ETV Bharat / entertainment

Farhan Akhtar confirms role in Ms Marvel: মিছ মাৰ্ভেলত ফাৰহান আখতাৰৰ এন্ট্ৰি

author img

By

Published : May 7, 2022, 4:57 PM IST

মিছ মাৰ্ভেলত ফাৰহানৰ চৰিত্ৰকলৈ প্ৰচাৰ হৈ থকা বাতৰিত মোহৰ লগালে বলীউডৰ বিখ্যাত অভিনেতা ফাৰহান আখতাৰে ৷ এটা ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে চিৰিজটোত তেওঁৰ অন্তৰ্ভুক্তি নিশ্চিত কৰিলে অভিনেতাজনে (Farhan Akhtar in Ms Marvel) ৷

Farhan Akhtar
অভিনেতা ফাৰহান আখতাৰে

চিটাৰা ডেস্ক, 7 মে’: বলীউডৰ বিখ্যাত অভিনেতা, প্ৰযোজক, লেখক, গায়ক আৰু চলচ্চিত্ৰ নিৰ্মাতা ফাৰহান আখটাৰৰ অনুৰাগীসকলৰ বাবে এটা সুখবৰ । ফাৰহানক ডিজনী প্লাছৰ আহিবলগীয়া শৃংখলা 'মিছ মাৰ্ভেল'ত দেখিবলৈ পোৱা যাব (Farhan Akhtar latest news) । শনিবাৰে এই বাতৰিটো ছ'চিয়েল মিডিয়াত জুইৰ দৰে বিয়পি পৰে । অভিনেতাজনে এটা পোষ্টৰ জৰিয়তে এই বাতৰিটোৰ নিশ্চিয়তা প্ৰদান কৰিছে অনুৰাগীক ।

শনিবাৰে বাতৰিটো বিয়পি পৰাৰ পিছত ফাৰহান আখটাৰে এখন ফটো শ্বেয়াৰ কৰে আৰু তেওঁৰ ইনষ্টাগ্ৰাম পোষ্টত লিখে, "বিশ্বব্ৰহ্মাণ্ডই মোক আগবাঢ়ি যাবলৈ, শিকিবলৈ আৰু জীৱনত কিবা উপভোগ কৰিবলৈ দিয়া এই উপহাৰৰ বাবে মই কৃতজ্ঞ" ((Farhan Akhtar Instagram) ৷

অৱশ্যে, তেওঁৰ চৰিত্ৰৰ বিৱৰণ এতিয়াও প্ৰকাশ কৰা হোৱা নাই (Farhan Akhtar in Ms Marvel) । ৮ জুনত প্ৰিমিয়াৰৰ বাবে সাজু হৈছে 'মিছ মাৰ্ভেল' ৷ চিৰিজটোত ইমান ভেল্লানীক কমলা খানৰ চৰিত্ৰত দৰ্শকৰ সন্মুখলৈ লৈ যোৱা হ’ব ।

চিৰিজটোত অভিনয় কৰা অভিনেতাসকলৰ ভিতৰত আছে আৰামিছ নাইট, সাগৰ শ্বেখ, ঋষ শ্বাহ, জেনোবিয়া শ্ৰফ, মোহন কাপুৰ, মেট লিণ্টজ, য়াছমিন ফ্লেচাৰ, লাথ নাকলি, আজহাৰ উছমান, ট্ৰাভিনা স্প্ৰিংগাৰ আৰু নিম্ৰা বুকা । আখটাৰ বৰ্তমান বলীউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা জোনাছ, আলিয়া ভাট আৰু কেটৰিণা কাইফ অভিনীত 'জী লে জাৰা' ৰ পৰিচালনাত ব্যস্ত আছে (Farhan Akhtar directed film)।

মুম্বাইস্থিত এক্সেল এণ্টাৰটেইনমেণ্টৰ জৰিয়তে নেটফ্লিক্সৰ সৈতে তেওঁ আৰু ৰীতেশ চিধৱানীৰ অংশীদাৰীত্ব আছে । 'মিছ মাৰ্ভেল'ৰ খণ্ডসমূহ আদিল এল আৰবী আৰু বিলাল ফালাহ, মীৰা মেনন আৰু শৰ্মিন ওবাইদ-চিনয়ে পৰিচালনা কৰিছে ।

লগতে পঢ়ক: Kgf actor death: সকলোকে কন্দুৱাই কোনোবা অজান দেশলৈ গ’লগৈ কৌতুক অভিনেতা মোহন জুনেজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.