চিটাৰা ডেস্ক, 9 জুন: প্ৰভাস আৰু কৃতি সেননৰ আগন্তুক ছবি আদিপুৰুষ সম্প্ৰতি চৰ্চাত ৷ ছবিখনৰ মুক্তিৰ মাজত বাকী আছে ৮-৯ দিন । এই ছবিখন ১৬ জুনত মুক্তি লাভ কৰিব ডাঙৰ পৰ্দাত (Adipurush Movie Ticket) ৷ যাৰ বাবে এডভান্স বুকিং ইতিমধ্যেই আৰম্ভ হৈছে ৷ একে সময়তে বলীউডৰ অভিনেতা ৰণবীৰ কাপুৰকো এই ছবিখনৰ সম্পূৰ্ণ সমৰ্থনত দেখা পোৱা গৈছে ।
আচলতে ৰণবীৰ কাপুৰে এই ছবিখনৰ ১০ হাজাৰ টিকট ক্ৰয় কৰিছে । অভিনেতাগৰাকীয়ে এই টিকটসমূহ দৰিদ্ৰ ল’ৰা-ছোৱালীৰ মাজত বিতৰণ কৰিব ৷ যাতে তেওঁলোকেও ভাৰতৰ গৌৰৱ কাহিনীটো ডাঙৰ পৰ্দাত চাব পাৰে আৰু ইয়াৰ সৈতে পৰিচিত হ’ব পাৰে আৰু ধৰ্মৰ প্ৰতি সচেতন হ’ব পাৰে (Prabhas) ।
উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে এনেকুৱা হৈছে যেতিয়া সমগ্ৰ দেশতে এখন ছবিৰ সন্দৰ্ভত এনে উন্মাদনাৰ সৃষ্টি হৈছে । বাণিজ্য বিশ্লেষক তৰণ আদৰ্শৰ মতে, দৰিদ্ৰ শিশুৰ বাবে ১০ হাজাৰ টিকট ক্ৰয় কৰিছে ৰণবীৰ কাপুৰে। কেৱল ৰণবীৰ কাপুৰেই নহয়, ইয়াৰ পূৰ্বেও দ্য কাশ্মীৰ ফাইলছৰ নিৰ্মাতাসকলেও টিকট ক্ৰয় কৰাৰ কথা ঘোষণা কৰিছিল । এই টিকট বিনামূলীয়াকৈ বিতৰণ কৰিব । বিশেষকৈ তেলেংগানাত এই টিকট বিতৰণ কৰাৰ কথা ঘোষণা কৰিছে (Adipurush Ranbir Kapoor)।
দ্য কাশ্মীৰ ফাইলছৰ প্ৰযোজক অভিষেক আগৰৱালাই আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰি কয় যে ‘আদিপুৰুষ এখন ছবি যিখন ছবি মাত্ৰ এবাৰহে নিৰ্মাণ কৰা হয় (Kriti Sanon)। এনে পৰিস্থিতিত সকলোৱে ইয়াক উদযাপন কৰা উচিত। ভগৱান শ্ৰীৰামৰ প্ৰতি মোৰ ভক্তিৰ বাবেই মই সিদ্ধান্ত লৈছো যে তেলেংগানাৰ চৰকাৰী বিদ্যালয়, অনাথ আশ্ৰম, বৃদ্ধাশ্ৰমলৈ ১০ হাজাৰৰো অধিক টিকট বিনামূলীয়াকৈ বিতৰণ কৰিম ।’
ইয়াৰ সমান্তৰালকৈ আদিপুৰুষৰ নিৰ্মাতাসকলেও শেহতীয়াকৈ কৈছে যে ভগৱান হনুমানৰ বাবে থিয়েটাৰত এখন আসন খালী ৰাখিব । ইয়াৰ উদ্দেশ্য হ’ব হনুমানজীৰ প্ৰতি জনসাধাৰণৰ বিশ্বাস উদযাপন কৰা (Ranbir Kapoor)। ছবিখনৰ নিৰ্মাতাই এক বিবৃতি জাৰি কৰি লিখিছে, ‘য’তেই ৰামায়ণ পাঠ হয় তাতেই ভগৱান হনুমান আবিৰ্ভাৱ হয় । এইটোৱেই আমাৰ বিশ্বাস । এই বিশ্বাসক সন্মান জনাই, ৰামৰ চৰিত্ৰত প্ৰভাস অভিনীত আদিপুৰুষ প্ৰদৰ্শিত হ’ব প্ৰতিখন থিয়েটাৰত । হনুমানৰ বাবে বিশেষভাৱে বিক্ৰী নোহোৱাকৈ ৰখা হ’ব এখন আসন ।’
লগতে পঢ়ক: Adipurush Free Tickets : সঁচাকৈ বিনামূলীয়া হ’ব নেকি আদিপুৰুষৰ টিকট ? ক’ত উপলব্ধ হ’ব এই টিকট ?