ETV Bharat / entertainment

অস্কাৰ 2023 ৰ বাবে মনোনীত গুজৰাটী ছবি Chhello Show - গুজৰাটী ছবি Chhello Show

ফিল্ম ফেডাৰেচন অৱ্ ইণ্ডিয়া (FFI)য়ে মঙলবাৰে ঘোষণা কৰে যে গুজৰাটী ছবি ‘Chhello Show’ য়ে (লাষ্ট ফিল্ম শ্ব’) 2023 চনৰ অস্কাৰৰ বাবে ভাৰতৰ পৰা অফিচিয়েল এণ্ট্ৰি লাভ কৰিছে (Indian cinema oscars 2023) ৷

Oscars 2023
লাষ্ট ফিল্ম শ্ব’
author img

By

Published : Sep 21, 2022, 10:47 AM IST

চিটাৰা ডেস্ক, 21 ছেপ্টেম্বৰ : গুজৰাটী চলচ্চিত্ৰ উদ্যোগে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত গৌৰাৱান্বিত কৰিলে ভাৰতীয় চলচ্চিত্ৰ উদ্যোগক ৷ ফিল্ম ফেডাৰেচন অৱ্ ইণ্ডিয়াই (FFI) মঙলবাৰে ঘোষণা কৰে যে, গুজৰাটী ছবি ‘Chhello Show’ য়ে (লাষ্ট ফিল্ম শ্ব’) 2023 চনৰ অস্কাৰৰ বাবে ভাৰতৰ পৰা অফিচিয়েল এণ্ট্ৰি লাভ কৰিছে (Oscars 2023) ৷

অতীতৰ চিনেমাক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সমান্তৰালকৈ গুজৰাটৰ পশ্চিম অঞ্চলৰ মনোমোহা শৈলীক বন্দী কৰা এখন আংশিক আত্মজীৱনীমূলক ছবি লাষ্ট ফিল্ম শ্ব’ (চেলো শ্ব’) । ইয়াত শৈশৱৰ নিৰ্দোষ ধেমালি আৰু চিনেমাৰ সাৰ্বজনীন যাদুৰ সোৱাদ পাব দৰ্শকে ।

Oscars 2023
লাষ্ট ফিল্ম শ্ব’

ছবিখনত অভিনয় কৰিছে ভবীন ৰাবাৰী, বিকাশ বাটা, ৰিছা মীনা, ভৱেশ শ্ৰীমালি, দীপেন ৰাভাল আৰু ৰাহুল কলিয়ে (Chhello Show cast) । ভাৰতৰ চিনেমা হলৰ পটভূমিত চেলুলয়ডৰ পৰা ডিজিটেললৈ ব্যাপক পৰিৱৰ্তন ঘটিছে, য’ত শ শ একক পৰ্দাৰ চিনেমা হল জৰাজীৰ্ণ হৈ পৰিছে বা একেবাৰেই নোহোৱা হৈ গৈছে ।

ৰবাৰ্ট ডিনিৰোৰ ট্ৰাইবেকা চলচ্চিত্ৰ মহোৎসৱত আত্মপ্ৰকাশ কৰা ছবি হিচাপে লাষ্ট ফিল্ম শ্ব’ (Chhello Show)ৰ বিশ্ব প্ৰিমিয়াৰ হৈছিল আৰু বিভিন্ন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত একাধিক বঁটা লাভ কৰিবলৈ সক্ষম হৈছে (Gujarati film Chhello Show) ৷ স্পেইনৰ 66 সংখ্যক ভেলাডলিড চলচ্চিত্ৰ মহোৎসৱত (Valladolid Film Festival) গোল্ডেন স্পাইকতো ই সমাদৃত হৈছিল, য’ত এই ছবিখনে ছবিগৃহত চলি থকা সময়ত বাণিজ্যিক সফলতাও উপভোগ কৰিছিল ।

পৰিচালক পান নলিনে কয়, "মই কেতিয়াও কল্পনা কৰিব পৰা নাছিলো যে এনে এটা দিন আহি পোহৰ পৰিবহি যাক আমি উদযাপন কৰিম । চেলো শ্ব'য়ে সমগ্ৰ বিশ্বৰ পৰা প্ৰেম লাভ কৰি আছে কিন্তু মোৰ হৃদয়ত এটা বিষ আছিল মই ভাৰতক কেনেকৈ আৱিষ্কাৰ কৰিম ? এতিয়া মই শান্তিৰে পুনৰ উশাহ ল'ব পাৰিম আৰু চিনেমাত বিশ্বাস কৰিব পাৰো যিয়ে মনোৰঞ্জন দিয়ে, অনুপ্ৰেৰণা যোগায় আৰু আলোকিত কৰে ! ধন্যবাদ এফএফআই (FFI), ধন্যবাদ জুৰী" (Indian cinema oscars 2023) ৷

Oscars 2023
লাষ্ট ফিল্ম শ্ব’

প্ৰযোজক সিদ্ধাৰ্থ ৰয় কাপুৰে নিজৰ মনৰ অনুভৱ শ্বেয়াৰ কৰি কয়, "আমি ৰোমাঞ্চিত আৰু সন্মানিত যে আমাৰ ছবি, লাষ্ট ফিল্ম শ্ব'ক একাডেমী বঁটাত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত কৰা হৈছে । এনে এখন ছবিৰ বাবে ইয়াতকৈ উপযুক্ত সময় থাকিব নোৱাৰে, যিয়ে ছবিৰ যাদু আৰু আশ্চৰ্য্যক উদযাপন কৰে আৰু থিয়েটাৰত চলি থকাৰ অভিজ্ঞতাৰ সোৱাদ লৈছে ।

যেতিয়া মহামাৰীৰ ফলত বিশ্বজুৰি চিনেমা-যোৱাত ব্যাঘাত জন্মিছে, সেই সময়তেই ই দৰ্শকক নতুনকৈ সোঁৱৰাই দিয়ে যে তেওঁলোকে প্ৰথমবাৰৰ বাবে অন্ধকাৰময় চিনেমা হলত চিনেমা চোৱাৰ প্ৰতি প্ৰেমত পৰিছিল, এই ছবিখনৰ জৰিয়তে আমাৰ দেশক প্ৰতিনিধিত্ব কৰাটো আমাৰ বাবে অতি গৌৰৱৰ বিষয় আৰু আমাৰ অংশীদাৰ চেমুৱেল গোল্ডৱিন ফিল্মছ আৰু অৰেঞ্জ ষ্টুডিঅ'ৰ সমৰ্থনত আমি নিশ্চিত যে আমি একাডেমী বঁটাত আমাৰ শ্ৰেষ্ঠ শ্বট দিম!"

ছবিখন 2022 চনৰ 14 অক্টোবৰত গুজৰাটৰ ছবিগৃহত আৰু সমগ্ৰ দেশৰ নিৰ্বাচিত পৰ্দাত মুক্তি পাব (Chhello Show release date)। অস্কাৰৰ দৌৰত Chhello Show য়ে কাশ্মীৰ ফাইলছ আৰু আৰ আৰ আৰক পৰাস্ত কৰিছে ।

লগতে পঢ়ক : UN General Assembly: প্ৰিয়ংকা চোপ্ৰাই কলে, আমাৰ পৃথিৱীখনৰ সৈতে সুস্থ নহয় সকলো

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.