ETV Bharat / entertainment

Threat to Prakash Raj: অভিনেতা প্ৰকাশ ৰাজক হত্যাৰ ভাবুকি - সনাতন ধৰ্মক লৈ প্ৰকাশ ৰাজৰ মন্তব্য

সনাতন ধৰ্মকলৈ মন্তব্য কৰি বিপদত পৰিছে অভিনেতা প্ৰকাশ ৰাজ । অভিনেতাগৰাকীয়ে লাভ কৰিছে মৃত্যুৰ ভাবুকি আৰু ইয়াৰ বাবেই তেওঁ এটা ইউটিউব চেনেলৰ বিৰুদ্ধে আৰক্ষী দাখিল কৰিছে এজাহাৰ ।

FIR against YouTube channel over death threats to actor Prakash Raj
সনাতন ধৰ্মক লৈ প্ৰকাশ ৰাজৰ মন্তব্য
author img

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 12:48 PM IST

চিটাৰা ডেস্ক, ২১ ছেপ্টেম্বৰ: দক্ষিণ আৰু বলীউডত বলিষ্ঠ অভিনয়ৰ বাবে পৰিচিত অভিনেতা প্ৰকাশ ৰাজ বিগত কিছুদিন ধৰি দখল কৰি আহিছে সংবাদ মাধ্যমৰ শিৰোনাম । আচলতে অভিনেতাগৰাকীৰ স্পষ্টবাদী মতামতৰ বাবেই তেওঁ প্ৰায়ে লাইমলাইটত থাকে, যাৰ বাবে তেওঁ ছ’চিয়েল মিডিয়াত যথেষ্ট সমালোচনাৰো সন্মুখীন হ’বলগীয়া হয় । শেহতীয়াকৈ পুনৰ নিজৰ এক বক্তব্যৰ বাবে চৰ্চালৈ আহিছে অভিনেতাগৰাকী ৷ আচলতে অভিনেতাগৰাকীয়ে সনাতন ধৰ্মকলৈ মন্তব্য কৰিছিল ৷ কিন্তু সনাতন ধৰ্মকলৈ কৰা মন্তব্যই এতিয়া বিপদ মাতি আনিছে অভিনেতাগৰাকীৰ বাবে ৷ ইয়াৰ বাবেই অভিনেতাগৰাকীয়ে লাভ কৰিছে মৃত্যুৰ ভাবুকি। এই সন্দৰ্ভত এতিয়া প্ৰকাশ ৰাজে আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ ।

প্ৰকাশ ৰাজক হত্যাৰ ভাবুকি

খবৰ অনুসৰি সনাতন ধৰ্মক লৈ অহৰহ মন্তব্য কৰাৰ বাবে প্ৰকাশ ৰাজে লাভ কৰিছে মৃত্যুৰ ভাবুকি । এতিয়া এটা ইউটিউব চেনেলৰ বিৰুদ্ধে অভিনেতাগৰাকীয়ে বেংগালুৰু আৰক্ষীত এজাহাৰ দাখিল কৰিছে ৷ লগতে তেওঁ আৰু তেওঁৰ পৰিয়ালক সুৰক্ষাৰ বাবে আৰক্ষীক আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ৷ প্ৰকাশ ৰাজৰ অভিযোগৰ ভিত্তিত অশোকনগৰ আৰক্ষীয়ে ইউটিউব চেনেল বিক্ৰম টিভিৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰিছে ।

ইউটিউব চেনেলটোৰ বিৰুদ্ধে কৰা অভিযোগত প্ৰকাশ ৰাজে কি ক’লে ?

এজাহাৰত প্ৰকাশ ৰাজে বিক্ৰম টিভি নামৰ চেনেলটোৱে ইউটিউবত উচটনিমূলক মন্তব্য কৰা ভিডিঅ’ পোষ্ট কৰাৰ অভিযোগ উত্থাপন কৰে, যাৰ বাবে তেওঁৰ জীৱনলৈ ভাবুকি আহি পৰিছে । অভিযোগত অভিনেতাগৰাকীয়ে এটা ভিডিঅ’ৰ উদ্ধৃতি দি কয়, ভিডিঅ’টোত কোৱা হৈছিল যে, “ষ্টেলিন আৰু প্ৰকাশ ৰাজক নিঃশেষ কৰি দিব লাগে নেকি ?” প্ৰকাশ ৰাজে অভিযোগত কয় যে ভিডিঅ’টোত মোৰ আৰু মোৰ পৰিয়ালৰ সদস্যসকলৰ ভাবমূৰ্তি ম্লান কৰিবলৈ চেষ্টা কৰা হৈছে । ভিডিঅ’টোত মোৰ আৰু মোৰ পৰিয়াললৈ মৃত্যুৰ ভাবুকি প্ৰেৰণৰ স্পষ্ট প্ৰয়াস কৰা হৈছে ৷’’ সেয়েহে ইউটিউব চেনেলৰ মালিক আৰু ইয়াৰ লগত জড়িত আন যিকোনো ব্যক্তিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় অভিনেতাগৰাকীয়ে ।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি বিক্ৰম টিভিৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ (আই পি চি) ধাৰা ৫০৬ (অপৰাধমূলক ভাবুকি), ৫০৪ (ইচ্ছাকৃতভাৱে অপমান কৰা বা প্ৰৰোচনা দিয়া), আৰু ৫০৫ (২) (মানহানিকাৰক সামগ্ৰী থকা ছপা সামগ্ৰী) ৰ অধীনত এফআইআৰ পঞ্জীয়ন কৰা হৈছে ।

সনাতন ধৰ্মক লৈ প্ৰকাশ ৰাজৰ মন্তব্য

সনাতন ধৰ্মৰ সন্দৰ্ভত প্ৰকাশ ৰাজে শেহতীয়াকৈ কৰা মন্তব্যৰ পিছতেই তেওঁলৈ ভাবুকি আহিছিল বুলি কওঁ । সনাতন ধৰ্মৰ ওপৰত প্ৰকাশ ৰাজৰ মন্তব্য, কলবুৰ্গীত লেখক আৰু শিল্পীসকলৰ সন্মুখত দিয়া ভাষণৰ সময়ত, য’ত তেওঁ যুক্তি দিছিল যে সনাতন ধৰ্ম আৰু হিন্দুত্বৰ আক্ৰমণাত্মকভাৱে পোষকতা কৰা ব্যক্তিসকল প্ৰকৃত হিন্দু নহয়, বৰঞ্চ "হিন্দুত্বৰ ঠিকাদাৰ"। ৰাজনৈতিক কু-অভিপ্ৰায়েৰে এনে বক্তব্য দিয়া হয় । এনে বক্তব্যৰ আঁৰৰ উদ্দেশ্য মানুহে বুজিব লাগে, আশাকৰোঁ বুজিব । ’’

লগতে পঢ়ক: Chandrayaan3 soft landing: চন্দ্ৰযান সন্দৰ্ভত আকৌ মন্তব্য কৰিছে অভিনেতা প্ৰকাশ ৰাজে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.