ETV Bharat / entertainment

Gadar 2 Rakshabandhan offer: ৰাখীবন্ধনত গদৰ 2 ৰ অফাৰ, দুটাৰ সৈতে দুটা টিকট বিনামূলীয়া, ক’ত বুক কৰিব জানি লওক

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 7:44 PM IST

গদৰ 2 ৰ নিৰ্মাতাসকলে দৰ্শকৰ বাবে লৈ আহিছে এক ডাঙৰ অফাৰ । কি সেই অফাৰ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

gadar-2-raksha-bandhan-offer-buy-2-get-2-ticket-offer-till-3rd-september
ৰাখীবন্ধনত গদৰ 2 ৰ তৰফৰ পৰা অফাৰ

চিটাৰা ডেস্ক, ২৯ আগষ্ট : বিগত ১৮ দিন ধৰি বক্স অফিচত আধিপত্য বিস্তাৰ কৰি আহিছে ছানী দেওল আৰু অমিষা পেটেলৰ অভিনীত ছবি ‘গদৰ ২’য়ে ৷ যোৱা ১১ আগষ্টত ছবিগৃহত মুক্তি লাভ কৰিছিল গদৰ ছবিখনৰ ছিকুৱেল গদৰ 2 ছবিখন ৷ এই ১৮ দিনত ছবিখনে বক্স অফিচত ৪৫০ কোটি টকাৰ ব্যৱসায় কৰিছে । দ্ৰুতগতিত সৰ্বাধিক ৪৫০ কোটি টকা উপাৰ্জন কৰা ভাৰতীয় চিনেমাৰ এনে প্ৰথমখন ছবি হিচাপে পৰিগণিত হৈছে গদৰ ২ । অৱশ্যে এই অভিলেখত অন্তৰ্ভুক্ত আছে শ্বাহৰুখ খানৰ ১০০০ কোটি টকাৰ ছবি ‘পাঠান’ আৰু দক্ষিণৰ মেগা ব্লকবাষ্টাৰ ছবি ‘বাহুবলী ২’ ৷

'গদৰ ২'ৰ এই সফলতাৰ বাবে নিৰ্মাতাসকলৰ সুখৰ সীমা নাই ৷ এতিয়া ছবিখন এনে সফলতাৰ বাবে নিৰ্মাতাসকলে অনুৰাগীলৈ লৈ আহিছে এক উপহাৰ ৷ হয়, নিৰ্মাতাসকলে ৰাখীবন্ধনৰ দিনা দৰ্শকলৈ সৈ আহিছে এক ডাঙৰ উপহাৰ । এই ৰাখীবন্ধনত দৰ্শকৰ বাবে টিকটৰ অফাৰ আগবঢ়াইছে নিৰ্মাতাসকলে ৷ 'গদৰ ২’ নিৰ্মাতাসকলে তেওঁলোকৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত এই ভাল খবৰটো শ্বেয়াৰ কৰি কেপচনত লিখিছে, ‘এই ৰাখীবন্ধন, গোটেই পৰিয়ালটোৰ বাবে বিশেষ কিবা এটা কৰক, ২ ৰ সৈতে ২ টা টিকট বুক কৰক, বায়’ত লিংকত গৈ, এই অফাৰ বৈধ ৩ ছেপ্টেম্বৰলৈকে।

গদৰ ২ বক্স অফিচ সংগ্ৰহ

উল্লেখ্য যে, গদৰ ২ য়ে তৃতীয় সোমবাৰে (২৮ আগষ্ট) ৪.৭০ কোটি টকা সংগ্ৰহ কৰিছে। ছবিখনৰ মুঠ ১৮ দিনীয়া সংগ্ৰহ ৪৬০.৬৫ কোটি টকালৈ বৃদ্ধি পাইছে । ছবিখনে প্ৰথম সপ্তাহত ২৮৪.৬৩ কোটি, দ্বিতীয় সপ্তাহত ১৩৪.৪৭ কোটি, তৃতীয় সপ্তাহৰ ১৫ দিনত ৭.১০ কোটি, ১৬ তাৰিখে ১৩.৭৫ কোটি আৰু ১৭ দিনত ১৬.১০ কোটি উপাৰ্জন কৰিছে। এতিয়া কোৱা হৈছে যে আজি ২৯ আগষ্টৰ ১৯ দিনত ৫.৫৫ কোটি টকাৰ ব্যৱসায় কৰিব পাৰিব ।

এই ছবিখন ছানি দেওল আৰু অমিষা পেটেলৰ উপৰিও উৎৰ্কষ শৰ্মা,গৌৰৱ চোপ্ৰা,মণীষ ৱাধৱা, মনোজ বক্সী ,আৰ্য শৰ্মা, ছিমৰত কৌৰ, লাভ সিনহা, ৰোহিত চৌধুৰী, মধুমালতী কাপুৰ, ৰাকেশ বেদী, মুস্তাক খান আৰু ডলী বিন্দ্ৰাৰ লগতে বহুতো অভিনেতাই ৷

লগতে পঢ়ক: Marketing king SRK: মাৰ্কেটিং কি সেয়া শিকিব লাগে শ্বাহৰুখ খানৰ পৰা, কিং খানৰ মাৰ্কেটিঙৰ চ্কিৰেট কি জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.