ETV Bharat / entertainment

Tiger 3: ছলমান খানৰ টাইগাৰ ৩ৰ অনুৰাগীৰ বাবে ভাল খবৰ

টাইগাৰ ৩ ৰ জৰিয়তে বক্স অফিচত ঢৌ তুলিবলৈ সাজু হৈছে ছলমান খানে । টাইগাৰ ৩ মুক্তিৰ পূৰ্বে নিৰ্মাতাসকলে এই ছবিখনৰ ব্যাপক প্ৰচাৰ অব্যাহত ৰাখিছে । এতিয়া নিৰ্মাতাই অনুৰাগী লৈ আগবঢ়াইছে এটা ডাঙৰ অফাৰ ।

author img

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 6:30 PM IST

Good news for tiger 3 fans, Salman khan fans get a chance to meet him, Learn how
টাইগাৰ ৩ৰ অনুৰাগীৰ বাবে ভাল খবৰ

চিটাৰা ডেস্ক, 2 নৱেম্বৰ: আৰম্ভ হ’ল ছলমান খান আৰু কেটৰিণা কাইফৰ ছবি টাইগাৰ ৩ ৰ কাউণ্টডাউন । ছবিখনৰ মুক্তিৰ মাজত আছে মাত্ৰ ১০ টা দিন । টাইগাৰ ৩ ৰ ট্ৰেইলাৰ মুক্তিৰ পিচৰে পৰা অনুৰাগীয়ে ছবিখন ছবিগৃহত মুক্তি পোৱাৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছিল ।

ইফালে ছবিখন ছবিগৃহত মুক্তি নোহোৱালৈকে অনুৰাগীক ছবিখনৰ সৈতে সংযুক্ত কৰি ৰাখিবলৈও অহৰহ চেষ্টা চলাইছে নিৰ্মাতাই । এতিয়া শেহতীয়াকৈ নিৰ্মাতাই টাইগাৰ ৩ মুক্তিৰ পূৰ্বে অনুৰাগীসকলক এনে এটা অফাৰ আগবঢ়াইছে, যিটো শুনি তেওঁলোকে নিশ্চিতভাৱে আনন্দত জপিয়াই পৰিব ।

টাইগাৰ ৩ ৰ নিৰ্মাতাসকলে অনুৰাগীক দিলে ডাঙৰ উপহাৰ

এইখিনিতে উল্লেখ কৰিব লাগিব যে দেশ-বিদেশত আছে বলীউডৰ ভাইজান ছলমান খানৰ অনুৰাগী ৷ তেওঁক এবাৰ ওচৰৰ পৰা লগ পাবলৈ অনুৰাগীয়ে যৎপৰোনাস্তি চেষ্টা চলায় ৷ এতিয়া শেহতীয়াকৈ যশ ৰাজে অনুৰাগীসকলক ঘৰতে বহি এই ইচ্ছা পূৰণৰ সুযোগ দিছে । কিছুদিন পূৰ্বে ছলমান খানৰ ছবি 'টাইগাৰ ৩'ৰ প্ৰথমটো গীত 'লেকে প্ৰভু কা নাম' মুক্তি লাভ কৰিছিল ।

এই গীতটিত অৰিজিত সিঙে প্ৰথমবাৰৰ বাবে ছলমান খানৰ বাবে কণ্ঠদান কৰিছিল । গীতটোত কেটৰিণা কাইফৰ নৃত্য আৰু ছলমানৰ শৈলী দৰ্শকে ভাল পাইছিল । এতিয়া শেহতীয়াকৈ নিৰ্মাতাই অনুৰাগীক ‘লেকে প্ৰভু কা নাম’ গীতটিৰ ওপৰত ৰিল বনাবলৈ কয়, যিটো ৰিল আটাইতকৈ বেছি ভাল পাব, সেই কেইগৰাকী ভাগ্যৱান বিজয়ীয়ে ছলমান খানক লগ পোৱাৰ সুযোগ পাব ।

অহা ১২ নৱেম্বৰত ছবিগৃহত মুক্তি পাব টাইগাৰ ৩

ছলমান খান আৰু কেটৰিণা কাইফৰ অভিনীত ছবি ‘টাইগাৰ-৩’ অহা ১২ নৱেম্বৰত দীপাৱলী উপলক্ষে ছবিগৃহত মুক্তি পাব । ছলমান আৰু কেটৰিণাৰ উপৰিও এই ছবিখনত মুখ্য চৰিত্ৰত দেখা যাব ইমৰাণ হাছমীকো । অৱশ্যে এই ছবিখনত খলনায়কৰ চৰিত্ৰত দেখা যাব অভিনেতাগৰাকীক ।

ছলমান-কেটৰিণা আৰু ইমৰাণ হাছমীৰ উপৰিও শ্বাহৰুখ খানৰ বিশেষ কেমিঅ’ দেখা বুলি কোৱা হৈছে ছবিখনত ৷ অৱশ্যে ছবিখন মুক্তিৰ পিচত হে এই কথা নিশ্চিত হ’ব যে কিং খানৰ কেমিঅ’ থাকিব নে নাই ৷

লগতে পঢ়ক: Leke Prabhu Ka Naam Song: অৰিজিতৰ কণ্ঠত ছলমান-কেটৰিণাৰ টাইগাৰ ৩ৰ প্ৰথমটো গীত চাওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.