চিটাৰা ডেস্ক, 24 নৱেম্বৰ : বলীউড আৰু মাৰাঠী মঞ্চ, চিনেমা আৰু টিভি জগতৰ প্ৰবীণ অভিনেতা বিক্ৰম গোখালেৰ স্বাস্থ্যৰ অৱনতি ঘটিছে ৷ বিগত কিছুদিনৰ পৰা হাস্পতালত ভৰ্তি হৈ থকা অভিনেতাজনৰ বুধবাৰে সন্ধিয়াৰ ভাগত স্বাস্থ্যৰ অধিক অৱনতি ঘটে ৷ 77 বছৰীয়া অভিনেতাজনে যুঁজিছে জীৱন-মৃত্যুৰে সৈতে ।
একাধিক ৰোগত আক্ৰান্ত হৈ দীননাথ মংগেশকাৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা গোখালেৰ স্বাস্থ্য সম্পৰ্কত শেহতীয়াকৈ তেখেতৰ কন্যাই জানিবলৈ দিয়া মতে, তেওঁ বৰ্তমানে সংকটজনক অৱস্থাত আছে ৷ লাইফ চাপো’ৰ্ট চিষ্টেমত জীয়াই আছে তেওঁ (Vikram Gokhale health update) ৷ তেখেতৰ কন্যাই লগতে সকলোকে আহ্বান জনাইছে যে, এনেকুৱা কঠিন মুহূৰ্তত উৰা বাতৰি নিবিয়পাই পিতৃৰ স্বাস্থ্যৰ উন্নতিৰ বাবে যাতে সকলোৱে প্ৰাৰ্থনা জনাই ভগৱানৰ ওচৰত ৷
প্ৰাপ্ত খবৰ অনুসৰি, বিগত 15 দিন ধৰি চিকিৎসালয়ত ভৰ্তি হৈ থকা অভিনেতাজনৰ বুধবাৰৰ পৰা স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ পিছতে নানা ধৰণৰ উৰাবাতৰি বিয়পিবলৈ আৰম্ভ কৰে ৷ মৃত্যুৰ বাতৰিয়ে ছ’চিয়েল মিডিয়াত তোলপাৰ লগাবলৈ আৰম্ভ কৰে ৷ বহুতে আনকি অভিনেতাজনক শেষ শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰে ৷ এইসমূহ দেখি পৰিয়ালৰ লোকসকলক মানসিক অশান্তিত ভোগে ৷ অৱশেষত অভিনেতাজনৰ জীয়েকে স্পষ্টীকৰণ দিয়ে যে, ‘দেউতা জীয়াই আছে, আপোনালোকে তেওঁৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওক’ ৷
বিশিষ্ট মাৰাঠী থিয়েটাৰ আৰু চিনেমা জগতৰ অভিনেতা চন্দ্ৰখন্ত গোখালেৰ পুত্ৰ, বিক্ৰম গোখালেই কিছু আগশাৰীৰ বলীউড ছবিত অভিনয় কৰিছে ৷ 1999 চনৰ সঞ্জয় লীলা ভাঞ্চালীৰ ৰোমান্টিক ছবি "হম দিল দে চুকে চনম" ত তেওঁ ঐশ্বৰ্য ৰায় বচ্চনৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰিছিল ৷ 2001 চনৰ হে ৰাম, 2007 চনত ভুল ভুলইয়া ছবিতো অভিনয় কৰিছিল তেওঁ ৷
2010 চনত মাৰাঠী ছবি ‘আঘাত’ত পৰিচালক হিচাপে কাম কৰে তেওঁ ৷ মাৰাঠী ছবি "অনুমতী"ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ শ্ৰেণীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে বিক্ৰম গোখালেই । 2011 চনত থিয়েটাৰত অভিনয়ৰ বাবে সংগীত নাটক একাডেমী বঁটাও লাভ কৰে তেওঁ ।
লগতে পঢ়ক : Why Pankaj Tripathi rejecting offers: পংকজ ত্ৰিপাঠীয়ে কিয় বাৰে বাৰে প্ৰত্যাখ্যান কৰিছে দক্ষিণৰ ছবিৰ অফাৰ ?