ কেৰিয়াৰ
ৰিংকী খান্নাৰ বলীউড কেৰিয়াৰৰ কথা ক’বলৈ গ’লে ৰিংকীয়ে ‘প্যাৰ মে কভি কভি’ ছবিখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল ৷ ইয়াৰ পিচত জিছ দেশ মে গংগা ৰেহতা হে আৰু মুঝে কুচ কেহনা হেৰ দৰে আন কিছুমান ছবিত অভিনয় কৰিছিল যদিও কেৰিয়াৰ আগ নাবাঢ়িল । অভিনেত্ৰীগৰাকীয়ে ‘চামেলী’ৰ পিচত অভিনয় জগতৰ পৰা বিদায় লয় ৷ ২০০৩ চনত ৰিংকীয়ে ব্যৱসায়ী সমীৰ সাৰণৰ সৈতে বিবাহপাশত আৱদ্ধ হয় । স্বামী আৰু কন্যা নাওমিকাৰ সৈতে বৰ্তমান লণ্ডনত থাকে অভিনেত্ৰীগৰাকী। কিছুদিন পূৰ্বে ছ’চিয়েল মিডিয়াত নাওমিকাৰ কিছুমান ছবি অতি ভাইৰেল হৈ পৰিছিল ।
লগতে পঢ়ক: Zeenat Aman: হঠা চৰ্চাত ৭০-৮০ৰ দশকৰ কিংবদন্তি অভিনেত্ৰী জীনত আমান, কিন্তু কিয় ? জানি লওক কাৰণ