ETV Bharat / entertainment

Dareen Kent Died: মাত্ৰ ৩৬ বছৰ বয়সত মৃত্যু গেমছ অৱ থ্ৰ’নছৰ এইগৰাকী অভিনেতাৰ - গেমছ অৱ থ্ৰ’নছ

হলিউডৰ চিনেমা জগতৰ পৰা আহিছে এটা অতি বেয়া খবৰ । গেমছ অৱ থ্ৰ’নছ ছিৰিজৰ জৰিয়তে অনুৰাগীৰ হৃদয়ত নিজৰ বিশেষ স্থান দখল কৰা শিল্পী ডেৰেন কেণ্টৰ দেহাৱসান ।

Game Of Thrones fame actor Darren Kent no more
ডেৰেন কেণ্টৰ দেহাৱসান
author img

By

Published : Aug 16, 2023, 4:46 PM IST

চিটাৰা ডেস্ক, 16 আগষ্ট: চিনেমা জগতৰ পৰা আহিছে এক চাঞ্চল্যকৰ খবৰ । মাত্ৰ ৩৬ বছৰ বয়সতে মৃত্যুক সাৱটি লৈছে ‘গেমছ অৱ থ্ৰ’নছ’ৰ অভিনেতা ডেৰেন কেণ্টে । বাতৰি অনুসৰি কেণ্টে দীৰ্ঘদিন ধৰি এক বিৰল ৰোগৰ সৈতে যুঁজি আছিল । এই দীৰ্ঘদিনীয়া ৰোগৰ সৈতে যুঁজি অৱশেষত ডেৰেন কেণ্টে পৃথিৱীৰ পৰা বিদায় লয় ৷ অভিনেতাগৰাকীৰ আকস্মিক মৃত্যুৰ খবৰে সকলোকে স্তম্ভিত কৰি তুলিছে ৷ ছ’চিয়েল মিডিয়াত সকলোৱে অভিনেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হৈছে ।

কেনেকৈ মৃত্যু হৈছে ডেৰেন কেণ্টৰ ?

১১ আগষ্টত মৃত্যু হয় ডেৰেন কেণ্টৰ ৷ কিন্তু মঙলবাৰে এটা টুইটযোগে এই কথা নিশ্চিত কৰা হৈছে । টেলেণ্ট এজেন্সীয়ে টুইট কৰি কয়- ‘‘অতি দুখৰ সৈতে আমি আপোনালোকক জনাব লাগিব যে আমাৰ প্ৰিয় বন্ধু তথা ক্লায়েণ্ট ডেৰেন কেণ্টৰ শুকুৰবাৰে মৃত্যু হয় । মাতৃ-পিতৃ আৰু তেওঁৰ বন্ধুবৰ্গ তেওঁৰ সৈতে আছিল । এই কঠিন সময়ত আমি তেওঁৰ পৰিয়ালৰ সৈতে আছোঁ । শান্তিৰে জিৰণি লওক বন্ধু ।’’

গুৰুতৰ ৰোগত আক্ৰান্ত হৈছিল ডেৰেন

বাতৰি অনুসৰি, ডেৰেন কেণ্টে দীৰ্ঘদিন ধৰি অষ্টিঅ’পৰ’ছিছ, বাতবিষ আৰু ছালৰ বিকাৰৰ সৈতে যুঁজি আছিল । তেওঁৰ এই ছালৰ বিকাৰটো বিৰল আছিল । ২০০৮ চনত ডেৰেনে হৰৰ ছবি মিৰ’ৰছৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল । ইয়াৰ পিচত এমি বঁটা বিজয়ী ‘গেম অৱ থ্ৰ’নছ’ত কাম কৰিছিল । এই ছবিখনত তেওঁ স্লাইভাৰ্ছৰ চৰিত্ৰত অভিনয় কৰিছিল । শেহতীয়াকৈ তেওঁক ২০২৩ চনৰ ‘ডাঞ্জন এণ্ড ড্ৰেগনছ অনাৰ এমং থিভছ’ ছবিখনত দেখা গৈছিল ।

ডেৰেন আছিল লেখক আৰু পৰিচালক

বহু ছবিত অভিনয়ৰ দক্ষতা প্ৰমাণ কৰা ডেৰেন কেণ্ট অভিনয়ৰ লগতে লেখক আৰু পৰিচালকো আছিল । ২০২১ চনত তেওঁ ‘ইউ ন’ মি’ নামৰ চুটি ছবিখন পৰিচালনা কৰিছিল ।

লগতে পঢ়ক: Siddique Ismail Death: মালয়ালম পৰিচালক ছিদ্দিকী ইছমাইলৰ দেহাৱসান; ছবি জগতত শোকৰ ছাঁ

লগতে পঢ়ক: Nitin Desai Death: অডিঅ’ ক্লিপটোত নীতিন দেশাইয়ে উল্লেখ কৰা চাৰিজন লোক কোন ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.