চিটাৰা ডেস্ক, 18 আগষ্ট: বলীউডত যেতিয়াই গীতৰ কথা আহে তেতিয়াই মনলৈ আহে গুলজাৰ চাহাবৰ নাম ৷ বলীউডৰ এই প্ৰবীণ পৰিচালক তথা গীতিকাৰগৰাকীৰ আজি ৮৯ সংখ্যাক জন্মদিন । কিন্তু শলাগ ল’বলগীয়া বিষয় যে এই বয়সতো তেখেতে এই উদ্যোগটোত কাম কৰি আছে ৷ এতিয়াও এই উদ্যোগটোৰ সৰ্বাধিক পাৰিশ্ৰমিক পোৱা গীতিকাৰ তেখেত ।
বিশেষ বৈচিত্ৰ্যৰ বাবে গুলজাৰ পৰিচিত । শিশুৰ পৰা বৃদ্ধলৈ সকলো বয়সৰ লোকৰ বাবে গীত লিখিছিল গুলজাৰ চাহাবে ৷ গুলজাৰ চাহাবৰ ৮৯ সংখ্যক জন্মদিনত তেওঁৰ পাঁচটা গীতৰ কথা জানো আহক যিবোৰ গীত ইটোৰ পৰা সিটো সম্পূৰ্ণ পৃথক ।
১- জংঘল-জংঘল বাত চলি হ্যে- প্ৰতিটো শিশুৰ জীৱনৰ আনন্দৰ এটা অংশ এই গীতটি । গুলজাৰ চাহাবে দ্য জংগল বুক চৰিত্ৰটোৰ বাবে এটি গীত লিখিছিল আৰু এনে এটা গীত লিখিছিল যিটো গীত অমৰ হৈ পৰিছিল । আজিও এই গীতটো প্ৰতিটো শিশুৰ ওঁঠত থাকে । এনে পৰিস্থিতিত ক’ব পাৰি যে গুলজাৰে কেৱল প্ৰজন্মকে নহয়, বহু দশককো সংযোগ কৰিছে ।
- " class="align-text-top noRightClick twitterSection" data="">
২- লকড়ী কী কাঠী- নাছিৰুদ্দিন শ্বাহৰ মাছুম ছবিখনত এটি শিশুৰো গুৰুত্বপূৰ্ণ ভূমিকা আছিল । উৰ্মিলা মাটোণ্ডকাৰ আৰু যুগল হন্সৰাজক এই ছবিখনত শিশু শিল্পীৰ চৰিত্ৰত দেখা গৈছিল । ছবিখনৰ সকলো গীত গুলজাৰে লিখিছিল আৰু এই সকলোবোৰ গীতেই আছিল হিট । কিন্তু শিশুৰ ওপৰত চিত্ৰিত কৰা এই গীতটি আজিৰ যুগৰ শিশুৰ বাবেও অতি প্ৰিয় ৷
- " class="align-text-top noRightClick twitterSection" data="">
৩- দিল তো বচ্চা হ্যায় জী- গুলজাৰ চাহাবে প্ৰেমক তেওঁৰ গীতৰ কথাত অতি সুন্দৰকৈ উপস্থাপন কৰিছে । এজন বৃদ্ধৰ মনত প্ৰেম কেনেকৈ জাগি উঠিব আৰু কি হ’ব তেওঁৰ অনুভৱ, এই গীতটিত সেয়া সুন্দৰকৈ উপস্থাপন কৰা হয় ৷ গীতটিৰ কথা আছিল এনেকুৱা- কই তো ৰ’কে, কই তো টোকে, ইছ উম্ৰ মে আপ খাওগে ধোখে, ডৰ লগতা হে তনহা জিনে মে জী, দিল তো বচ্চা হ্যায় জী ৷ এই গীতটি নাছিৰুদ্দিন শ্বাহ, বিদ্যা বালান আৰু আৰ্শ্বদ ৱাৰ্ছিৰ ওপৰত চিত্ৰিত কৰা হৈছিল আৰু ছবিখনতকৈও অধিক সফল হৈছিল এই গীতটি ।
- " class="align-text-top noRightClick twitterSection" data="">
৪- তমোৰা গোৰা আং লাই ল্যে- গুলজাৰৰ জীৱনৰ প্ৰথমটো গীত এইটোৱে আছিল ৷ এগৰাকী পুৰুষ হোৱাৰ পিচতো তেওঁ প্ৰথমটো গীত লিখিছিল যিটো গীত এগৰাকী মহিলাৰ ওপৰত শ্বুট কৰা হৈছিল । গীতটিৰ কথা আছিল মেৰা গোৰা আং লাই লে আৰু বন্দিনী ছবিৰ এই গীতটো সেই সময়ৰ অন্যতম আগশাৰীৰ অভিনেত্ৰী নুতনৰ ওপৰত চিত্ৰিত কৰা হৈছিল । গীতটো ছুপাৰ হিট হৈছিল ।
- " class="align-text-top noRightClick twitterSection" data="">
৫- বিড়ি জ্বালালে জিগৰ সে প্ৰিয়া- বিশাল ভৰদ্বাজে কেৰিয়াৰত যি কামেই নকৰক কিয়, তেওঁ সদায় গুলজাৰৰ পৰামৰ্শ লৈছিল ৷ তেওঁ নিজৰ ছবিত প্ৰায়ে গুলজাৰক লৈছিল আৰু লাভৱানো হৈছিল । যেনে ছবি ওমকাৰা । এই ছবিখনত গুলজাৰ চাহাবে এটি গীত লিখিব লগা হৈছিল আৰু এনেধৰণৰ গীত লিখাৰ ক্ষেত্ৰত প্ৰায়ে সমালোচিত হয় লেখকজন ৷
- " class="align-text-top noRightClick twitterSection" data="">
এই গীতটোৰ বাবে গুলজাৰক সমালোচনা কৰা হৈছিল যদিও দৰ্শকে বুজিব পৰা নাছিল যে, পৰিস্থিতি অনুসৰি গুলজাৰে কি লিখিছে ৷ সুখৱিন্দৰৰ কণ্ঠত বিড়ি জ্বালালে জিগৰ সে প্ৰিয়া গীতটোৱে জুই লগাই দিছিল । আজিও এই গীতটো অনুৰাগীৰ মাজত জনপ্ৰিয় । এই গীতটোৰ সন্দৰ্ভত অনু কাপুৰে গুলজাৰৰ প্ৰশংসাত কয় যে, যেতিয়া তেওঁ এই গীতটো প্ৰথমবাৰৰ বাবে শুনিছিল তেতিয়া তেওঁ ভাবিছিল কোনে লিখিব পাৰে এনে গীত । তেতিয়া তেওঁৰ মনলৈ প্ৰথমে নাম আহিছিল গুলজাৰ চাহাবৰ ।