ETV Bharat / entertainment

অগ্ৰিম বুকিঙৰ প্ৰথম দিনা কিমান উপাৰ্জন কৰিলে ডাংকি ছবিখনে ?

Dunki First Day Advance Booking: এইবছৰৰ শ্বাহৰুখ খানৰ আটাইতকৈ প্ৰত্যাশিত ছবি হৈছে ডাংকি ৷ ইতিমধ্যেই আৰম্ভ হৈছে ছবিখনৰ অগ্ৰিম বুকিং প্ৰক্ৰিয়া ৷ অগ্ৰিম বুকিঙৰ পৰা ছবিখনে কিমান উপাৰ্জন কৰিলে জানো আহক ৷

Dunki First Day Advance Booking: How much did Dunki earn on the first day of advance bookings?
অগ্ৰিম বুকিঙৰ প্ৰথম দিনাই কিমান কোটি টকা উপাৰ্জন কৰিলে ডাংকিয়ে
author img

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 1:15 PM IST

চিটাৰা ডেস্ক, ১৭ ডিচেম্বৰত: শ্বাহৰুখ খানক অতি সোনকালেই ডাঙৰ পৰ্দাত এই বছৰৰ তৃতীয়খন ছবি ‘ডাংকি’ত দেখা যাব । এই ছবিখন অহা ২১ ডিচেম্বৰত চিনেমাগৃহত মুক্তি পাব, অৰ্থাৎ কিং খানে ‘ডাংকি’ৰ ৰূপত তেওঁৰ অনুৰাগীক বৰদিনৰ উপহাৰ দিবলৈ সাজু হৈছে । ইফালে ছবিখন মুক্তিৰ পূৰ্বে আৰম্ভ হৈছে অগ্ৰিম বুকিং । ইতিমধ্যেই অগ্ৰিম বুকিঙৰ উপাৰ্জন পোহৰলৈ আহিছে ৷

ডাংকিৰ প্ৰথম দিনাৰ অগ্ৰিম বুকিং ৰিপ’ৰ্ট প্ৰকাশ পাইছে, সেই অনুসৰি ছবিখনে প্ৰথম দিনাই ৩৭ হাজাৰৰো অধিক টিকট বিক্ৰী কৰি এক কোটি টকাৰো অধিক ব্যৱসায় কৰিছে । সেকনিল্কৰ প্ৰতিবেদন অনুসৰি, শ্বাহৰুখ খানৰ আগন্তুক ছবিখনে ভাৰতত প্ৰথম দিনাই অগ্ৰিম বুকিঙত বিক্ৰী কৰিছে ৩৭,৬৫২ টা টিকট ৷ ইয়াৰ পৰা ছবিখনে উপাৰ্জন কৰিছে ১.৩৬ কোটি টকা ।

ডাংকি ছবিখনৰ কাহিনী কি ?

ৰাজকুমাৰ হিৰাণীৰ পৰিচালনাত নিৰ্মিত ‘ডাংকি’ চিনেমাখনৰ কাহিনীত এদল বন্ধুৱে আন এখন দেশলৈ যাবলৈ চেষ্টা কৰে । যাৰ বাবে তেওঁলোকে বেআইনী পথ অৱলম্বন কৰে ৷ অৱশ্যে পিচলৈ তেওঁলোকে ঘৰলৈ উভতি যাবলৈ বহুত সংগ্ৰাম কৰিবলগীয়া হয় । ছবিখনত শ্বাহৰুখ খানৰ সৈতে মুখ্য অভিনেত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছে তাপসী পান্নুৱে । ছবিখনৰ তিনিটা গীত ‘লুট-পুট গয়া’, ‘নিকলে থে কভি হম ঘৰ ছে’ আৰু ‘অ মাহী’ মুক্তি লাভ কৰিছে, য’ত শ্বাহৰুখ আৰু তাপসীৰ ৰোমান্টিক কেমিষ্ট্ৰী দেখা পোৱা গৈছে ।

৬ বছৰৰ পিচত কম বাজেটৰে নিৰ্মাণ হৈছে শ্বাহৰুখ খান এই ছবিখন

শ্বাহৰুখ খান আৰু তাপসী পান্নুৰ উপৰিও বিকি কৌশল আৰু বোমন ইৰানীও ‘ডাংকি’ৰ অংশ । ৰেড চিলিজ এণ্টাৰটেইনমেণ্টৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ বাজেট মাত্ৰ ৮৫ ​​কোটি টকা বুলি কোৱা হৈছে । সংবাদ মাধ্যমৰ খবৰ অনুসৰি শ্বাহৰুখ খানে ৬ বছৰৰ পাচত ইমান কম বাজেটৰ ছবিত কাম কৰিছে । ইয়াৰ পূৰ্বে এইবছৰত মুক্তি পোৱা তেওঁৰ দুখন ছবিত ‘পাঠান’ৰ বাজেট আছিল ২৫০ কোটি আৰু ‘জৱান’ৰ বাজেট আছিল ৩০০ কোটি টকা ।

লগতে পঢ়ক: এনিমেলৰ বাম্পাৰ উপাৰ্জন অব্যাহত, ১৬ দিনত ছবিখনে কিমান উপাৰ্জন কৰিলে জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.