ETV Bharat / entertainment

Ganesh Chaturthi 2023: আৰক্ষীৰ সাজত গণেশ বাবাক ঘৰলৈ আনিলে শিৱই - গণেশ বাবা

এইবাৰ ব্যতিক্ৰমী ৰূপত গণেশ বাবাক ঘৰলৈ আদৰি আনিলে শিৱ থাকৰে ৷ শিৱ থাকৰেৰ গণেশৰ মূৰ্তি সম্প্ৰতি দখল কৰিছে বাতৰিৰ শিৰোনাম ৷ দৰাচলতে এইবাৰ শিৱ থাকৰেই আৰক্ষীৰ পোছাক পৰিধান কৰা গণপতিক ঘৰলৈ আদৰি আনিছে ৷ এই উদযাপনত উপস্থিত আছিল ৫০ গৰাকী আৰক্ষী বিষয়া । চাওক ভিডিঅ’ ৷

Ganesh Chaturthi 2023: Bigg boss fame Shiv thakare welcomes police Ganpati Bappa, see videos
শিৱ ঠাকাৰেৰ গণপতি বাপ্পা ফটো
author img

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 10:44 AM IST

চিটাৰা ডেস্ক, ১৮ ছেপ্টেম্বৰ: ১৯ ছেপ্টেম্বৰত অৰ্থাৎ কাইলৈ গণেশ চতুৰ্থী । গণেশ চতুৰ্থীৰ প্ৰস্তুতি যোৱা কেইবাদিন ধৰি পূৰ্ণগতিত চলি আছিল । চলচ্চিত্ৰ পৰা টিভিৰ তাৰকাসকলে গণেশ বাবাক ঘৰলৈ আদৰি আনিবলৈ আৰম্ভ কৰিছে । অভিনেত্ৰী শিল্পা শ্বেট্টীয়ে স্বামী ৰাজ কুন্দ্ৰাৰ সৈতে গণেশ বাবাক ঘৰলৈ আদৰি অনাৰ লগতে বিগ বছ ফেম শিৱ থাকৰেও গণপতি বাপ্পাক ধুম-ধামেৰে তেওঁৰ ঘৰলৈ আদৰণি জনায় । কিন্তু এইবাৰ শিৱ থাকৰেৰ গণেশৰ মূৰ্তি সকলোতকৈ বিশেষ আৰু পৃথক ।

আচলতে এইবাৰ শিৱ থাকৰে খাকী পোছাক পৰিধান কৰা গণপতি বাপ্পাক ঘৰলৈ আদৰণি জনাইছে । দৰাচলতে দিনে-নিশাই সেৱাত নিয়োজিত হৈ থকা মুম্বাই আৰক্ষীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্য এই কাম কৰিছে শিৱ থাকৰে ।

৫০ গৰাকী আৰক্ষী বিষয়াই অংশগ্ৰহণ কৰে

ছ’চিয়েল মিডিয়াত কিছু ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে শিৱ ঠাকাৰেৰ গণেশৰ মূৰ্তিৰ । ভিডিঅ’বোৰত শিৱক দেখা গৈছে আৰক্ষীৰ সাজত গণেশ বাবাক ধুম-ধামেৰে ঘৰলৈ আনিছে । কেৱল ইমানেই নহয়, গণেশ চতুৰ্থীৰ উদযাপনত ৫০ গৰাকী আৰক্ষীয়েও অংশ লৈ আনন্দ-উল্লাস কৰে ।

গণেশ চতুৰ্থী আৰু বিসৰ্জন কেতিয়া ?

গণেশ চতুৰ্থী ১৯ ছেপ্টেম্বৰত আৰু ১০ দিনৰ বাবে এই উৎসৱ অব্যাহত থাকিব ৷ ইয়াৰ পিচত ২৮ ছেপ্টেম্বৰত গণপতি বিসৰ্জন হ’ব । শিৱ থাকৰে এই উৎসৱ উদযাপন কৰি অতিশয় উৎসাহিত হৈ পৰিছে ।

শিৱ থাকৰেৰ প্ৰশংসাত পঞ্চমুখৰ হৈ পৰে অনুৰাগী

শিৱ থাকৰে মুম্বাই আৰক্ষীক যি ধৰণে শ্ৰদ্ধাঞ্জলি জনাইছে তাকে লৈ প্ৰশংসা কৰিছে অনুৰাগীয়ে । অৱশ্যে একাংশই যদি শিৱৰ এই পদক্ষেপক প্ৰশংসা কৰিছে আন একাংশই আকৌ এই পদক্ষেপক সমালোচনাও কৰিছে ৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে ২০২২ বৰ্ষতো শিৱ থাকৰে একেধৰণৰ গণেশ বাবাক ঘৰলৈ আদৰি আনি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল ।

ৰ’ডিজৰ পৰা আৰম্ভ কৰি ‘বিগ বছ ১৬’ত শিৱ থাকৰে

শিৱ থাকৰে নিজৰ কেৰিয়াৰ ‘ৰ’ডিজ’ৰ পৰা আৰম্ভ কৰিছিল যদিও ‘বিগ বছ ১৬’ৰ জৰিয়তে সমগ্ৰ দেশতে জনপ্ৰিয়তা লাভ কৰিছিল । শেহতীয়াকৈ তেওঁক ষ্টাণ্ট ৰিয়েলিটি শ্ব’ ‘খাট্ৰ কে খিলাড়ি ১৩’ আৰু কিছুমান মিউজিক ভিডিঅ’তো দেখা গৈছিল ।

লগতে পঢ়ক: Ganesh Chaturthi 2023: ঘৰে ঘৰে চলিছে গণেশ চতুৰ্থীৰ প্ৰস্তুতি; জানি লওক পূজাৰ সঠিক সময় তথা পদ্ধতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.